নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছ সাংসদ ধীৰাজ চাহুৰ বাসগৃহত ৩০০ কোটি জব্দ

🔹 চাৰি দিন ধৰি মেচিনেৰে গণি শেষ কৰিব পৰা নাই জব্দকৃত টকা

🔹 ৪০টা ডাঙৰ–সৰু মেচিনেৰে কেইবাডজন বেংকৰ বিষয়াই হিচাপ কৰি আছে টকা

🔹 কংগ্রেছৰ দুর্নীতিক লৈ দেশজুৰি প্রতিবাদ বিজেপিৰ

বিশেষ বাৰ্তা, ৯ ডিচেম্বৰ : টকা গণি গণি ভাগৰি পৰিছে বেংক বিষয়া৷ আনকি টকা গণা মেচিনো গৰম হৈ বিকল হৈ পৰিছে৷ টকা গণাৰ বাবে ইটোৰ পিছত সিটো নতুন মেচিন আনিবলগীয়া হৈছে৷ তথাপি শেষ কৰিব পৰা নাই৷ যোৱা ৬ ডিচেম্বৰৰ পৰা আয়কৰ বিভাগে কংগ্রেছ নেতা, ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ ঝাৰখণ্ড আৰু ওড়িশাৰ বাসগৃহৰ লগতে ব্যৱসায়িক প্রতিষ্ঠানত জব্দ কৰা নগদ টকা গণি গণি শেষ কৰিব পৰা নাই বেংক বিষয়াই৷ আলমিৰা, বস্তাকে ধৰি বিভিন্ন স্থানত ৰখা নগদ টকা আয়কৰ বিভাগে জব্দ কৰাৰ পাছত চাৰি দিন ধৰি এই টকা গণি আছে৷ আয়কৰ বিভগে প্রকাশ কৰা মতে, কংগ্রেছ নেতা চাহুৰ বাসগৃহৰ লগতে ব্যৱসায়িক প্রতিষ্ঠান আৰু তেওঁৰ লগত জড়িত ব্যৱসায়িক প্রতিষ্ঠানত ১০০তকৈ অধিক বিভাগৰ বিষয়া–কর্মচাৰীয়ে অভিযান চলাই ১৭৬ বস্তা টকা জব্দ কৰে৷ সাংসদ চাহুৰ বাসগৃহৰ পৰা আলমিৰাত শাৰী শাৰীকৈ সজাই থোৱা টকাৰ বাণ্ডিল জব্দ কৰাৰ পাছত বেংক বিষয়াৰ জৰিয়তে সেই টকা গণনা কৰি ওড়িশাৰ বেংকত জমা ৰাখিছে৷ আয়কৰ বিভাগে প্রকাশ কৰা মতে, যোৱা ৬ ডিচেম্বৰত বৌদ্ধ ডিষ্ট্রিলেৰী প্রাইভেট লিমিটেড (বিডিপিএল)ৰ লগতে সাংসদ চাহুৰ বাসগৃহ, তেওঁৰ পৰিয়ালৰ লোক বান্তি চাহুৰ বাসগৃহত তালাচী চলাই বৃহৎ পৰিমাণৰ নগদ টকা জব্দ কৰিবলৈ সক্ষম হয়৷ এই জব্দকৃত টকাৰ ৬ ডিচেম্বৰৰ পৰা গণনা আৰম্ভ কৰে আৰু আজিলৈকে ই সমাপ্ত হোৱা নাই৷ ভাগৰি পৰা বেংক বিষয়া আৰু মেচিন বিকল হোৱাৰ বাবেই টকা গণনা লেহেমীয়া হৈ আছে৷ শুকুৰবাৰে সন্ধিয়ালৈ ২২৫ কোটি টকা গণনা কৰাৰ পাছত আজি সন্ধিয়ালৈকে ৩০০ কোটি টকা গণনা কৰিবলৈ সক্ষম হৈছে৷ তথ্য মতে, এতিয়াও বৃহৎ পৰিমাণৰ টকা গণনা কৰিবলৈ বাকী আছে৷ আয়কৰ বিভাগে উদ্ধাৰ কৰা এই নগদ টকাৰ ভিতৰত অধিকাংশই ৫০০ টকীয়া৷ বিডিপিএলৰ উপৰি আয়কৰ বিভাগে বলদেৱ চাহু ইনফ্রা প্রাইভেট লিমিটেড কোম্পানীত অভিযান চলাইছে৷ আটাইকেইটা অভিযানৰ পাছত বিভাগে ১৭৬ বস্তা টকা জব্দ কৰিবলৈ সক্ষম হৈছে৷ এই ধনখিনি আলমিৰাকে ধৰি বিভিন্ন স্থানত সযতনে ৰখা আছিল৷ ৮টা আলমিৰাত সযতনে ৰাখিছিল এই নগদ টকাখিনি৷ ওড়িশাৰ টিটলাগড়, চম্বলপুৰ, সুন্দৰগড় আৰু ভুবনেশ্বৰৰ লগতে ঝাৰখণ্ডৰ ৰুৰকেল্লা আৰু ৰায়াগড়াত আয়কৰ বিভাগে অভিযান চলাইছে৷ এই অভিযানৰ এতিয়াও সামৰণি পৰা নাই৷ প্রতিদিনেই নতুন নতুন তথ্য পোহৰলৈ আহি আছে৷ উল্লেখ্য যে ধীৰাজ চাহু ৰাজ্যসভাৰ তিনিবাৰকৈ সদস্য হৈছে ৷ তেওঁ শক্তি, নতুন আৰু নৱীকৰণ শক্তি মন্ত্রালয়ৰ কনছালটেটিভ সমিতিৰ সদস্যও৷ কংগ্রেছ নেতা চাহুৰ অনেক ব্যৱসায় আছে৷ ইয়াৰে ভিতৰত দেশীয় সুৰা প্রস্তুত আৰু বিক্রীৰ কাৰখানাও আছে৷ তদুপৰি আতিথ্য-আপ্যায়ন স্থান, পৰিবহণ, মৎস্য উৎপাদনকে ধৰি বহুতো ব্যৱসায় আছে৷ এই ব্যৱসায়িক প্রতিষ্ঠানসমূহৰ বিশেষকৈ সুৰা ব্যৱসায়ত নগদ টকাৰ লেনদেন হয়৷ ওড়িশা, ঝাৰখণ্ডৰ উপৰি পশ্চিমবংগৰো কেইবাটাও স্থানত এই সন্দর্ভত আয়কৰ বিভাগে অভিযান চলাইছে৷ আনপিনে, কংগ্রেছ সাংসদৰ বাসগৃহ আৰু ব্যৱসায়িক প্রতিষ্ঠানত কোটি কোটি টকা আয়কৰ বিভাগে জব্দ কৰাক লৈ শাসকীয় বিজেপি সৰৱ হৈ পৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কালি এক কার্যসূচীত কংগ্রেছ নেতাৰ পৰা ২০০ কোটি টকা উদ্ধাৰৰ ঘটনাক কঠোৰ ভাষাৰে সমালোচনা কৰি ৰাইজৰ পৰা লুণ্ঠিত এনে ধন হিচাপ কৰা হ’ব বুলি সকীয়নি দিয়ে৷ ইপিনে, আজি কংগ্রেছ সাংসদৰ বাসগৃহৰ পৰা শ শ কোটি নগদ ধন জব্দ কৰা বিষয়টোক লৈ কংগ্রেছক আক্রমণৰ লক্ষ্য কৰি লৈছে বিজেপিয়ে৷ আজি দেশজুৰি দুর্নীতিৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছে বিজেপিয়ে৷ কংগ্রেছে দুর্নীতিৰ দোকান খোলা বুলি শ্ল’গান দি সমগ্র দেশত ঠায়ে ঠায়ে বিজেপিয়ে প্রতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তোলে৷

You might also like