নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিনেমুক ৰাজ্যৰ ‘জাতীয় ফল’ৰ মৰ্যাদা : ঘোষণা মন্ত্ৰী অতুল বৰাৰ

বিশেষ বাৰ্তা, ১৩ ফেব্ৰুৱাৰী : ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বজাৰত বিশেষভাৱে সমাদৃত ঔষধি গুণসম্পন্ন অসমৰ কাজিনেমুৱে ৰাজ্যৰ ‘জাতীয় ফল’ৰ মৰ্যাদা লাভ কৰিলে। এই সিদ্ধান্তৰ বিষয়ে আজি অসম বিধানসভাৰ মজিয়াত ঘোষণা কৰে কৃষিমন্ত্ৰী অতুল বৰাই। মন্ত্ৰীগৰাকীয়ে কয়- কালি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হৈ যোৱা অসম কেবিনেটত গ্ৰহণ কৰা এই সিদ্ধান্তৰ বিষয়ে আজি অসম বিধানসভাৰ পৱিত্ৰ সদনত ঘোষণা কৰি অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ। কাজিনেমু অসমৰ পৰম্পৰা, সংস্কৃতি আৰু ঐতিহ্যৰ বাহক। অসমৰ বাহিৰে ক’তো নোপোৱা জিআই টেগবিশিষ্ট কাজিনেমু গামোচাৰ দৰেই আমাৰ স্বকীয় পৰম্পৰা আৰু স্বাভিমানৰ প্ৰতীক। সেয়েহে এই টেঙাজাতীয় ফলবিধক জাতীয় ফল হিচাপে ঘোষণা কৰাৰ খবৰে ৰাজ্যখনৰ কৃষক তথা কৃষিখণ্ডৰে জড়িত সকলোকে নিশ্চিতভাৱে আনন্দিত আৰু গৌৰৱান্বিত কৰিব। তদুপৰি এই অভিনৱ পদক্ষেপে স্বাস্থ্যৰ বাবে অতি উপকাৰী কাজিনেমুৰ প্ৰতি দেশ-বিদেশৰ ক্ৰেতা, উদ্যোগীৰ গুৰুত্ব বহুখিনি বৃদ্ধি কৰিব আৰু আমাৰ ৰাজ্যখনত সংসাধিত কৃষি-উদ্যোগ স্থাপনৰ লগতে বাণিজ্যিক দিশতো যথেষ্ট লাভৱান কৰিব বুলি আমি দৃঢ় বিশ্বাসী।

You might also like