নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভাৰ বিষম কথা–২ : বিদেশীৰ অনুপ্রৱেশ

হিন্দুৱে ঘৰৰ ভিতৰতে হোলী খেলক : আহমেদ

ধ্রুৱ মহন্ত

‘চৰকাৰৰ পুলিচৰ ব্যৱস্থাই শান্তি ৰক্ষাৰ পৰিৱর্তে ৰাইজৰ মাজত ঘোৰ অশান্তিৰ সৃষ্টি কৰিছে৷ আজি প্রায় প্রত্যেক জিলাতে ১৪৪ ধাৰা জাৰি কৰা হৈছে৷ তাৰ পৰা এইটো নুবুজায়নে যে আমাৰ ৰাজ্যৰ আভ্যন্তৰীণ অৱস্থা বৰ শোচনীয়? কিছুমান ঠাইত অন্যায়ভাৱে ১৪৪ ধাৰা জাৰি কৰা হৈছে– যেনে গোৱালপাৰাত সৰস্বতী পূজা, দৌলযাত্রা আদি কৰিব নোৱাৰাকৈ ১৪৪ ধাৰা জাৰি কৰিছে৷ ইয়াৰ দ্বাৰা ধর্মৰ ওপৰত হস্তক্ষেপ কৰা হৈছে৷ ৰাজ্যত যে কোনো শাসন ব্যৱস্থাই নাই– এয়ে তাৰ পৰিচায়ক৷ সংখ্যাগৰিষ্ঠ হিন্দু সম্প্রদায়ে চৰকাৰৰ বাধাৰ বাবে নিজ ধর্মকো আচৰণ কৰিব নোৱাৰা হৈছে৷ আমাৰ বিত্তমন্ত্রীয়ে (ফখৰুদ্দিন আলী আহমেদ) সদনত কৈছে যে হিন্দুসকলে ঘৰৰ ভিতৰত ‘হোলী’ খেলক৷ কিন্তু হিন্দুৰ ধর্ম আচৰণ সম্পর্কত তেওঁ অজ্ঞ বাবেহে তেনে কথা ক’ব পাৰিছে৷’ ১৯৬৪ চনত ৰাজ্য বিধানসভাত বিমলাপ্রসাদ চলিহা চৰকাৰৰ বিৰুদ্ধে ডত্থাপিত এটা অনাস্থা প্রস্তাৱৰ বিতর্কত অংশ লৈ চৰকাৰে ধর্মনিৰপেক্ষতাৰ নামত বৈষম্যমূলক আচৰণ প্রদর্শন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি এই বক্তব্য দাঙি ধৰিছিল বৰপেটাৰ বিধায়ক মধুসুধন দাসে৷ অৱশ্যে ৰাজ্যৰ তদানীন্তন বিত্তমন্ত্রী ফখৰুদ্দিন আলী আহমেদে ‘মই সেইটো কোৱা নাই’ বুলি দাসৰ বক্তব্য সন্দর্ভত মৃদু আপত্তি দর্শোৱাৰ প্রয়াস কৰিছিল যদিও সদনত তেওঁৰ ভাষ্যক নাকচ কৰি বিধায়ক মধুসুধন দাসে পুনৰ কৈ গৈছিল– ‘এইটো যদি কৰিব নিদিয়ে তেন্তে এইটো সংখ্যাগৰিষ্ঠ সম্প্রদায়ৰ ধর্মৰ ওপৰত নিশ্চয় হস্তক্ষেপ কৰা হ’ব৷ ইয়াৰ পৰাই বুজা যায় যে সংখ্যাগৰিষ্ঠ সম্প্রদায়ৰ নিৰাপত্তা ক্ষুণ্ণ হৈ আহিছে৷ ঈদৰ সময়তMass Prayer কৰিবলৈ অনুমতি দিছে আৰু তাৰ বাবে আমি ভাল পাইছেছা৷ তেতিয়া কোনো হিন্দুৱে কোনো গোলমাল কৰা নাই৷ কিন্তু হিন্দুৰ ধর্মক্ষেত্রত চৰকাৰে হস্তক্ষেপ কৰিছে৷’ (অসম বিধানসভাৰ কার্যবিৱৰণী)

চলিহা চৰকাৰৰ বিৰুদ্ধে বিৰোধীৰ অনাস্থা প্রস্তাৱ

উল্লেখ্য যে আজিৰ পৰা ছটা দশকৰ পূর্বেই বিদেশীৰ অবাধ অনুপ্রৱেশে অসমত সৃষ্টি কৰা ভয়ংকৰ পৰিস্থিতি সম্পর্কত বিধানসভাত ডত্তপ্ত বিতর্কৰ সৃষ্টি হৈছিল৷ বিৰোধী পক্ষই লোকপ্রিয় গোপীনাথ বৰদলৈ আৰু বিষুৰাম মেধিৰ পৰৱৰ্তী পর্যায়ত কংগ্রেছ চৰকাৰৰ বিদেশী সন্দর্ভত নীতিৰ পৰিৱর্তন ঘটাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল৷ বিৰোধী শিবিৰে তদানীন্তন মন্ত্রী ফখৰুদ্দিন আলী আহমেদ আৰু মইনুল হক চৌধুৰীলৈও এই সন্দর্ভত অভিযোগৰ আঙুলি টোঁৱাইছিল৷ লক্ষণীয়ভাৱে চলিহা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত এই অনাস্থা প্রস্তাৱৰ বিতর্কত অংশ লৈ চৰকাৰৰ বিৰুদ্ধে পক্ষপাতদুষ্ট আচৰণৰ অভিযোগ তুলি সদনত সমালোচনাত সৰৱ হৈছিল বৰপেটাৰ বিধায়ক মধুসুধন দাস৷ বিধায়ক দাসে চলিহা চৰকাৰে ধর্মনিৰপেক্ষতাৰ নামত মুছলিম তোষণ নীতি অৱলম্বন কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল৷ চৰকাৰে বিদেশী অনুপ্রৱেশকাৰীক প্রশ্রয় দিয়া আৰু একাংশ কংগ্রেছ নেতাই বিদেশীৰ পক্ষ লোৱাৰ অভিযোগ তুলি বিধায়ক দাসে সদনত আৰু কৈছিল– ‘আমাৰ বহুতে ইচ্ছাকৃতভাৱেই হওক বা অনিচ্ছাকৃতভাৱেই হওক পাকিস্তানক সমর্থন কৰি কথা কোৱা আমি দেখিছো৷ আমাৰ চৰকাৰে নিৰাপত্তা আনিব পাৰিব বুলি আমি আস্থা ৰাখিব পৰা নাই৷ পাকিস্তান চৰকাৰে ভাৰতৰ পৰা লাখ লাখ ভাৰতীয় মুছলমান উলিয়াই পঠিয়াইছে বুলি অপপ্রচাৰ কৰিছে৷ এই কথা কেৱল সকলো মুছলমান ৰাজ্যতে তেওঁলোকে প্রচাৰ কৰি এৰা নাই, ৰাষ্ট্রসংঘৰ সভাতো এইদৰে অপপ্রচাৰ কৰিবলৈকে প্রয়াস কৰিছে৷ গৰিহণা দিবলৈ চেষ্টা কৰি আছে৷ কিন্তু এই কথাটোকে আমাৰ চৰকাৰ পক্ষৰ আৰু আন পক্ষৰো সদস্য কিছুমানে সমর্থন কৰি বত্তৃণতা দিছে৷ এই সদনৰ কেইবাগৰাকী সদস্যই পাকিস্তান চৰকাৰৰ লগত সুৰ মিলাই বত্তৃণতা দিছে৷ আমাৰ সদনৰ কার্যাৱলীৰ বিৱৰণী চালেই ভাৰতীয় মুছলমানক ডলিয়াই দিয়া বুলি পাকিস্তানে চলোৱা সিহঁতৰ মিছা আৰু হীন প্রচাৰৰ সমর্থন পাব৷ ই বৰ পৰিতাপৰ কথা৷ আমাৰ মুখ্যমন্ত্রী সংখ্যালঘু সম্প্রদায়ৰ প্রতি বৰ সহানুভূতিশীল৷ তেখেত ইমান সহানুভুতিশীল যে বহু সময়ত তেখেতক পক্ষপাতি বুলি ভবা হয়৷ এনে এজন মুখ্যমন্ত্রী পায়ো যদি এজনো ভাৰতীয় মুছলমানক খেদা হৈছিল, তেনেহ’লে তেখেতৰ ওচৰলৈ আহি কিয় কোৱা নাছিল? মই কওঁ তেনেকুৱা ঘটনা এটাও হোৱা নাই৷ এজনো অসমীয়া মুছলমানক ভাৰতৰ পৰা খেদি দিয়া হৈছেনে? কোনোবা বঙালী মুছলমান লোকক মাত–কথা একে যেন দেখি হয়তো প্রশ্ন সোধা হ’ব পাৰে, কিন্তু কাকো ইয়াৰ পৰা খেদোৱা হোৱা নাই৷ পাকিস্তানী নে হিন্দুস্তানী বুলি প্রশ্ন কৰিলেই অভিমানত ওফন্দি ডঠাসকলে বেয়া পালেও পুলিচৰ এই প্রশ্ন সোধাৰ অধিকাৰ আছে আৰু তাৰ দ্বাৰা কাৰো মান লাঘৱ নহয়৷ পাকিস্তানী কাগজে হ’লে ভাৰতৰ পৰা ভাৰতীয় মুছলমানক বহিষ্কাৰ কৰা হৈছে বুলি খুব জোৰকৈ প্রচাৰ কৰিছে আৰু সিহঁতৰ সংখ্যা লাখ লাখ হ’ব বুলি কৈছে৷ পুলিচৰ হাতত অনুপ্রৱেশকাৰী বাহিৰ কৰাৰ ভাৰ দিয়াত ভাৰতীয় মুছলমানক খেদিব বুলি এটা আন্দোলনেই আৰম্ভ হৈ গ’ল৷ তাৰ কাৰণে চৰকাৰে ড্রিবুনেল পাতিলে, কিন্তু আন দেশত এনে কাম পুলিচৰ হাততে দিয়া হয়৷Foreigners Act মতে প্রশাসন বিভাগৰ বিষয়াইহে বিদেশী লোকক বহিষ্কাৰ কৰিব লাগে– বিচাৰকে নহয়৷Tribunal নিয়োগ চলিত আইনৰ বিৰুদ্ধে হৈছে৷ এই ট্রিবুনেল পতাৰ সিদ্ধান্তEastern Zonal Councilৰ সভাত কৰিলে সঁচা, কিন্তুTribunal নিয়োগ কৰা হ’ব বুলি জনৈক মন্ত্রী আৰু তেওঁৰ অনুচৰসকলে বহুদিনৰ পৰাই প্রচাৰ কৰি ফুৰিছিল৷ বহিষ্কাৰ আৰম্ভ হোৱাৰ আগতেই দিল্লীৰ পৰা তিনিজন মুছলমান নেতা আহি অসম পাইছিলহি৷ তেওঁলোকে বৰপেটালৈও গৈছিল কিমান ভাৰতীয় মুছলমান খেদিলে তাক চাবলৈ৷ এই তিনিজন নেতা বোলে কংগ্রেছী এম পি, এনে এটি সম্পূর্ণ পাকিস্তানী অযুগুত ভাবৰ আন্দোলন তেওঁলোকৰ মাজত অনুপ্রৱেশকাৰীক বহিষ্কাৰ আৰম্ভ কৰাৰ আগতেই গঢ়ি ডঠিছিল৷ আজি হয়তো কোনো কোনো ভাৰতীয় মুছলমান পাকিস্তানলৈ গৈয়ে আছে৷ তেওঁলোক ইয়াত অত্যাচাৰ পাই যোৱা নাই৷ তেওঁলোকে তাত কিবা সা–সুবিধা পাব বুলিহে গৈছে৷ ভাৰতীয় মুছলমানসকলৰ শতকৰা ৯৫জনে পাকিস্তান বিচাৰি আন্দোলন কৰিছিল, গতিকে এতিয়া পাকিস্তান ৰাজ্য স্থাপন হোৱাত, ভাৰতীয় মুছলমান যে তালৈকে যাব তাত বিস্ময় মানিবৰ একো নাই৷ ভাৰতীয় মুছলমানক পাকিস্তানলৈকে খেদি দিয়া হৈছে বুলি আন্দোলন কৰাৰ কোনো প্রয়োজন নাই৷ এই আন্দোলন কৰিছে আমাৰ চৰকাৰ আৰু ৰাইজৰ গাত সাম্প্রদায়িকতাৰ কালিমা সনাৰ ডদ্দেশ্যে৷ মই এইবোৰ কথা কোৱা কাৰণে মুছলমান সম্প্রদায়ৰ বহুতে মোক মুছলমান বিৰোধী বুলি কয়, কিন্তু মই আজিলৈকে কোনোদিনে ভাৰতীয় মুছলমান ডলিয়াব লাগে বুলি কোৱা নাই৷ যিসকল লোকে পাকিস্তানী অনুপ্রৱেশকাৰীসকল ডলিয়াই দিলে কোনো সম্প্রদায়ক অন্যায় কৰা বুলি ভাবে তেওঁলোকহে নিঃসন্দেহে ঘোৰ সাম্প্রদায়িকতা দোষত দোষী৷’

সাম্প্রদায়িক শক্তিয়ে চলাইছিল অপপ্রচাৰ

‘পাক অনুপ্রৱেশকাৰীক বহিষ্কাৰ কৰিলে মুছলমান সম্প্রদায়ক অন্যায় কৰা বুলি ভবা মনোভাব সম্পূর্ণৰূপে সাম্প্রদায়িক মনোবৃত্তিৰ পৰা উদ্ভৱ৷ সিদিনা এজন বন্বুূৱে মোক কৈছে– ‘আপুনি মুছলমানক বেয়া বুলি কৈছে৷’ মইনো ক’ত তেনেকৈ কৈছো? এইটো সম্পূর্ণ সাম্প্রদায়িক মনোবৃত্তি আৰু পাকিস্তান অনুগতসকলৰ প্রচাৰ৷ আজি অসমৰ মুছলমান সম্প্রদায় ভীতিগ্রস্ত হৈছে আৰু তেওঁলোক সন্ত্রস্ত হৈছে বুলিও কথা ডঠিছে৷ ক’তা তেওঁলোকতো সন্ত্রস্ত হোৱা নাই– হৈছেছা আমিহে৷ ভয় পালে বা সন্ত্রস্ত হ’লে তাৰ কিছুমান বাহ্যিক লক্ষণ প্রকাশ পাব লাগে, আমাৰ ৰাজ্যৰ মুছলমান সম্প্রদায়ৰ লোকৰ মাজত তেনে কোনো লক্ষণ প্রকাশ পোৱা নাই৷ তেওঁলোকৰ দৈনন্দিন কাম–কাজ সমানে চলাইছে, ল’ৰা–ছোৱালী সুকললৈ গৈছে, পৰৱ পালন কৰিছে, হাট–বজাৰ, ক’ট–কাছাৰী আদিলৈকেও নির্ভয়ে গৈ আছে৷ তথাপি এইদৰে কথা ডলিয়াই অসম চৰকাৰৰ বিৰুদ্ধেহে প্রচাৰ কৰিছে আৰু সংখ্যাগৰিষ্ঠ হিন্দু সম্প্রদায়ক দোষ দিবৰ চেষ্টা কৰিছে৷ আনহাতে, অসম চৰকাৰেই এই প্রচাৰ কৰা মানুহবিলাকক প্রশ্রয় দিছে, তেওঁলোকৰ দলৰ মানুহে সিহঁতক আশ্রয় দিছে৷ সন্ত্রাস হ’লে– যাৰ পৰা ভয় পায়, তাৰ ওচৰলৈ নাযায়৷ অথচ তেওঁলোকে কিছুদিন আগতে কামৰূপৰ লোহাৰবাখা গাঁৱত হিন্দুৰ সৰস্বতীৰ মূর্তি ভাঙি নষ্ট কৰিছে৷ গোলাঘাটৰ এজন মুছলমানে শিৱলিংগ ভাঙি পেলাইছে৷ পিছত কোৱা হৈছে– সেই মানুহজন পাগল৷ যদি সেয়ে হয়– তেন্তে সি মছজিদত গৈ একো কৰিব নোৱাৰি ভাঙিলে হিন্দুৰ শিৱলিংগটো৷ এইটো কেনেধৰণৰ বলিয়ালি তাক আমি বুজি নাপাওঁ৷ অলপতে বিৰোধী দলৰ সদস্য তাৰাপদ ভট্টাচার্যৰ ঘৰত কটা গৰুৰ মূৰ এটি দিয়া হৈছে৷’

বিধায়ক দাসৰ বিস্ফোৰক অভিযোগ– ‘এইটো হিন্দুসকলৰ ধর্মই নহয় যে আন ধর্মৰ মানুহক পীডন কৰিব৷ কোনোদিন আমি লোকৰ ধর্মত হাত দিয়া নাই, অত্যাচাৰ কৰা নাই৷ আজি সন্ত্রাসিত হৈছে এনে এটি বৃহৎ অঞ্চলত, য’ত পমুৱা মুছলমানসকল ভৰি আছে আৰু তাৰ ওচৰে–পাঁজৰে মাত্র দুই–এখনহে হিন্দু গাঁও আছে৷ নগাঁও চহৰৰ ওচৰৰ মুছলমান বসতিৰ ঠাইবিলাকত তেওঁলোক সংখ্যাত কম হ’লেও ভয় পোৱা নাই৷ একেদৰে বৰপেটা চহৰৰ ওচৰত থকা মুছলমানৰ সংখ্যা কম হ’লেও তেওঁলোকে ভয় পোৱা নাই৷ কিন্তু নগাঁও জিলাৰ মোৰাঝাৰ থানা অঞ্চলত, য’ত শতকৰা ৯০জন মুছলমান আছে, বৰপেটা মহকুমাৰ বালিকৰি অঞ্চলত, য’ত শতকৰা ৯৫জন মানুহ মুছলমান সম্প্রদায়ৰ, তাতেহে তেওঁলোকে ভয়ত পেঁপুৱা লাগিল৷ ই আকৌ কিৰকম সন্ত্রাস?… চৰকাৰে কঠোৰ ব্যৱস্থা অৱলম্বন নকৰাৰ কাৰণে আমাৰ ৰাজ্যত সাম্প্রদায়িক মনোবৃত্তিসম্পন্ন লোকসকলে আসৈ পাইছে৷ আমাৰ ইয়াত সন্ত্রাসৰ সৃষ্টি কৰি, কলিকতাৰ নিচিনা গণ্ডগোলৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ এই পাকিস্তানী অনুচৰসকলে চেষ্টা কৰিছিল আৰু কৰি আছে৷’

You might also like