নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিৱেশ সংৰক্ষণৰ পৰিৱর্তিত ছবিখন

বিশ্বক চিন্তাত পেলোৱা গোলকীয় উষ্ণতাৰ লগে লগে পৰিৱেশ সংৰক্ষণ, বিশেষকৈ প্রাকৃতিক পৰিৱেশ সংৰক্ষণৰ প্রসংগই সমগ্র বিশ্বৰ সচেতন লোককে চিন্তিত কৰি তুলিছে৷ এফালে গোলকীয় উষ্ণতা বৃদ্ধি, আনফালে পৰিৱেশ ধ্বংস বা বিনষ্ট– এই দুয়োটা সমস্যাই এটাই আনটোক সাবটি ধৰি আছে আৰু দুয়োটাৰে সমাধান সূত্র একে উৎসৰ পৰাই নিসৃত হ’ব৷ পাৰিপার্র্শ্বিক সমস্যাবোৰ হৈছে পৰিৱেশৰ ওপৰত মানুহৰ কার্যকলাপৰ ক্ষতিকাৰক প্রভাৱ, প্রধানতঃ প্রদূষণ, অত্যধিক জনসংখ্যা, আৱর্জনা নিষ্কাশন, জলবায়ু পৰিৱর্তন, গোলকীয় ডষতা বৃদ্ধি, সেডজগৃহৰ প্রভাৱ আদি৷ ১৯৫২ চনৰ অৰণ্য নীতি প্রস্তাৱত কোৱা হৈছিল যে দেশৰ মুঠ ভৌগোলিক এলেকাৰ ১০০ নিযুত হেক্টৰ অর্থাৎ ৩৩ শতাংশ অংশক বনাঞ্চলৰ অন্তর্ভুক্ত কৰিব লাগে৷ কিন্তু, এই লক্ষ্য থকাৰ পিছতো ভাৰতৰ বনাঞ্চল সংকুচিত হৈ আছিল৷ ই সৃষ্টি কৰা এটা প্রধান সমস্যা আছিল ভাৰতৰ বহু গ্রামাঞ্চলত হন্ধন কাঠৰ অভাৱ আৰু পশুখাদ্যৰ নাটনি৷ ৰাষ্ট্রীয় কৃষি আয়োগৰ প্রতিবেদন অনুসৰি, ২০০০ চনত ভাৰতত হন্ধন কাঠৰ প্রয়োজনীয়তা আছিল প্রায় ২২ নিযুত ঘন মিটাৰ আৰু ইয়াৰ এক তৃতীয়াংশহে অৰণ্যাঞ্চলৰ পৰা পূৰণ হৈছিল৷ স্বাধীনতাৰ পিছৰ প্রথম চাৰিটা দশকত ভাৰতৰ অৰণ্য সর্বাধিক ক্ষতিৰ সন্মুখীন হৈছিল৷ জনসংখ্যা আৰু ঘৰচীয়া পশুৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে কৃষি আৰু অন্যান্য ঘৰুৱা প্রয়োজনৰ বাবেও বনাঞ্চল উদং কৰা হৈছিল৷ বাঢ়ি গৈ থকা বিভিন্ন ৰে’লপথ, পথ আদিয়েও বনাঞ্চলত আঘাত কৰিছিল৷ বান্ধ, প্রকল্প, দলং আদিৰ দৰে ভালেমান নির্মাণৰ বাবেও বনাঞ্চল হ্রাস পাহছে৷ চোৰাং ব্যৱসায়ীৰ হাতোৰাও আছিল বনাঞ্চল ধ্বংসৰ অন্য এক শক্তিশালী কাৰণ৷ ২০০০ চনত প্রকাশিত ৰাষ্ট্রীয় কৃষি আয়োগৰ প্রতিবেদনে কৈছিল যে ২.৫ হেক্টৰ বনধ্বংসৰ হাৰত ভাৰত ৫০–১০০ বছৰৰ ভিতৰত ছাহাৰা মৰুভূমিত পৰিণত হ’ব৷ কিন্তু, এই ভৱিষ্যদ্বাণী মিছা প্রমাণ কৰিবলৈ মানুহ আৰু পৰিৱেশৰ মাজত ভাৰসাম্য স্থাপন কৰি পৰিৱেশক মানুহৰ বাবে সঠিক কৰি তোলাৰ লক্ষ্যৰে ব্যক্তিগত আৰু চৰকাৰী পর্যায়ত বিভিন্ন পৰিৱেশ সংৰক্ষণৰ কাম বিভিন্ন ধৰণে চলি আছে৷ ইয়াৰ প্রথম কাম হ’ল পৰিৱেশ সংৰক্ষণ আৰু ধৰাৰ বুকুৰ সেউজ অংশৰ পৰিমাণ বৃদ্ধি আৰু প্রকৃতিৰ ওপৰত মানুহৰ অত্যাচাৰ বন্ধ কৰা৷
বিগত সাতটা বছৰত ভাৰত চৰকাৰে এই দিশত প্রণালীবদ্ধ ৰূপত ভালেখিনি কাম কৰিছে আৰু সেইবোৰৰ সুফল আহিবলৈ আৰম্ভ কৰিছে৷ যোৱা সাত বছৰৰ ভিতৰত ভাৰতত পোন্ধৰ হাজাৰ বর্গ কিলোমিটাৰ পৰিমাণৰ বনাঞ্চল বৃদ্ধি পাইছে৷ ২০১৪ চনত ভাৰতত থকা ৬৯২খন সংৰক্ষিত বনাঞ্চলৰ সংখ্যা বৃদ্ধি হৈ এতিয়া এই সংখ্যা হৈছেগৈ ৮৬০খন৷ বাঘৰ সংখ্যা বৃদ্ধি পাইছে তেত্রিশ শতাংশ৷ বতাহৰ পৰা সংৰক্ষণ কৰা শক্তিৰ পৰিমাণ বৃদ্ধি পাইছে দুগুণ৷ সৌৰশক্তিৰ পৰিমাণ বৃদ্ধি পাইছে সোতৰ গুণ৷ এতিয়া ভাৰতৰ সৌৰশক্তি পৃথিৱীৰ ভিতৰতে কম খৰচৰ৷ ৩৭ কোটি এল ই ডি বাল্ব বিতৰণ কৰি যোৱা সাতটা বছৰত ভাৰতে ৰাহি কৰিছে ১৯ হাজাৰ কোটি টকাৰ বিজুলী শক্তি৷ বিদ্যুৎচালিত ৰে’লৰ বাবে ৰে’ললাইন বৃদ্ধি কৰা হৈছে ওঠৰ হাজাৰ কিলোমিটাৰৰো অধিক৷ বিশ্বৰ পৰা গোলকীয় উষ্ণতা হ্রাস কৰা আৰু পৰিৱেশ সংৰক্ষণ কৰাৰ উদ্দেশ্য আগত ৰাখি ইউনেস্ক’ৰ দ্বাৰা আয়োজিত আন্তর্জাতিক সভাত যি ‘পেৰিছ চুক্তি’ গ্রহণ কৰা হৈছিল, ভাৰতে সেই লক্ষ্য পূৰণ কৰিবলৈ সমর্থ হৈছে৷ ভাৰতৰ এই সফলতাত অসমৰো অংশ আছে৷ যোৱা পাঁচ বছৰত অসমত ৰোধ কৰা হ’ল গঁড হত্যা৷ অসমৰ বিভিন্ন ঠাইত ৰোপণ কৰা হৈছিল দহ কোটিৰো অধিক গছপুলি৷ ৰাজ্যখনৰ বনাঞ্চল বৃদ্ধি পালে ২২২ বর্গ কিলোমিটাৰ৷ পৰিৱেশ সংৰক্ষণৰ বাবে যিবোৰ কাম কৰা হয়, তাৰ ফলৰ ৰূপ সহজে প্রতিভাত নহয়, কামৰ ফলৰ বাবে কিছু অপেক্ষা কৰিবলগীয়া হয়৷ এই অপেক্ষাৰ অন্তত ফল দেখা পাওঁ, কিন্তু এই কাম তাতেই শেষ কৰিব নোৱাৰি৷ পৰিৱেশ সংৰক্ষণ এক চিৰন্তন কাম, দেশখনৰ বাবে ই এটা অভ্যাস, এটা আদর্শ৷ শাসনকর্তা চৰকাৰ সলনিৰ লগে লগেই চলি থকা পদ্ধতিটোৰ পৰিৱর্তন কৰিব নোৱাৰি, কিন্তু যিবোৰে পৰিৱেশ ধ্বংস কৰে, সেইবোৰক নিশ্চয় বন্ধ কৰিব পাৰি৷ তাৰ বাবে প্রয়োজন হয় ৰাজনৈতিক সদিচ্ছাৰ৷ এতিয়ালৈকে প্রকাশ পোৱা সদিচ্ছাৰ ছবিখন এই নতুন চৰকাৰে আৰু অধিক উজ্জ্বল কৰি তুলিলেহে অসমে গৌৰৱ কৰি অহা প্রাকৃতিক পৰিৱেশক যোগ্য সন্মান দিয়া হ’ব৷

You might also like