নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯ এপ্ৰিল : আজিৰ দিনটোৰ ৰাশিফল

আজি ৯ এপ্রিল, চ’ত মাহৰ ২৫ তাৰিখ
বৃহস্পতিবাৰ : তিথি–কৃষ্ণা সপ্তমী, নক্ষত্র : মূলা, যাত্রা : শুভ

মেষ : আজি আপোনাৰ মানসিক দিশৰ লগতে সা–সম্পত্তিৰ ক্ষেত্রত থকা বাধা হ্রাস হোৱাৰ সম্ভাৱনা৷ সন্মান লাভৰ কাৰক৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷

বৃষ : আজি আপুনি অলপ সাৱধানে চলক৷ সম্বন্ধীয় ব্যক্তিৰ আগমন হ’লেও সৌজন্য ৰক্ষা কৰি চলক৷ শৰীৰ মধ্যম৷ বিদ্যাত মন দিয়ক৷ শুভ ৰং কমলা, শুভ সংখ্যা ৪।

মিথুন : আজি দিনটোত খুব উন্নত ফল নাপাব৷ বিশেষকৈ দিনৰ ১২ বজালৈ সাৱধানে চলিব৷ কোনো কাম কৰাৰ সময়ত ভাবি–চিন্তি কৰিব৷ ব্যৱসায়ত শুভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷

কর্কট : আজি আপোনাৰ এলাহ ভাব থাকিলেও কর্মত ব্যস্ততা নকমে৷ পৰিয়ালৰ ক্ষেত্রত উন্নতি৷ প্রাপ্য ধন হাতলৈ অহাৰ যোগ৷ বন্ধুৰ পৰা সহায় পাব পাৰে৷ বিদ্যাত মধ্যম৷ দাম্পত্যত মধ্যম৷ শুভ ৰং বগা, শুভ সংখ্যা ৫।

সিংহ : আজি আপোনাৰ বাধা–বিঘিনি কিছু হ্রাস হ’ব পাৰে৷ প্রৱঞ্চকৰ পৰা সাৱধানে থকাটো ভাল৷ ব্যৱসায়ত মধ্যম৷ প্রেমত গতানুগতিক৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ১৷

কন্যা : আজি আপোনাৰ শৰীৰ আৰু পাৰিপার্শ্বিক প্রায় অনুকূল৷ কোনো সম্ভাৱনীয় যোগাযোগত উপকৃত হ’ব৷ কোনো ঠাইত মন্তব্য আগনবঢ়াব৷ দিনটো উৎসাহজনকভাৱেই পাৰ হ’ব৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৬৷

তুলা : আজি আপোনাৰ আর্থিকত বিশেষ সফল নহ’লেও দুশ্চিন্তা নাই৷ ব্যক্তিগত কিছু চেষ্টা কৰিলেও কিছু কর্মত অশান্তি পাব পাৰে৷ বিধিৰ ক্ষেত্রত সাৱধান হ’ব৷ ঘৰুৱা ভালেই৷ শিল্পীৰ আনন্দ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭৷

বৃশ্চিক : আজি আপোনাৰ ব্যয় বৃদ্ধি পাব৷ সামাজিক-ৰাজনৈতিক দিশত কোনোৱে নিজৰ মতৰ সমর্থন পাব৷ বিদ্যাত মন দিয়ক৷ দাম্পত্যত চিন্তা৷ শুভ ৰং – ক্রীম, শুভ সংখ্যা – ৫।

ধনু : আজি দিনটো কিছু আশাপ্রদ, কিন্তু কিছু চিন্তা থাকিব পাৰে৷ মনটো খুব ফৰকাল নহ’ব৷ বিদ্যাত মন দিয়ক৷ সম্পর্কীয় ঘৰৰ মাংগলিক কার্যত যোগদান কৰাৰ সম্ভাৱনা৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৩৷

মকৰ : আজি আপোনাৰ কর্মক্ষেত্রত যোগাযোগ কম হোৱাত কিছু চিন্তা থাকিব পাৰে৷ সৰু–সুৰা ক্লেশে মন আৰু দেহত প্রভাৱ পেলাব পাৰে৷ দাম্পত্যত মধ্যম৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ১।

কুম্ভ : আজি আপোনাৰ অস্থিৰ চিন্তা বর্জন কৰক৷ শৰীৰ, মন আৰু পৰিৱেশ দিনৰ ১২ বজালৈ আশাপূর্ণ নহ’ব পাৰে৷ কোনো কাম বা সাক্ষাত দিনৰ ১২ বজাৰ পিছত কৰিব৷ প্রেমত মধ্যম৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ৪৷

মীন : আজি আপোনাৰ পৰিৱেশ অনুকূল থাকিব৷ বন্ধুৰ পৰা সহানুভূতি পাব৷ নিজৰ উন্নতিৰ চেষ্টাত ভাল অনুভৱ কৰিব৷ সু–বার্তাত সুখী হ’ব৷ দাম্পত্যত মধ্যম৷ শুভ ৰং–হালধীয়া, শুভ সংখ্যা ৩৷

You might also like