নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মা, মাটিক যদি ভাল পায় তেন্তে অসমক নতুন ৰূপেৰে সজাওক’

তিনিচুকীয়াত উদগনি–সকাহ আঁচনিৰ হিতাধিকাৰীলৈ চেক বিতৰণ

নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ অসমত আমি কাম কৰাৰ মানসিকতা সৃষ্টি কৰিব লাগিব৷ এই মানসিকতাই আমাৰ অসমখনক বহু ওপৰলৈ লৈ যাব৷ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ প্রতিগৰাকী লোকক আত্মনির্ভৰশীল হ’বলৈ আহ্বান জনাই শুকুৰবাৰে মুখ্যমন্ত্রীগৰাকীয়ে কয়– পৰিৱর্তিত সময়ে আনি দিয়া নতুন পৰিৱেশৰ সুযোগ লৈ আমি এখন নতুন অসম নির্মাণ কৰিব লাগিব৷ আজি অসমত যদি কিবা প্রয়োজনীয়তা আছে, সেয়া হৈছে কর্মসংস্কৃতি৷ অসমত আমি কাম কৰাৰ মানসিকতা গঢ় দিব লাগিব৷ যেতিয়াই আমি কাম কৰাৰ মানসিকতা গঢ় দিব পাৰিম তেতিয়াই আমাৰ অসমখন বর্তমান অৱস্থাৰ পৰা বহুদূৰ আগুৱাই যাব৷ অতি পৰিতাপৰ বিষয় যে আমাৰ কণী, চাউল আহে বহিঃৰাজ্যৰ পৰা৷ আনকি আমাৰ গামোচাখনো আন ৰাজ্যৰ পৰা আহে৷ প্রতিখন ঘৰত যদি কণী, কুকুৰা আৰু গাহৰি পোৱালি উৎপাদন হয়, তেন্তে আমাৰ ঘৰুৱা উৎপাদন বৃদ্ধি হোৱাই নহয়, বহিঃৰাজ্যলৈ যোৱা ধন ৰাহি কৰিব পাৰিম৷ এইক্ষেত্রত ৰাজ্যৰ মহিলা সমাজে বিশেষ ভূমিকা গ্রহণ কৰি নিজে উৎপাদনৰ কামত নামি পৰাৰ লগতে আনকো যদি কর্মৰ প্রতি উৎসাহিত কৰাত পদক্ষেপ গ্রহণ কৰে, তেন্তে এটা কর্মমুখী জাতি গঢ়ি তুলিব পৰা যাব৷ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গীতৰ উদ্ধৃতিৰে মুখ্যমন্ত্রীয়ে কয়– অসমৰ দৰে এখন ৰাজ্য স্বাধীনতাৰ ৭৫ বছৰ পাছতো যদি আত্মনির্ভৰশীল হ’ব নোৱাৰে, তেনেহ’লে বিশ্বই আমাক হাঁহিব৷

অহা ১০ বছৰত যদি আমি ৰাজ্যখনত এটা কর্মসংস্কৃতিৰ আন্দোলন গঢ়ি তুলিব পাৰোঁ, তেতিয়া ৰাজ্যখনে বিকাশ আৰু প্রগতিত নতুন শিখৰ চুবলৈ সক্ষম হ’ব৷ কর্মসংস্কৃতিৰে বলিয়ান জাতি এটা গঠনৰ বাবে আত্ম উৎসর্গাৰে কাম কৰি যাব লাগিব৷ উল্লেখ্য যে আজি মাইক্র’ ফাইনেঞ্চ সংস্থাসমূহৰ পৰা ক্ষুদ্র ঋণ গ্রহণ কৰা মহিলাসকলক উদগনি আৰু সকাহ দানৰ ক্ষেত্রত নির্বাচনী প্রতিশ্রুতি পূৰণৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই তিনিচুকীয়াৰ জানমুখ খেলপথাৰত আয়োজিত এক কার্যসূচীত অসম মাইক্র’ ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনি ২০২১ৰ অধীনত জিলাখনত হিতাধিকাৰীসকলক ধনৰাশিৰ চেক আনুষ্ঠানিকভাৱে প্রদান কৰে৷ তিনিচুকীয়া জিলাত আজি সর্বমুঠ পাঁচগৰাকী প্রথম শ্রেণী (নিয়মীয়া পৰিশোধকাৰী)ৰ হিতাধিকাৰীয়ে এই আঁচনিৰ অধীনত চেক লাভ কৰিবলৈ সক্ষম হৈছে৷ জিলাখনত প্রথম পর্যায়ত সর্বমুঠ ২২,৬৭৪গৰাকী হিতাধিকাৰীয়ে এই আঁচনিৰ অধীনত সকাহ লাভ কৰিব৷ প্রথম শ্রেণীৰ ঋণীক ২৫ হাজাৰ টকা অথবা মুঠ অনাদায় ঋণৰ যিটো কম সেই পৰিমাণৰ উদগনিমূলক সাহায্য চেকৰ জৰিয়তে প্রদান কৰাৰ পদক্ষেপ লোৱা হৈছে৷ এই অনুষ্ঠানৰ সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয়– কর্মসংস্কৃতিৰ মানসিকতাৰে এখন স্বনির্ভৰশীল অসম গঢ়ি ৰাজ্যখনক আগুৱাই নি দেশৰ শ্রেষ্ঠ ৰাজ্যসমূহৰ ভিতৰত এখন কৰিব লাগিব আমি৷ আগন্তুক পাঁচ বছৰত এই চৰকাৰখনে অসমক দুর্নীতিমুক্ত কৰিবলৈ দৃঢ়প্রতিজ্ঞ হৈ আছে৷ গাড়ীৰ অনুজ্ঞাপত্র, ট্রেড লাইচেঞ্চ, নিয়োগ কেন্দ্রৰ কার্ডৰ পৰা জাতিৰ প্রমাণপত্রৰ সকলো ব্যৱস্থাই অনলাইন কৰা হৈছে৷ দুর্নীতি তথা দালালমুক্ত এখন অসম গঢ়াৰ উদ্দেশ্যে অতিশীঘ্রে এই সকলো ব্যৱস্থা কার্যকৰী হ’ব৷ মা আৰু মাটিক যদি ভাল পায়, তেন্তে অসমখনক নতুন ৰূপেৰে সজাব লাগিব৷

আনহাতে, চান্দা সংস্কৃতি পৰিহাৰ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্রীয়ে এই বুলি প্রশ্ণ তোলে– অনা–সমীয়া ব্যৱসায়ীৰ পৰা চান্দা লৈ জয় আই অসম কোৱাটো কেনেধৰণৰ সংস্কৃতি? চান্দা অবিহনে বিহু পতাৰ ক্ষমতা নাই নেকি অসমীয়াৰ? আজি কর্মবিমুখ হৈ শ্লোগান দিয়া অসমীয়াৰ স্বাভিমান গামোচাখন বাহিৰৰ পৰা আহে৷ মাৰোৱাৰীৰ পৰা টকা লৈ বিহু পতাতকৈ তেওঁলোককে ক’ব লাগে যে আপোনালোকে এখন ধুনীয়া বিহু পাতক৷ জ্যোতিপ্রসাদৰ শিল্পী দিৱস আমি বেলেগৰ চান্দাৰে কিয় অনুষ্ঠিত কৰিব লাগে? বিষ্ণু ৰাভা দিৱসৰ চান্দা আমি কিয় ল’ব লাগে? আমি নিজৰ টকাৰে এই দিৱস পাতিম৷ সৰুকৈ পাতিম, কিন্তু আমি গর্বৰে ক’ম এয়া আমাৰ অনুষ্ঠান৷

উল্লেখ্য যে তিনিচুকীয়া জিলাৰ উপৰি হোজাই, দৰং, নলবাৰী, লখিমপুৰ, কৰিমগঞ্জ, নগাঁও, মৰিগাঁও, গোৱালপাৰা, হাইলাকান্দি আৰু বৰপেটা জিলাত আজিৰে পৰা মাইক্র’ ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনিৰ অধীনত চেক প্রদানৰ কার্যসূচী অনুষ্ঠিত কৰা হৈছে৷ প্রথম পর্যায়ত বিগত বর্ষৰ ২৮ নৱেম্বৰত শোণিতপুৰ জিলাত এই আঁচনিখন শুভাৰম্ভ কৰা হৈছিল৷ মুখ্যমন্ত্রী ড০ শর্মাই শুকুৰবাৰে উল্লেখ কৰে যে ৰাজ্যখনৰ অৱশিষ্ট জিলাসমূহৰ হিতাধিকাৰীসকলক অহা মার্চ মাহত সাহায্যৰ ধনৰাশিৰ চেক প্রদান কৰা হ’ব৷ এই অনুষ্ঠানত তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্রী তথা কৃষিমন্ত্রী অতুল বৰা, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রী যোগেন মহন, শ্রম মন্ত্রী সঞ্জয় কিষাণ, বিধায়ক বলীন চেতিয়া, ভাস্কৰ শর্মা, সুৰেন ফুকন, ৰূপেশ গোৱালা, পোণাকণ বৰুৱা, সুশান্ত বৰগোহাঁই, তৰংগ গগৈৰ উপৰি কেইবাজনো প্রশাসনিক শীর্ষ বিষয়া উপস্থিত থাকে৷ ইয়াৰ পূর্বে মুখ্যমন্ত্রীয়ে আজি চাবুৱাৰ ঐতিহ্যমণ্ডিত শ্রীশ্রী মায়ামৰা দিনজয় সত্রত উপস্থিত হৈ প্রয়াত সত্রাধিকাৰ তথা সাংস্কৃতিক সাধক, বিশিষ্ট শিক্ষাবিদ যোগাদানন্দ গোস্বামীৰ প্রতি গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ আনহাতে, মুখ্যমন্ত্রীয়ে আজি ডুমডুমাৰ দহোটীয়া গাঁওস্থিত দিচাম দেৱ সত্রলৈ গৈ সেৱা আগবঢ়ায়৷ সত্রখনৰ ভকত, আইমাতৃসকলৰ সৈতে কিছুসময় অতিবাহিত কৰাৰ লগতে ৰাজ্যৰ শান্তি–সমৃদ্ধিৰ বাবে আশিস লয়৷

You might also like