নাজিৰা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ উত্থাপন হোৱা ঘটনাক লৈ আমগুৰি অঞ্চলত উত্তেজনাৰ সৃষ্টি হৈছে।
অভিযোগ অনুসৰি, নিৰ্বাচনী প্ৰচাৰ সামৰণি পৰাৰ পাছতো আজি আমগুৰিত দলীয় কৰ্মীৰ সৈতে বৈঠক অনুষ্ঠিত কৰিছিল দেৱব্ৰত শইকীয়াই। পৰাজয়ৰ আশংকাত তেওঁ এক গোপন বৈঠক অনুষ্ঠিত কৰিছিল বুলি অভিযোগ উত্থাপন কৰা হৈছে।
জানিব পৰা মতে, আমগুৰিৰ ঠাকুৰবাৰী বিবাহ ভৱনত কংগ্ৰেছ কৰ্মীসকলৰ সৈতে এই বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকৰ জৰিয়তে নিৰ্বাচনী বিধি উলংঘা কৰি প্ৰচাৰ চলোৱা হৈছিল বুলিও অভিযোগ উত্থাপন হৈছে।
এই ঘটনাৰ খবৰ পোৱাৰ পিছতে শতাধিক বিজেপিৰ কৰ্মীয়ে দেৱব্ৰত শইকীয়াক ঘেৰাও কৰে। ইয়াৰ ফলত কিছু সময়ৰ বাবে এলেকাটোত উত্তেজনাৰ পৰিৱেশ সৃষ্টি হয়।
এই ঘটনাক লৈ স্থানীয় প্ৰশাসনে বিষয়টোত চকু ৰাখিছে আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।
ডিজিটেল ডেস্ক, ৮ এপ্ৰিল