নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিকিম LAC-ত সেনাৰ সৈতে এইবাৰ দশেৰা পালন কৰিব ৰাজনাথ সিঙে

নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰঃ দেশৰ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে দুদিনীয়া ভ্ৰমণ সূচীৰে পশ্চিম বংগত উপস্থিত হৈছে। শনিবাৰে প্রতিৰক্ষামন্ত্রীগৰাকীয়ে টুইট কৰি জনায়, দার্জিলিং যোৱাৰ কথা। এই দুদিনীয়া ভ্ৰমণত মন্ত্ৰীগৰাকীয়ে পশ্চিমবংগ আৰু ছিকিমলৈ যাত্ৰা কৰিব।

লগতে জনা গৈছে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে সীমান্ত পৰিদৰ্শন কৰি বর্ডাৰ ৰোড অৰগানাইজেশ্যনে(BRO) তৈয়াৰ কৰা এটা পথ উদ্বোধন কৰিব।

ইয়াৰোপৰি প্রতিৰক্ষা মন্ত্রীগৰাকীৰ ফালৰ পৰা এক বিবৃতিত জনোৱা হৈছে, ছিকিমৰ ভাৰত-চীন সীমান্ত অঞ্চলত এইবাৰ সেনা জোৱানৰ সৈতে দশেৰা পালন কৰিব ৰাজনাথ সিঙে। দশেৰাৰ দিনাই সেনাৰ সৈতে অস্ত্রপূজাতো অংশ ল’ব মন্ত্ৰীগৰাকীয়ে।

আনহাতে আজি পুৱাই মন্ত্ৰীগৰাকী দাৰ্জিলিঙৰ সুকনা যুদ্ধ স্মৃতিসৌধত উপস্থিত হৈ শ্ৰদ্ধা নিবেদন কৰে।

You might also like