কলগাছিয়াত বাল্যবিবাহৰ লগত জড়িত ৩জনক গ্ৰেপ্তাৰ
বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত চৰিয়তপুৰ গাঁৱত একাংশ লোকে এগৰাকী চৈধ্য বছৰীয়া কিশোৰীক গোপনে বলপূৰ্বকভাৱে বাল্যবিবাহ সম্পন্ন কৰি থকা অৱস্থাত কলগাছিয়া আৰক্ষীয়ে গোপন অভিযান চলাই বাল্যবিবাহৰ লগত জড়িত থকা তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰে।
উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলব্যাপী তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে উক্ত বাল্যবিবাহৰ লগত জড়িত থকাৰ অভিযোগত চৰিয়তপুৰ গাঁৱৰ ছামচুল হকৰ পুত্ৰ আৰজ খান, চিৰাং জিলাৰ ছাতিপুৰ গাঁৱৰ ওচমান গনিৰ পুত্ৰ জামাল হুছেইন আৰু হজৰত আলীৰ পুত্ৰ ইনছান আলীক নিশাৰ ভাগত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
কিন্তু দৰা আৰু তেওঁৰ পৰিয়ালৰ আন কেইবাজনো মূল অভিযুক্তই পলায়ন কৰিছে যদিও কিশোৰীগৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
প্ৰাপ্ত অভিযোগ অনুসৰি উক্ত বাল্যবিবাহ বন্ধ কৰিবলৈ যোৱাত আৰক্ষী বাহিনীক বাধা প্ৰদান কৰিছিল পৰিয়ালটোৰ একাংশ লোকে। ফলত ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল।
পিছত ঘটনাস্থলীৰ পৰা বাল্যবিবাহৰ লগত জড়িত থকা তিনি যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও এতিয়ালৈ আন কেইবাগৰাকী মূল অভিযুক্ত পলাতক হৈ আছে। আৰক্ষীক দূৰ্ব্যৱহাৰ কৰা কাৰ্যক স্থানীয় ৰাইজে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে বাল্যবিবাহৰ লগত জড়িত থকা ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ৰাইজে।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৮ ছেপ্টেম্বৰ