নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি বিদ্যাৰ অধিষ্ঠাত্রী দেৱী সৰস্বতী পূজা

নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ আজি বিদ্যাৰ অধিষ্ঠাত্রী দেৱী সৰস্বতীৰ বন্দনাৰে মুখৰ হ’ব ৰাজ্য৷ শিক্ষানুষ্ঠানে শিক্ষানুষ্ঠানে বাগ্দেৱীৰ শ্রীচৰণত পূজা–র্চনাৰ বাবে আৰম্ভ হৈছে প্রস্তুতি৷ ক’ভিড পৰিস্থিতিৰ মাজেৰেই ৰাজ্যৰ ভিন্ন প্রান্তত আয়োজন কৰা হৈছে সৰস্বতী পূজা৷ এই উপলক্ষে বজাৰত উপলব্ধ হৈছে সৰস্বতীৰ মৃণ্ময় মূর্তিৰ লগতে পূজা–র্চনাৰ বিভিন্ন সামগ্রী৷ বিভিন্ন আকাৰৰ মৃণ্ময় মূর্তিৰে ভৰিছে বজাৰ৷ নূন্যতম ৩০০ টকাৰ পৰা তিনি হাজাৰ টকা পর্যন্ত দাম নির্ধাৰণ কৰা হৈছে এই মৃণ্ময় মূর্তিসমূহৰ৷ তদুপৰি কলগছ, বেলপাত, পদুম ফুল, দূৱৰি, নাৰিকল আদিও বজাৰত উপলব্ধ হৈছে৷ পঞ্জিকা অনুসৰি প্রাতঃঘ ৬৷৫৮৷৫৬ যোৱাত আৰম্ভ হ’ব শ্রীশ্রীলক্ষ্মী–সৰস্বতী পূজা৷

উল্লেখ্য যে প্রতিবছৰে ৰাজ্যৰ বিভিন্ন প্রান্তৰ শিক্ষানুষ্ঠানসমূহত সৰস্বতী পূজাৰ বাবে ব্যাপক আয়োজন পৰিলক্ষিত হয়৷ ক’ভিড পৰিস্থিতিৰ বাবে পূর্বৰ দৰে নহ’লেও যথাবিহিত নীতি–নিয়ম অনুসৰি পূজাৰ আয়োজন কৰা হৈছে৷ ৰাজ্যত অষ্টম শ্রেণী পর্যন্ত বর্তমানেও বন্ধ হৈ আছে পাঠদান৷ নৱম শ্রেণীৰ পৰা পাঠদান অব্যাহত আছে যদিও বহু শিক্ষা প্রতিষ্ঠানে অনলাইন মাধ্যমৰ জৰিয়তে অব্যাহত ৰাখিছে শ্রেণীসমূহ৷ সেয়েহে বিদ্যালয়, মহাবিদ্যালয়সমূহত্ ছাত্র–ছাত্রীৰ উপস্থিতি যথেষ্ট সেৰেঙা হোৱা পৰিলক্ষিত হৈ আহিছে৷ এনে সময়তে সৰস্বতী পূজাৰ বাবেও পূর্বৰ তুলনাত শিক্ষার্থীৰ মাজত ম্লান পৰা পৰিলক্ষিত হৈছে উৎসাহ৷ সমান্তৰালভাৱে নেৰানেপেৰা বৰষুণ আৰু প্রচণ্ড শীতেও বিধি–পথালি দিছে সৰস্বতী পূজাৰ আয়োজনত৷ কাইলৈও বৰষুণ হোৱাৰ সম্ভাৱনা ইতিমধ্যে প্রকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্রই৷

You might also like