সম্পাদকীয় : সুধাকণ্ঠলৈ যথাযোগ্য সন্মান
ভূপেন হাজৰিকাৰ শততম জন্মদিনটো বিশাল আয়োজনেৰে উদ্যাপন কৰা হৈছে৷ অসম চৰকাৰে এই আয়োজনত আগভাগ গ্রহণ কৰি গুণীজনক যথাযোগ্য সন্মান প্রদর্শনৰ এক আদর্শ স্থাপন কৰিব বিচাৰিছে৷ এইটো ঠিক যে পূর্বৰ চৰকাৰৰ তুলনাত এই চৰকাৰে শিল্পচর্চাকাৰী আৰু ন–পুৰণি সাহিত্যিকসকলৰ প্রতি অধিক আগ্রহ প্রদর্শন কৰিছে৷
সাহিত্যৰ ক্ষেত্রখনক অধিক সজীৱ আৰু কর্মব্যস্ত কৰি ৰাখিবলৈ চৰকাৰে বিভিন্ন ধৰণে কামো কৰিছে৷ সেই কামে কিমান সফলতা প্রদর্শন কৰিব পাৰিছে সেই বিষয়ে এটা মুকলি আলোচনা হোৱা প্রয়োজন৷ এই প্রেক্ষাপটত ভূপেন হাজৰিকাৰ কর্মৰাজিৰ সংৰক্ষণ আৰু আলোচনাৰ কথা বিচাৰ কৰি চোৱা উচিত৷
ভূপেন হাজৰিকাৰ জন্মদিৱস উদ্যাপনৰ লগে লগে আৰু এটা দিশৰ প্রতি মনযোগ দিয়া উচিত আৰু সেয়া হ’ল ভৱিষ্যৎ প্রজন্মৰ দ্বাৰা ভূপেন হাজৰিকা চর্চা৷ এয়া অকল এটা সংগঠন বা চৰকাৰৰ কাম হ’ব নোৱাৰে, ই হ’ব এটা জাতীয় কর্তব্য৷ চৰকাৰৰ লগতে বিভিন্ন শিক্ষা প্রতিষ্ঠান আৰু সামাজিক সংগঠনসমূহে এহ দায়িত্ব পালন কৰিব লাগিব৷ ভূপেন হাজৰিকা চর্চাক এটা গতিশীল ৰূপ দিবলৈ তেওঁৰ জীৱন আৰু কর্ম বিভিন্ন স্তৰৰ পাঠ্যক্রমত অন্তর্ভুক্ত কৰাৰ সময় উপস্থিত হৈছে৷
বিভিন্ন স্তৰৰ ছাত্র–ছাত্রীৰ বাবে তেওঁৰ জীৱনী, বিভিন্ন লেখা আদি পাঠ্যপুথিত অন্তর্ভুক্ত কৰা ডচিত৷ ইতিমধ্যে স্বায়ত্তশাসিত দৰং কলেজে সাহিত্যৰ পাঠ্যক্রমত তেওঁৰ গীতক স্থান দিছে৷ সামাজিক বার্তা আৰু লোক–সাহিত্যৰ সমৃদ্ধ উপাদানেৰে ভৰপূৰ তেওঁৰ চিনেমাকেইখন উদ্ধাৰ কৰি তাক শিক্ষানুষ্ঠান আৰু সাংস্কৃতিক কেন্দ্রসমূহত প্রদর্শন কৰাৰ ব্যৱস্থা হ’ব লাগে৷
অসমৰ একমাত্র চলচ্চিত্র শিক্ষাৰ প্রতিষ্ঠানটি ভূপেন হাজৰিকাৰ নামেৰেই প্রতিষ্ঠা কৰা হৈছিল৷ ভূপেন হাজৰিকাৰ ছবিকেইখন সেই প্রতিষ্ঠানৰ এটা অংগ হ’ব লাগে৷ এই শতবর্ষৰ সময়তেই ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্র প্রতিষ্ঠানটিক এক উচ্চ পর্যায়ৰ আন্তর্জাতিক শিক্ষা প্রতিষ্ঠানলৈ ৰূপান্তৰিত কৰা কাম আৰম্ভ হ’ব লাগে৷ এই কাম কেৱল চৰকাৰী স্তৰতহে সম্ভৱ হ’ব৷
ভূপেন হাজৰিকাক জীয়াই ৰখাৰ আটাহতকৈ ভাল উপায় হ’ব নতুন প্রজন্মক ভূপেন হাজৰিকাৰ গীত গাবলৈ উৎসাহ দিয়া৷ সাংস্কৃতিক সংগঠন আৰু শিক্ষানুষ্ঠানসমূহেবা ভূপেন হাজৰিকা সংগীত উৎসৱ আৰু গীত প্রতিযোগিতাৰ আয়োজন কৰিলে নতুন প্রজন্ম এই দিশত উৎসাহিত হ’ব৷ এই উৎসৱসমূহে তেওঁৰ সাংগীতিক প্রতিভা উদ্যাপন কৰাৰ লগতে নতুন প্রজন্মই তেওঁৰ শক্তিশালী বাণী আৰু সুৰৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰিব আৰু সাংস্কৃতিক গৌৰৱৰ এক চলন্ত পৰম্পৰা গঢ়ি তুলিব৷
অসমৰ মাননীয় মুখ্যমন্ত্রীৰ পৰিকল্পনা মতে এগৰাকী বিশিষ্ট সাহিত্যিকৰ কলমেৰে ভূপেন হাজৰিকাৰ বিষয়ে কিতাপ এখন প্রণয়ন কৰোৱা হৈছে আৰু ভাৰতৰ প্রতিটো স্বীকৃত ভাষালৈ কিতাপখন অনুবাদ কৰোৱা হৈছে৷ এই বিশাল কর্মযজ্ঞই ভূপেন হাজৰিকাক ভাৰতৰ সকলো প্রান্তলৈ লৈ যাব৷ এই কামটোৰ ধাৰাবাহিকতা ৰক্ষাৰ পৰিকল্পনাৰে ভূপেন হাজৰিকাৰ বিষয়ে গৱেষণা আদি কৰা ছাত্রসকলক বিশেষ বৃত্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে৷
এই গৱেষণা গ্রন্থসমূহ বিশ্ববিদ্যালয়ৰ লাইব্রেৰীৰ পৰা যাতে সাধাৰণ পাঠকৰ হাতলৈ যাব পাৰে তাৰ ব্যৱস্থা কৰাটো প্রয়োজনীয়৷ ইতিমধ্যে ভালেমান গৱেষকে ভূপেন হাজৰিকাৰ সৃষ্টিৰ বিভিন্ন দিশৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্রী লাভ কৰিছে৷ সেই গৱেষণা পত্রসমূহো সেই ধৰণে বা সাধাৰণ পাঠকৰ পঠন অভ্যাসৰ লগত খাপ খোৱাকৈ প্রকাশৰ ব্যস্থা কৰিব লাগে৷ এই ধৰণৰ প্রকাশেহে ভূপেন হাজৰিকা চর্চাক সীমতি পৰিষৰৰ পৰা বাহিৰলৈ নিবলৈ সক্ষম হ’ব৷
বর্তমানৰ ডিজিটেল যুগত জ্ঞানৰ প্রচাৰৰ ক্ষেত্রত সহজ প্রৱেশেই মূল কথা৷ ভূপেন হাজৰিকাৰ গীত, চিনেমা, লেখা আৰু সাক্ষাৎকাৰসমূহ ডিজিটেল ৰূপে সংৰক্ষণ কৰি উন্মুক্তভাৱে উপলব্ধ কৰোৱাটো অত্যন্ত প্রয়োজন৷ চৰকাৰে আৰু শিক্ষা–সাংস্কৃতিক প্রতিষ্ঠানসমূহৰ সহযোগিতাৰে সু–সংগঠিত অনলাইন আর্কাইহভ প্রতিষ্ঠা কৰিব পাৰে৷
এই প্লেটফর্মৰ যোগে শিক্ষার্থী, গৱেষক আৰু শিল্পপ্রেমীসকলে যিকোনো সময়তে কোনো ধৰণৰ ভৌগোলিক আৰু আর্থিব বাধাৰ সন্মুখীন নোহোৱাকৈ ভূপেন হাজৰিকাৰ কর্মৰ জগতত প্রৱেশ কৰিব পাৰিব৷ এই কাম অকল এটা সংগঠনৰ বাবে সম্ভৱ নহয়৷ চৰকাৰে বিশ্ববিদ্যালয়, সাংস্কৃতিক সংগঠন, বিভিন্ন এনজিঅ’ আৰু মিডিয়া সংস্থাসকলক এনে কামৰ অংশীদাৰ হিচাপে লৈ কামত আগবাঢ়িব লাগে৷ এনে সহযোগিতাইহে স্থায়ী আৰু প্রভাৱক্ষম ফলৰ প্রতিশ্রুতি দিব পাৰিব৷