নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেমেকা–উছাহহীন পৰিৱেশৰ মাজেৰে আজি মহানৱমী

নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰঃ শৰৎ মানেই উছৱৰ আয়োজন– অকাল বোধনেৰে মহিষমর্দিনী দেৱী দুর্গাৰ আৰাধনা৷ পিছে এইবাৰ আয়োজন সম্পূর্ণ ব্যতিক্রম৷

বিশ্বজুৰি ত্রাস সৃষ্টি কৰা ক’ৰোনা মহামাৰীয়ে এইবাৰ সলনি কৰিলে শাৰদীয় দুর্গোৎসৱৰ পূজাথলীসমূহৰ চেহেৰাও৷ ৰঙীন আলোকসজ্জা, আকর্ষণীয় মণ্ডপ, ভক্তৰ ব্যাপক আগমনৰ দলদোপ–হেন্দোলদোপ হৈ থকা পূজাথলীসমূহত বিৰাজ কৰিছে নিমাওমাও পৰিৱেশ৷

ইপিনে, সেমেকা–উছাহহীন পৰিৱেশৰ মাজেৰে আজি পালন কৰা হ’ব মহানৱমী৷

ৰাজ্যৰ শতাধিক প্রাচীন তথা ঐতিহ্যমণ্ডিত শক্তিপীঠত সম্পূর্ণ আধ্যাত্মিক পৰিৱেশত পৰম্পৰাগতভাৱে প্রতিটো বছৰতেই চলি আহিছে শাৰদীয় দুর্গাপূজা৷ কিন্তু চলিত বর্ষত ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে পূজাৰ আড়ম্বৰপূর্ণ আয়োজন স্তিমিত হৈ পৰিছে৷ চৰকাৰৰ নির্দেশ মানি ক’ভিড প্রট’কলৰ মাজত পৰম্পৰা ৰক্ষাৰে আয়োজন কৰা হৈছে পূজাৰ৷

You might also like