নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩ ৰাজহুৱা প্রতিষ্ঠানক গতাব ব্যক্তিগত খণ্ডক

নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ  দেশৰ চৰকাৰী বিমান পৰিবহণ সেৱা এয়াৰ ইণ্ডিয়াক ১৮,০০০ কোটি টকাত টাটা গ্রুপক বিক্রী কৰাৰ প্রতিক্রিয়া মাৰ নৌযাওঁতেই তিনিটাকৈ ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান ব্যক্তিগতকৰণৰ দিশে আগবাঢ়িছে কেন্দ্র৷ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে আগন্তুক ২০২২–২৩ বিত্তীয় বর্ষৰ বাজেট দাখিল কৰাৰ পাছতে এই হঠকাৰী সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ সিদ্ধান্ত অনুসৰি আগন্তুক বিত্তীয় বর্ষৰ ভিতৰতে কেন্দ্রীয় বন্দৰ–জাহাজ–জলপ্ মন্ত্রালয়ৰ অধীনস্থ শ্বীপিং কর্প’ৰেচন অৱ ইণ্ডিয়াৰ লগতে ভাৰত আর্থ ম’ভার্ছ লিমিটেড (বিইএমএল) আৰু ভাৰত পেট্র’লিয়াম কর্প’ৰেচন লিমিটেড (বিপিচিএল) ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰা হ’ব৷ একপ্রকাৰ তিনিওটা ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান কৌশলগতভাৱে বিক্রীৰ প্রক্রিয়া সম্প্রতি বিত্তীয় নিবিদাৰ পর্যায়ত আছে৷ অকল এই তিনিটাই নহয়, আন কেইবাটাও ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান আৰু এটা বেংকক ব্যক্তিগতকৰণৰ দিশে আগবাঢ়িছে কেন্দ্রই৷ প্রধানতঃ ২০২২–২৩ বিত্তীয় বর্ষৰ বাজেটত ধার্য কৰা ৬৫,০০০ কোটি টকাৰ নির্বিনিয়োজনৰ লক্ষ্যত উপনীত হ’বলৈ ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান বিক্রীৰ সিদ্ধান্তক বাস্তৱ ৰূপ দিয়াৰ বাবে বিনিয়োগ–গণ সম্পত্তি ব্যৱস্থাপনা বিভাগ তৎপৰ হৈ পৰিছে৷ ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানকেইটা আৰু এটা বেংক ব্যক্তিগতকৰণৰ প্রক্রিয়াৰ বিষয়ে সংবাদ প্রতিষ্ঠান পিটিআইৰ আগত সদৰী কৰিছে বিনিয়োগ–গণ সম্পত্তি ব্যৱস্থাপনা বিভাগৰ সচিব টুহিন কান্ত পাণ্ডেই৷ তেওঁ এই সম্পর্কত কয় যে শ্বীপিং কর্প’ৰেচন বিইএমএল আৰু বিপিচিএলৰ বিত্তীয় নিবিদা আহ্বানৰ পর্যায়ত আছে৷

সম্প্রতি পৃথকীকৰণ প্রক্রিয়া চলাই থকা হৈছে শ্বীপিং কর্প’ৰেচন আৰু বিইএমএলৰ মূল সম্পত্তি–আনুষংগিক সম্পত্তিৰ৷ এই প্রক্রিয়া সম্পন্ন হোৱাৰ পাছতেই কৌশলগত বিক্রীৰ বাবে নিবিদা আহ্বান কৰা হ’ব৷ সেইদৰে বিপিচিএলৰ ক্ষেত্রত নিবিদা দাখিলকাৰীৰ সৈতে আমি যোগাযোগত আছোঁ আৰু তেওঁলোকে নিবিদাৰ বাবে সাজু হ’ব পৰাকৈ বিষয়টো ফাষ্ট ট্রেকত সমাধানৰ চেষ্টা চলাই থকা হৈছে৷ মন কৰিবলগীয়া যে শ্বীপিং কর্প’ৰেচনৰ ৬৩.৭৫ শতাংশ, বিইএমএলৰ ২৬ শতাংশ আৰু বিপিচিএলৰ ৫২.৯ শতাংশ অংশীদাৰিত্ব বিক্রীৰ পদক্ষেপ গ্রহণ কৰিছে কেন্দ্রীয় চৰকাৰে৷ একেদৰে আন দুটা ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান তেল–প্রাকৃতিক গেছ নিগম (অ’এনজিচি)ৰ ৪৯ শতাংশ আৰু পৱন হংসৰ ৫১ শতাংশ অংশীদাৰিত্ব বিক্রীৰ বাবেও আগবাঢ়িছে৷ বিনিয়োগ–গণ সম্পত্তি ব্যৱস্থাপনা বিভাগৰ সচিব পাণ্ডেই পৱন হংস সন্দর্ভত কয়– আমি ইতিমধ্যে পৱন হংসৰ বাবে একাধিক বিত্তীয় নিবিদা লাভ কৰিছোঁ৷ এতিয়া আমি পৰৱর্তী প্রক্রিয়াৰ বাবে আগবাঢ়িম৷ মার্চৰ শেষ ভাগতে পৱন হংসৰ বিক্রী প্রক্রিয়া সম্পন্ন হ’ব নেকি বুলি পিটিআইৰ তৰফৰ পৰা প্রশ্ণৰ বিপৰীতে তেওঁৰ উত্তৰ আছিল এনেধৰণৰ– আমি কেনেদৰে সম্পন্ন কৰিব পাৰোঁ, তাৰ ওপৰত নজৰ ৰাখিছোঁ৷ কিয়নো এতিয়াও নিবিদা মুকলি কৰিবলৈ বাকী আছে৷ মুকলি কৰাৰ পাছত অনুমোদনৰ বাবে কিছু সময়ৰ প্রয়োজন হ’ব৷ বিনিয়োগ–গণ সম্পত্তি ব্যৱস্থাপনা বিভাগৰ শীর্ষ বিষয়াজনে জানিবলৈ দিয়া মতে আন দুটা ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান এইচএলএল লাইফ কেয়াৰ আৰু প্রজেক্টছ এণ্ড ডেভেলপমেণ্ট ইণ্ডিয়া লিমিটেড (পিডিআইএল) ব্যক্তিগত খণ্ডক গতোৱাৰ ‘এক্সপ্রেছন অৱ ইণ্টাৰেষ্ট’ চমুকৈ ই’আই পর্যায়ত আছে৷ তদুপৰি একেটা পর্যায়তে আছে দেশৰ অন্যতম গুৰুত্বপূর্ণ বিত্তীয় প্রতিষ্ঠান ইণ্ডাষ্ট্রিয়েল ডেভেলপমেণ্ট বেংক অৱ ইণ্ডিয়া (আইডিবিআই)৷

অনুৰূপ ধৰণে আগন্তুক বিত্তীয় বর্ষৰ ভিতৰতে আন তিনিটা ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান এক্সপার্ট ক্রেডিট গেৰাণ্টী কর্প’ৰেচন অৱ ইণ্ডিয়া (ইচিজিচি), ৱাটাৰ এণ্ড পাৱাৰ কনছালটেঞ্চী ছার্ভিচেছ লিমিটেড (ডব্লিউএপিচি’এছ) আৰু নেচনেল ছীড কর্প’ৰেচন অৱ ইণ্ডিয়াক ইয়াৰ কিছুসংখ্যক অংশীদাৰিত্ব বিক্রীৰ বাবে তালিকাভুক্ত কৰা হ’ব৷ অৱশ্যে এইক্ষেত্রত কিছু সময়ৰ প্রয়োজন হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷ ব্যক্তিগতকৰণৰ এনে পদক্ষেপৰ মাজতে চলিত ২০২১–২২ বিত্তীয় বর্ষতে নির্বিনিয়োজন কৰা হৈছে ভাৰতীয় জীৱন বীমা নিগম (এলআইচি)ত৷ এইবাৰৰ বাজেটত কোৱা হৈছে যে অহা মার্চৰ ভিতৰতে এলআইচিৰ ইনিচিয়েল পাব্লিক অফাৰিং (আইপি’) মুকলি কৰি দিব৷ অর্থাৎ ৰাজহুৱা হ’ব দেশৰ সর্ববৃহৎ বীমা প্রতিষ্ঠানটোৰ অংশদাৰিত্ব বিক্রীৰ নিবিদা৷ চর্চা অনুসৰি এলআইচিৰ শ্বেয়াৰ বজাৰত উপলব্ধ হোৱাৰ পাছতেই আইডিবিআই বেংকৰ অংশীদাৰিত্ব বীমা প্রতিষ্ঠানটোৱে বিক্রী কৰি দিব৷ ইয়াৰ সমান্তৰালভাৱে বিক্রী হ’ব চৰকাৰৰ হাতত থকা এলআইচিৰ শ্বেয়াৰো৷ এনেধৰণৰ পদক্ষেপৰ জৰিয়তে নির্বিনিয়োজনৰ লক্ষ্যত উপনীত হ’ব পৰা যাব নেকি, সেই সন্দর্ভত বিনিয়োগ–গণ সম্পত্তি ব্যৱস্থাপনা বিভাগৰ সচিব পাণ্ডেই কয় যে কৌশলগত বিক্রীৰ ব্যৱস্থা এটা ধাৰাবাহিকভাৱে চলি থকা এটা প্রক্রিয়া৷ এই প্রক্রিয়াটো সম্পূর্ণভাৱে সম্পন্ন কৰিবলৈ একৰ পৰা ডেৰ বছৰ সময়ৰ প্রয়োজন হয়৷

You might also like