নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৩০ মে’, জেঠ মাহৰ ১৫ তাৰিখ
মঙলবাৰঃ তিথি–শুক্লা দশমী, নক্ষত্রঃ হন্তা, যাত্রাঃ দিনদগ্ধা

মেষঃ ব্যৱসায়ত নতুন সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ বিদ্যার্থীসকলৰ বেয়া নহয় ৷ প্রাপ্য ধন লাভৰ সম্ভাৱনা ৷ শুভ বর্ণ পাতল হালধীয়া বা ক্রীম ৰং ৷ শুভ সংখ্যা ১ ৷
বৃষঃ কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব ৷ আজি আপুনি বিষ্ণু মন্দিৰত পূজা কৰিব আৰু নিৰামিষ আহাৰ গ্রহণ কৰিব ৷ শুভ বর্ণ নীলা ৷ নীলা ৰঙৰ কাপোৰ পিন্ধি যাত্রা কৰিব ৷ শুভ সংখ্যা ৪ ৷
মিথুনঃ হঠাৎ ধনপ্রাপ্তিৰ যোগ ৷ ব্যৱসায়ত মধ্যম ৷ আকস্মিক সংযোগত সুখ ৷ যাত্রা কৰিলে পুৱাবেলা কৰিব আৰু প্রথম যাত্রাটো পূব দিশত কৰিব ৷ শুভ বর্ণ বগা ৷ শুভ সংখ্যা ৬ ৷
কর্কটঃ ব্যৱসায়ত লাভৰ সংযোগ ৷ প্রাপ্য ধন পোৱাৰ সম্ভাৱনা ৷ যাত্রা দিনৰ দহ বজাৰ পিছত কৰিব ৷ সন্ধ্যা শিৱ মন্দিৰত চাকি জ্বলাব ৷ শুভ বর্ণ পাতল সেউজীয়া ৷ শুভ সংখ্যা ২ ৷
সিংহঃ অনুকূল দিন ৷ বিদ্যার্থীসকলে ৰঙা ফুলেৰে পূজা কৰি হাতত ৰঙা সূতাৰে তিনি পাক দি বান্ধি ল’ব ৷ আজি ৰঙা আপোনাৰ শুভ ৰং ৷ যাত্রাদি কৰিব পাৰে ৷ শুভ সংখ্যা ৩ ৷
কন্যাঃ ঘৰুৱা সমস্যা বৃদ্ধি পাব ৷ কর্মক্ষেত্রত মর্যাদা হানি হ’ব পাৰে ৷ ব্যৱসায়ত মধ্যম ফল ৷ শুভ বর্ণ গুলপীয়া ৷ শুভ কর্মত আগবাঢ়িব পাৰে ৷ যাত্রা শুভ ৷ শুভ সংখ্যা ৯ ৷
তুলাঃ শৰীৰ ভালেৰে যোৱা টান ৷ আর্থিকত বেয়া নহয় ৷ কর্মক্ষেত্রত যোগ্যতা থাকিব ৷ আজি আপুনি আকাশী ৰং ব্যৱহাৰ কৰিব ৷ শুভ সংখ্যা ৬ ৷
বৃশ্চিকঃ শুভ সংকেত ৷ বুদ্ধিৰ প্রসাৰ বৃদ্ধি পাব ৷ পুৱা–গধূলি শিৱৰ মন্ত্র জপ কৰিব ৷ ৰাতি নিৰামিষ আহাৰ খাব ৷ কমলা আপোনাৰ শুভ বর্ণ ৷ শুভ সংখ্যা ৭ ৷
ধনুঃ আর্থিকপ্রাপ্তি থাকিলেও খৰচ নকমিব ৷ ৰাজহুৱা কামত যোগাযোগ ৷ বিদ্যার্থীসকলৰ শুভ ৷ শুভ বর্ণ মেৰুন ৷ পৰাপক্ষত যাত্রা নকৰিব ৷ শুভ সংখ্যা ২ ৷
মকৰঃ ব্যৱসায়িক যোগাযোগত ভাল যদিও আর্থিক উন্নত নহ’ব ৷ সন্তানৰ চিন্তা থাকিব ৷ আজি আপুনি ক’লা ৰঙৰ কাপোৰ পিন্ধিব ৷ ক’লা আপোনাৰ শুভ ৷ শুভ সংখ্যা ৩ ৷
কুম্ভঃ ঘৰুৱা পৰিৱেশ মজলীয়া ৷ আর্থিক লেনদেনত সাৱধান হওক ৷ শুভ কর্ম কৰিব পাৰে ৷ শুভ বর্ণ ক্রীম ৷ ভ্রমণৰ সময়ত এই ৰঙৰ ব্যৱহাৰ কৰক ৷ শুভ সংখ্যা ৮ ৷
মীনঃ ব্যৱহাৰিক দিশত শান্তি থাকিব ৷ পঢ়া–শুনাত শুভ ৷ কর্মক্ষেত্রত খ্যাতি লভিব ৷ আপোনাৰ শুভ বর্ণ হালধীয়া ৷ আজি হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব ৷ শুভ সংখ্যা ১ ৷

You might also like