নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল (৩০ অক্টোবৰ)

মেষ
শুভ ৰং: সেউজ
আজিৰ দিনটো আপোনাৰ বাবে আনন্দময় হ’ব। পৰিৱেশত সুখ-শান্তিৰ অনুভৱ পাব আৰু কোনো সুখবৰ লাভ হ’ব পাৰে। ইয়াৰ ফলত আত্মবিশ্বাস বাঢ়িব। সন্তানৰ শিক্ষাত কিবা সমস্যা আছিল যদি, তেনেহ’লে আলোচনা কৰি সমাধানৰ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা অবলম্বন কৰক। কৰ্মস্থলীত বছৰ সৈতে সম্পৰ্ক ভাল থাকিব, কিন্তু অহংকাৰৰ বাবে সেই সম্পৰ্ক নষ্ট নকৰিব।

বৃষভ
শুভ ৰং: নীলা
আজিৰ দিনটো আপোনাৰ বাবে আনন্দদায়ক। চাকৰি বা ব্যৱসায়ৰ সন্ধানত থকা লোকৰ বাবে নতুন সুযোগ আহিব পাৰে। বেআইনী উপায়েৰে ধন উপাৰ্জনৰ পৰা আঁতৰি থাকিব। কোনো  ব্যক্তিক ধন ঋণ নিদিব। শাহুৰ মাজত মনোমালিন্য হ’ব পাৰে। সোৱাদিষ্ট আহাৰ উপভোগ কৰিব।

মিথুন
শুভ ৰং: ৰঙা
আজিৰ দিনটোত আৰ্থিক কাম-কাজত সচেতন হ’ব লাগিব। ধন ল’বলৈ বা দিবলৈ আগতে ভালকৈ ভাবিব। ভ্ৰমণৰ সময়ত কোনো গুৰুত্বপূর্ণ তথ্য লাভ কৰিব পাৰে। ঊর্ধ্বতন কৰ্তৃপক্ষৰ আশীৰ্বাদ লাভ হ’ব। কোনো পুৰণি ভুলৰ পৰা শিক্ষা লওক। ব্যৱসায়ত অংশীদাৰী কৰাৰ আগতে চিন্তা-ভাবনা কৰক।

কৰ্কট
শুভ ৰং: ধূসৰ
আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত আনন্দ থাকিব। পত্নী বা পতিয়ে নতুন চাকৰি লাভ কৰিব পাৰে। পৰিয়ালৰ বিবাহজনিত বাধা বন্ধুৰ সহায়ত দূৰ হ’ব। আপোনাৰ ওচৰৰ মানুহবোৰক চিনিব লাগিব, কাৰণ কেইজনমান বন্ধু ৰূপে শত্রু হ’ব পাৰে। প্ৰয়োজনীয় সামগ্ৰীৰ বাবে খৰচ বৃদ্ধি পায়।

সিংহ
শুভ ৰং: হালধীয়া
আজিৰ দিনটোত মান-সম্মান বৃদ্ধি পায়। কোনো গুৰুত্বপূর্ণ চুক্তি শেষ মুহূর্তত স্থগিত হ’ব পাৰে। অসমাপ্ত কাম সম্পূৰ্ণ হোৱাৰ সুখ লাভ কৰিব। সামাজিক কাৰ্যসূচীত অংশ লোৱাৰ সুযোগ পাব। আনৰ অনুভূতিত সন্মান দেখাব লাগিব। প্ৰতিযোগিতামূলক মনোভাব থাকিব। ধন বিনিয়োগত সাৱধানতা অবলম্বন কৰক।

কন্যা 
শুভ ৰং: সোণালী
আজিৰ দিনটো ভাগ্যৰ দিশে শুভ। পত্নী বা পতিৰ পূৰ্ণ সহায়তা লাভ হ’ব। সন্তানৰ ভৱিষ্যৎ লৈ চিন্তা কৰিব। কাম-কাজত বুদ্ধিমত্তা দেখাব লাগিব। ওচৰ-চুবুৰীয়াত বিতৰ্ক হলে নীৰৱ থাকিব। চৰকাৰী পৰিকল্পনাৰ পৰা লাভ হ’ব। কোনো সঞ্চয়মূলক বিনিয়োগ কৰিব পাৰে।

তুলা
শুভ ৰং: সেউজ
আজিৰ দিনটোত পুৰণি কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা। পেট-সংক্রান্ত সমস্যাত দৌৰৈদৌৰি  নকৰিব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অধ্যয়নত সামান্য অসুবিধা হ’ব পাৰে। পুৰণি লেনদেন নিষ্পত্তি হ’ব। পত্নী বা পতিৰ বাবে চমক প্ৰস্তুত কৰিব পাৰে। আয় বৃদ্ধি পায় আৰু পৰিয়ালৰ সৈতে ভ্ৰমণৰ সুযোগ পাব।

বৃশ্চিক 
শুভ ৰং: নীলা
আজিৰ দিনটোত অৰ্থনৈতিক পৰিকল্পনা জৰুৰী। খৰচ নিয়ন্ত্ৰণ কৰি চলিব লাগিব। আহ্লাদৰ বস্তুত অধিক খৰচ হ’ব পাৰে। ঘৰ সংস্কাৰৰ কাম আৰম্ভ কৰিব পাৰে। মাতৃৰ স্বাস্থ্য লৈ চিন্তা থাকিব। ব’ছৰ পৰা পদোন্নতিৰ সুখবৰ আহিব পাৰে।

ধনু
শুভ ৰং: ৰঙা
আজিৰ দিনটোত কামত দৌৰাদৌৰি নকৰিব। পিতৃৰ পৰামৰ্শ লাভ কৰিব। সন্তানৰ ইচ্ছা পূৰণৰ বাবে নতুন বাহন কিনিব পাৰে। ব’ছৰ কথা উপেক্ষা নকৰিব, নহ’লে ভুল হ’ব পাৰে। মনৰ ইচ্ছা পূৰণে আনন্দ আনিব। পৰিয়ালত পূজা-পাঠৰ আয়োজন হ’ব পাৰে। উপদেশ নিদিব।

মকৰ 
শুভ ৰং: ৰঙা
আজিৰ দিনটো গুৰুত্বপূর্ণ। বুদ্ধি আৰু বিচাৰে নতুন কাম আৰম্ভ কৰিব। নিজৰ প্ৰয়োজন পূৰণত মনোযোগ দিব। স্বভাৱজনিত উদ্বেগ থাকিব পাৰে। পুৰণি বন্ধুৰ লগত পুনৰ সাক্ষাৎ হ’ব। কামক্ষেত্ৰত ইচ্ছামতে কাম পোৱাত আনন্দ পাব।

কুম্ভ
শুভ ৰং: হালধীয়া
আজিৰ দিনটোত সিদ্ধান্ত লোৱাৰ ক্ষমতা দৃঢ় থাকিব আৰু সকলো কামত সফলতা আহিব। গৰীবজনক সহায় কৰক। সম্পত্তি লাভৰ সম্ভাৱনা আছে, যাৰ বাবে ঋণ ল’ব পাৰে। সন্তানক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰক। ব্যৱসায়ত সামান্য উথানপতন থাকিব।

মীন 
শুভ ৰং: সেউজ

আজিৰ দিনটো আপোনাৰ বাবে আনন্দময় হ’ব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অধ্যয়নত সামান্য অসুবিধা হ’ব পাৰে। পুৰণি লেনদেন নিষ্পত্তি হ’ব। । দাম্পত্য জীৱনত আনন্দ থাকিব। পত্নী বা পতিয়ে নতুন চাকৰি লাভ কৰিব পাৰে। পৰিয়ালৰ বিবাহজনিত বাধা বন্ধুৰ সহায়ত দূৰ হ’ব।

You might also like