২০২৬ত পুনৰ হ’ব পাৰে ভাৰত–পাক যুদ্ধ! মার্কিন পর্যবেক্ষণকাৰী সংস্থাৰ পূর্বাভাস
আগন্তুক ২০২৬ বর্ষত হ’ব পাৰে অপাৰেচন সিন্দূৰ–২.০৷ এনে এটা পূর্বভাস দিছে মার্কিন বিদেশ নীতি সম্পর্কীয় পর্যবেক্ষণকাৰী সংস্থা (থিংক টেংক) ‘কাউন্সিল অন ফ’ৰেইন ৰিলেচনছ’ চমুকৈ চিএফআৰে৷ সংস্থাটোৰ ফালৰ পৰা শেহতীয়াকৈ প্রকাশ কৰা এখন প্রতিবেদনত কোৱা হৈছে যে কাশ্মীৰত সন্ত্রাসবাদী আক্রমণৰ বাবেই ২০২৬ বর্ষতো পুনৰ সংঘর্ষ হ’ব পাৰে ভাৰত আৰু পাকিস্তানৰ সেনাৰ মাজত৷
‘কনফ্লিক্টট্ছ টু ৱাশ্ব ইন–২০২৬’ (২০২৬ বর্ষৰ সংঘাতৰ ওপৰত দৃষ্টিপাত) শীর্ষক প্রতিবেদনখনত কোৱা হৈছে যে কাশ্মীৰত সন্ত্রাসবাদী আক্রমণ সংঘটিত হোৱাৰ ফলত দক্ষিণ এছিয়াৰ দুই পাৰমানৱিক শক্তিধৰ ৰাষ্ট্রৰ মাজত সংঘাত সৃষ্টি হোৱাৰ ‘মধ্যমীয়া সম্ভাৱনা’ আছে৷
উল্লেখ্য যে চলিত বছৰৰ মাজভাগত অপাৰেচন সিন্দূৰৰ জৰিয়তে পাকিস্তানক বিধ্বস্ত কৰিছিল ভাৰতে৷ অপাৰেচন সিন্দূৰৰ দ্বাৰা পাকিস্তানৰ অন্ততঃ ১১টা বায়ু সেনাৰ ঘাটি বিধ্বস্ত কৰে৷ ভাৰতীয় সেনাৰ এই অভিযানত নিহত হয় শতাধিক সন্ত্রাসবাদী আৰু ৩৫–৪০জন পাক সেনা৷ পিছলৈ ইছলামাবাদৰ অনুৰোধত যুদ্ধ বিৰতি মানি লয় নতুন দিল্লীয়ে৷
সেই সময়ত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঘোষণা কৰিছিল যে এই যুদ্ধ বিৰতি মানি লোৱাৰ অর্থ যুদ্ধ শেষ হোৱা নহয়, অপাৰেচন সিন্দূৰ অব্যাহত থাকিব৷ যোৱা মাহত লালকিল্লাৰ ওচৰত হোৱা কাৰবোমা বিস্ফোৰণৰ পিছতো অপাৰেচন সিন্দূৰ–২ৰ সাৱধানবাণী শুনাইছিল ভাৰতৰ সেনাপ্রধান উপেন্দ্র দ্বিবেদীয়ে৷
এই সন্দর্ভত তেওঁ কয়– ‘অপাৰেচন সিন্দূৰ–১ৰ পৰা লাভ কৰা শিক্ষাই আমাক শক্তিশালী কৰিছে, যি অভিজ্ঞতা অপাৰেচন সিন্দূৰ– ২ত ব্যৱহাৰ কৰিব সেনাই৷’ এনে এটা পৰিস্থিতিতে প্রকাশ পাইছে শীর্ষস্থানীয় মার্কিন সামৰিক তথা বিদেশ নীতি বিশেষজ্ঞক লৈ গঠিত চিএফআৰৰ প্রতিবেদন৷
শেহতীয়াকৈ ভাৰতেও অপাৰেচন সিন্দূৰ–২.০ৰ কথা প্রকাশ কৰিছে৷ পশ্চিমাঞ্চলীয় সেনাৰ লেফটেনেণ্ট জেনেৰেল মনোজ কুমাৰ কাটিয়াৰে এই মন্তব্য কৰাৰ পিছত থৰহৰি কম্পমান হৈছে পাক সেনা৷ পাক অধিকৃত কাশ্মীৰত সমগ্র নিয়ন্ত্রণৰেখাজুৰি নিৰাপত্তা বৃদ্ধি কৰিছে পাকিস্তানী সেনাই৷ অপাৰেচন–২.০ক লৈ পাকিস্তানী সেনা বাহিনীৰ মাজত বৃদ্ধি পোৱা উদ্বেগৰ মাজতেই চোৰাংচোৱাৰ তথ্যত প্রকাশ পোৱা মতে ৰাৱালকোট, কোটলি আৰু ভীম্বৰ ছেক্টৰত কাউণ্টাৰ–আনমেন্ড এৰিয়েল ছিষ্টেম (চিইউএএছ) নতুনকৈ স্থাপন কৰিছে পাকিস্তানে৷ নিয়ন্ত্রণৰেখাৰ সমান্তৰালভাৱে ৩০টাৰো অধিক এণ্টিড্রোন ইউনিট মোতায়েন কৰিছে পাকিস্তানে৷
ডিজিটেল ডেস্ক, ৩১ ডিচেম্বৰ