নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বান পৰিস্থিতিৰ খবৰ ল’লে প্রধানমন্ত্রী, কেন্দ্রীয় গৃহমন্ত্রীয়ে

নিয়মীয়া বাৰ্তা, ২১ জুন: বানে কালান্তক ৰূপ লৈ ৰাজ্যত সৃষ্টি কৰা বিভীষিকাৰ ফলত সর্বস্বান্ত হৈ পৰিছে সাধাৰণ ৰাইজ৷ কার্বি আংলং জিলাৰ বাহিৰে প্রায় আটাইকেইখন জিলাতে চলিছে বানৰ তাণ্ডৱ৷ চকুৰ সন্মুখতে ঘৰ–বাৰী উটি যোৱাৰ ফলত বানাক্রান্তৰ এতিয়া আশ্রয়স্থল হৈছে শিবিৰসমূহ৷ অসমে সন্মুখীন হোৱা এই ভয়াৱহ প্রাকৃতিক দুর্যোগৰ পৰা পৰিত্রাণ দিবলৈ কেন্দ্রীয় চৰকাৰে আগবঢ়াইছে সহায়ৰ হাত৷

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ইতিমধ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ ফোনযোগে বান পৰিস্থিতিৰ তথ্য লোৱাৰ লগতে সকলো ধৰণৰ সহায়ৰ হাত আগবঢ়াবলৈ সাজু বুলি অৱগত কৰিছে৷ আনকি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও মুখ্যমন্ত্রী ড০ শর্মালৈ দ্বিতীয়বাৰলৈ ফোন কৰি ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ খবৰ লোৱাৰ লগতে কেন্দ্রীয় চৰকাৰে অচিৰেই ৰাজ্যৰ ক্ষয়–ক্ষতিৰ বুজ ল’বলৈ এটা দল প্রেৰণ কৰিব বুলিও অৱগত কৰে৷

You might also like