নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত টি-২০ ক্ৰিকেটত লক্ষীগঞ্জৰ খিতাপ অৰ্জন

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰী : বিলাসীপাৰাত জয়নাল আবেদিন মেমোৰিয়েল প্ৰাইজমানী টি-২০ ক্ৰিকেট প্ৰতিযোগিতাত ছানৰাইজ ক্লাব, লক্ষীগঞ্জে চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। স্থানীয় ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় জয়নাল আবেদিন মেমৰিয়েল টি-২০ ক্ৰিকেট প্ৰতিযোগিতা । গল্ডেন বিয়াৰ এন জি অ”ৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন আলমগঞ্জ-গেৰামাৰী মডাৰ্ন ক্লাব আৰু ছানৰাইজ ক্লাব, লক্ষীগঞ্জৰ মাজত অনুষ্ঠিত হয়। ছানৰাইজ ক্লাবে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ১৬ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মুঠ ১৫০ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত আলমগঞ্জ-গেৰামাৰী মডাৰ্ন ক্লাবে বেট ধৰি নিৰ্ধাৰিত ১৬ অভাৰত ৮ উইকেট হেৰুৱাই ৯৮ ৰান সংগ্ৰহ কৰি পৰাজয় বৰণ কৰে। খেলৰ অন্তত ডনিল দত্তক প্লেয়াৰ অফ দ্য মেচ, কালাম ৰাজাক ক্ৰমে প্লেয়াৰ অফ দ্য টুৰ্নামেন্ট আৰু বেষ্ট বলাৰ আৰু হিটছ্ গোপাল বেষ্ট ফিল্ডাৰ হিচাপে বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ ১২ দলে অংশগ্ৰহণ কৰে ।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like