কলাইগাঁৱত জুবিনলৈ শ্ৰদ্ধাৰ্ঘ্য : পাঁচ সহস্ৰাধিক যুৱতী-মহিলাই সমস্বৰে গালে মায়াবিনী
কলাইগাঁও অঞ্চলৰ পাঁচ সহস্ৰাধিক যুৱতী মহিলাই একেলগে শিল্পী গৰাকীৰ জীৱনৰ শ্ৰেষ্ঠ গীত 'মায়াবিনী ৰাতি' শীৰ্ষক গীতটোৰ পৰিৱেশন কৰে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠান উপলক্ষে আজি কলাইগাঁৱত একেলগে সমস্বৰে পাঁচ সহস্ৰাধিক যুৱতী মহিলাই শিল্পী গৰাকীৰ জীৱনৰ শ্ৰেষ্ঠ মালিতা ‘মায়াবিনী ৰাতি’ শীৰ্ষক গীতটোৰ পৰিৱেশন কৰি অভিলেখ সৃষ্টি কৰে।
উল্লেখ্য কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলাইগাঁও আঞ্চলিক সমিতিৰ আহ্বান মৰ্মে অঞ্চলটোৰ বিভিন্ন দল,সংগঠনৰ সহযোগত প্ৰায় মাহজোৰা প্ৰস্তুতিৰ অন্তত আজি কলাইগাঁৱৰ ৰণথলি বাগিছাস্থিত ষ্টেডিয়ামত বিশাল শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।
এই শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানতে বৃহত্তৰ কলাইগাঁও অঞ্চলৰ পাঁচ সহস্ৰাধিক যুৱতী মহিলাই একেলগে শিল্পী গৰাকীৰ জীৱনৰ শ্ৰেষ্ঠ গীত ‘মায়াবিনী ৰাতি’ শীৰ্ষক গীতটোৰ পৰিৱেশন কৰি প্ৰাণৰ শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে।
অনুষ্ঠানত গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ স্বত্ত্বাধিকাৰী তথা শিল্পী ডা: হিতেশ বৰুৱাই আয়োজন সমিতিৰ দ্বাৰা প্ৰকাশিত ‘গানে কি আনে’ স্মৰণিকা উন্মোচন কৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ভিন্ন সময়ত লগ পোৱা মূহুৰ্তবোৰ স্মৰণ কৰাৰ লগতে শিল্পী গৰাকীয়ে ন্যায় পোৱাৰ কামনা কৰে।
তদুপৰি তেওঁ জুবিন গাৰ্গৰ শিল্পী সত্ত্বাটোক প্ৰতি গৰাকী অসমবাসীৰ মাজত জীয়াই ৰাখিবলৈ আহ্বান জনায়।আনহাতে জুবিন গাৰ্গৰ সহযোগী বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপে শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শীঘ্ৰে ৰহস্যজনক মৃত্যুৰ ন্যায় দিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।
অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই,আন্ত:ৰাষ্ট্ৰীয় চলচিত্ৰ অভিনেতা প্ৰমুখে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিত্বই প্ৰাণৰ শিল্পীগৰাকীৰ স’তে কটোৱা মূহুৰ্তবোৰ বিষয়ে স্মৰণ কৰে।
নিয়মীয়া বাৰ্তা, কলাইগাঁও, ২৯ অক্টোবৰ