নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ত আক্রান্তঃ আইচিইউত ভর্তি আর্চাৰ জয়ন্ত তালুকদাৰ

নিয়মীয়া বাৰ্তা, ৪ মেঃ ক’ভিড–১৯ত আক্রান্ত হোৱাত আই চি ইউত ভর্তি কৰিবলগীয়া হ’ল ভাৰত তথা অসমৰ তাৰকা আর্চাৰ জয়ন্ত তালুকদাৰক৷ চাৰি দিন পূর্বে ক’ভিড পজিটিভ হৈ কালাপাহাৰস্থিত ক’ভিড হাস্পতালত চিকিৎসাধীন হৈ থকা অসমৰ তাৰকা আর্চাৰ জয়ন্ত তালুকদাৰৰ যোৱানিশা অক্সিজেনৰ মাত্রা হঠাতে কমি যায়৷ খেলুৱৈগৰাকীৰ অৱস্থা গুৰুতৰ হোৱাত আজি জয়ন্ত তালুকদাৰক আই চি ইউত ভর্তি কৰোৱা হয়৷

মন কৰিবলগীয়া যে দেওবাৰে খেলুৱৈগৰাকীৰ অক্সিজেনৰ মাত্রা ৯০লৈকে হ্রাস পাইছিল৷ বর্তমানেও স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই ২০১২ চনৰ লণ্ডন অলিম্পিকত ভাৰতীয় দলটোক প্রতিনিধিত্ব কৰা জয়ন্ত তালুকদাৰৰ৷ আর্চাৰগৰাকীক এতিয়াও অক্সিজেন দি থকা হৈছে৷

উল্লেখ্য যে ২০০৬ চনৰ ডোহা আৰু ২০১০ চনৰ গুৱাংঝু এছিয়ান গেমছৰ ব্রঞ্জৰ পদক জয়ী ভাৰতীয় দলটোৰ সদস্য জয়ন্ত তালুকদাৰ অচিৰেই সুস্থ হৈ উঠাৰ কামনা কৰিছে ৰাজ্যৰ ক্রীড়ানুৰাগীয়ে৷

You might also like