নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঢ়িয়ে আছে ক’ভিড আক্ৰান্ত

ক’ভিডৰ তৃতীয় ঢৌ একেই আছে দেশত। বৃহস্পতিবাৰে দেশত ক’ভিড-১৯ত নতুনকৈ আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ৩,১৭,৫৩২। যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৪৯১ জন লোকৰ। ক’ভিড সক্ৰিয় হৈ আছে ১৯,২৪,০৫১ লোকৰ দেহত। উল্লেখনীয় যে নতুনকৈ আক্ৰান্তৰ সংখ্যা যোৱা ২৪৯ দিনতকৈ বৃহস্পতিবাৰে সৰ্বাধিক বুলিও তথ্যত প্ৰকাশ। আনহাতে অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ৯,২৮৭ জন। এই সংখ্যাৰে দেশত মুঠ কৰোণা আক্ৰান্তৰ সংখ্যাই ৩,৮২,১৮,৭৭৩ স্পৰ্শ কৰিছে বুলি স্বাস্থ্য় মন্ত্ৰালয়ৰ তথ্যত প্ৰকাশ পাইছে। বুধবাৰৰ তুলনাত আজি ৪৫ হাজাৰ লোক বেছিকৈ আক্ৰান্ত হৈছে।

You might also like