নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগীনদীত ভয়ংকৰ পথ দুৰ্ঘটনাত তিনি চফল যুৱকৰ প্ৰাণহানি

বন্ধুৰ বাৰ্থডে’ পাৰ্টীলৈ গৈ ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ শোকাৱহভাৱে মৃত্যু হৈছে বগীনদীৰ তিনি চফল যুৱকৰ। বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বগীনদী ভেটেৰনেৰীৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কালি নিশা প্ৰায় ৮ বজাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

ঘটনাস্থলীতে থিতাতে মৃত্যু হোৱা যুৱককেইজন হৈছে বগীনদী গাগলডুবি বিহদিয়াৰ মোহন পায়েঙৰ পুত্ৰ গণেশ ওৰফে ভাইটি পায়েং (২০), বগীনদী মাজগাঁৱৰ বলীন চুংক্ৰাঙৰ পুত্ৰ ৰিংকু চুংক্ৰাং (২০) আৰু ভীমপৰা গৰৈমাৰী বৈকুণ্ঠপুৰৰ হেমন্ত পাদীৰ পুত্ৰ ডম্বু পাদী (২০) বুলি জানিব পৰা গৈছে। ইয়াৰে ডম্বু পাদীৰ ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাত আজি মৃত্যু হয় বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণী মতে, বগীনদীৰ সেউজ ক্ষেত্ৰ চয়েলত বন্ধুৱে আয়োজন কৰা বাৰ্থডে’ পাৰ্টী খাবলৈ এ এঠ-০৭ এএ-৭৮২২ নম্বৰৰ বাইকেৰে পদুমণি দিশৰ পৰা অহা বাইক আৰোহী এই তিনিজন যুৱকৰ বাইকখন ভেটেৰনেৰীৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কেঁকুৰিত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা পকী খুঁটাত প্ৰচণ্ড জোৰে খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাত থিতাতে দুজন যুৱক নিহত হোৱাৰ উপৰি গুৰুতৰভাৱে আহত আনজন যুৱকক চিকিৎসাৰ বাবে কালিয়ে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰি আন দুজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে বগীনদী আৰক্ষীয়ে।

নিয়মীয়া বাৰ্তা, বগীনদী, ১১ জানুৱাৰী :

You might also like