নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২ মার্চ, ফাগুন মাহৰ ১৭ তাৰিখ
বৃহস্পতিবাৰঃ তিথি–শুক্লা দশমী, নক্ষত্রঃ আর্দ্রা, যাত্রাঃ শুভ৷

মেষঃ কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি পাব৷ পাৰিবাৰিক সমস্যা থাকিব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ১৷

বৃষঃ কর্মস্থানত আৰু পাৰিবাৰিক ক্ষেত্রত খুব উৎসাহজনক দেখা নাযায়৷ নিজে ভবামতে সকলো দিশেই ভাল ফল নাপাব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৬৷

মিথুনঃ বৈষয়িক অৱস্থাৰ স্বল্পাধিক উন্নতি সম্ভৱ৷ নতুন নিযুক্তিৰ বাবে দূৰ যাত্রা৷ শিল্পীসকলৰ প্রাপ্য সন্মান লাভ৷ আনন্দৰ কাৰকতা৷ শুভ ৰং পাতল সেউজীয়া৷ শুভ সংখ্যা ৩৷

কর্কটঃ পৈতৃক সম্পত্তি লাভৰ ক্ষেত্রত বিলম্ব৷ অভিজ্ঞ ব্যক্তিৰ পৰামর্শত সংকট মুক্তি আৰু প্রয়োজনীয় ধনাগম৷ ভ্রমণ কৰিব পাৰে৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ৫৷

সিংহঃ পুৰণা মামলা–মোকর্দমা নিষ্পত্তি হ’ব পাৰে৷ বাধা–বিঘিনিৰ মাজেদি কর্মত সাফল্য৷ আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য৷ প্রেমত আৱেগ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৯৷

কন্যাঃ উপার্জন আৰু সঞ্চয় বৃদ্ধিৰ শুভ যোগ৷ দেহ ভাল বুলি ক’ব পাৰি৷ অবাধ্য সন্তান–সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৩৷

তুলাঃ আর্থিক দিশত অর্থপ্রাপ্তিৰ সম্ভাৱনা৷ প্রযুক্তিবিদ আৰু কম্পিউটাৰ বিজ্ঞানীৰ সাফল্য উল্লেখযোগ্য৷ বন্ধুভাব দুর্বল৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৯৷

বৃশ্চিকঃ ব্যৱসায়ত লাভৰ কাৰকতা৷ সমাজসেৱীসকলৰ সন্মান বৃদ্ধিৰ কাৰক৷ উচ্চ বিষয়াৰ লগত শুভ যোগাযোগ বর্তি থাকিব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৮৷

ধনুঃ চাকৰিয়াল ব্যক্তিসকলৰ বাবে শুভ দিন৷ কর্মত নতুন পৰিকল্পনাত উপকৃত হ’ব৷ নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ ব্যয়ৰ মাত্রা বৃদ্ধি পাব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৩৷

মকৰঃ কর্মক্ষেত্রত শান্তিৰে কাম কৰিব পাৰিব৷ আর্থিকত ভালেই দেখা যায়৷ আয়ৰ ক্ষেত্রত অনুকূল৷ স্বাস্থ্যৰ প্রতি নজৰ দিয়ক৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৪৷

কুম্ভঃ ৰাজহুৱা কর্মত থকাসকলে সহানুভূতি লাভৰ সংবাদ৷ দুই–এটা কামত বাধাৰ কাৰকতা৷ দিনৰ দুই বজাৰ পৰা কিছু উন্নত৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৪৷

মীনঃ কর্মক্ষেত্রত জটিলতাৰ উদয় হ’ব পাৰে৷ ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব৷ শৰীৰ বৰ উন্নত নাথাকিব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৫৷

You might also like