নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৮ ছেপ্টেম্বৰ : বিগত প্ৰায় এটা দশকৰ পৰা বিভিন্ন সামগ্ৰীৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি বিপুল জনপ্ৰিয়তা অৰ্জন কৰা ধুবুৰীৰ শিল্পী প্ৰদীপ কুমাৰ ঘোষ এইবাৰো সাজু হৈছে পুনৰ এক আলোড়ন সৃষ্টি কৰিবলৈ। বিগত এসপ্তাহৰ পৰা দিনে-নিশাই অত্যধিক পৰিশ্ৰম কৰি সাজি উলিয়াইছে ম্যাদ উকলা পাপৰেৰে এক আটকধুনীয়া দুৰ্গা প্ৰতিমা। প্ৰায় ১৫ কিলোগ্ৰাম পাপৰেৰে নিৰ্মাণ কৰি থকা দেৱী প্ৰতিমাত এতিয়া অন্তিম পৰশ দিয়াত ব্যস্ত শিল্পীগৰাকী।
উল্লেখ্য যে বিগত ২০২৪ বৰ্ষত প্ৰায় ৮ হাজাৰ বটলৰ প্লাষ্টিকৰ সাঁফৰেৰে ঘোষে নিৰ্মাণ কৰা এক বিশেষ দুৰ্গা প্ৰতিমাই ৰাইজৰ মাজত বিপুল সমাদৰ লাভ কৰিছিল। অসমৰ বঙাইগাঁও আৰু পশ্চিমবংগৰ কোচবিহাৰৰ পূজা মণ্ডপতো প্ৰদৰ্শিত হৈছিল ধুবুৰীৰ এই শিল্পীগৰাকীৰ বিশেষ শৈলীৰ দুৰ্গা প্ৰতিমা। উল্লেখ্য যে যোৱাবাৰৰ দুৰ্গাপূজাত গছৰ শুকান ঠালেৰে নিৰ্মাণ কৰা শিল্পীগৰাকীৰ এক বিশেষ শৈলীৰ দুৰ্গা প্ৰতিমাই বিপুল সমাদৰ লাভ কৰিছিল।
পেছাত গৃহ শিক্ষক প্ৰদীপ কুমাৰ ঘোষে ১৯৯২ চনৰ পৰাই শাক-পাচলি, প্লাষ্টিকৰ পানীৰ বটল, গছৰ শুকান ঠাল আদি বিভিন্ন সামগ্ৰীৰে ভিন্নধৰ্মী দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি দুৰ্গাপূজাত চমক সৃষ্টি কৰি আহিছে। এইবেলি তেওঁ ম্যাদ উকলা পাপৰেৰে নিৰ্মাণ কৰা প্ৰতিমাটো ধুবুৰী চহৰৰ ১নং ৱাৰ্ডৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া সবুজ সংঘৰ পূজা মণ্ডপত প্ৰদৰ্শিত হ’ব বুলি জনাইছে শিল্পীগৰাকীয়ে।