নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সর্ববৃহৎ নিযুক্তি সমাৰোহ

একেদিনাই অসমৰ ৪৪,৭০৩গৰাকী শিক্ষিত নিবনুৱাক চৰকাৰী নিযুক্তি দি অভিলেখ গঢ়িলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰে ৷ ২০২১ৰ বিধানসভা নির্বাচনৰ সময়ত ৰাজ্যখনৰ এক লাখ নিবনুৱাক চৰকাৰী চাকৰিত নিয়োগ কৰাৰ বাবে বিজেপিয়ে নির্বাচনী ইস্তাহাৰত প্রদান কৰা প্রতিশ্রুতি অনুসৰিয়ে এই সর্ববৃহৎ নিযুক্তি সমাৰোহ আয়োজন কৰা হৈছে ৷ মুখ্যমন্ত্রী ড০ শর্মাৰ বিগত দুবছৰীয়া কার্যকালত ইতিমধ্যে ৪১,৯২০গৰাকী প্রার্থীক বিভিন্ন চৰকাৰী বিভাগত নিয়োগ কৰা হৈছে ৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত ২৫ মে’ত খানাপাৰা খেলপথাৰত অনুষ্ঠিত নিযুক্তি সমাৰোহত ৪৪,৭০৩গৰাকী প্রার্থীক বিভিন্ন চৰকাৰী বিভাগত নিযুক্তি–পত্র প্রদান কৰাৰ ফলত যোৱা দুবছৰত মুঠ ৮৬,৬২৩গৰাকী নিবনুৱাই চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে ৷ নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্য চৰকাৰে নিযুক্তি সমাৰোহৰ জৰিয়তে শিক্ষিত নিবনুৱাসকলক চৰকাৰী চাকৰিত মকৰল কৰাৰ বাবে যি পদক্ষেপ লৈছে, সেয়া নিশ্চিতভাৱে আদৰণীয় ৷ আটাইতকৈ শুভ সংবাদ এই যে নিযুক্তি প্রক্রিয়া স্বচ্ছ আৰু নিকাভাৱে সম্পন্ন কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মা নেতৃত্বাধীন চৰকাৰখন সফল হৈছে ৷ চৰকাৰী নিযুক্তি প্রক্রিয়াত স্বজন–প্রীতি, দুর্নীতি–নিয়ম নতুন কথা নহয় ৷ বছৰ বছৰ ধৰি এনে অশুভ প্রক্রিয়াই চৰকাৰী নিযুক্তি প্রক্রিয়াত প্রভাৱ বিস্তাৰ কৰাৰ ফলত ৰাজ্যখনৰ শিক্ষিত আৰু যোগ্য প্রার্থীসকলৰ সিংহভাগেই বঞ্চিত হৈছে ৷ চৰকাৰী নিযুক্তি প্রক্রিয়াৰ এনে অশুভ পন্থাৰ বাবে ঘাইকৈ দুখীয়া আৰু পিছপৰা অঞ্চলৰ প্রার্থীসকল অধিক ক্ষতিগ্রস্ত হৈছিল ৷ মন্ত্রী আৰু প্রভাৱশালী আমোলাৰ ছত্রছায়াত গঢ়ি উঠা চৰকাৰী চাকৰিৰ বজাৰখনৰ বাবে দুখীয়া মেধাৱী ছাত্র–ছাত্রীসকলে চৰকাৰী চাকৰিৰ মোহ ত্যাগ কৰি জীৱন–জীৱিকাৰ অন্য পথ বাছি ল’ব লগা হৈছিল ৷ অসমৰ দৰে এখন সৰু ৰাজ্যত এইদৰে সর্ববৃহৎ নিযুক্তি সমাৰোহ অনুষ্ঠিত কৰাটো সহজসাধ্য ঘটনা নহয় ৷ আজিৰে পৰা প্রায় ২৫ বছৰ পূর্বৰ ৰাজ্যখনৰ বিত্তীয় পৰিস্থিতিৰ কথা মনত পৰিলে এয়া এক সপোন সপোন লাগে ৷ ১৯৯৬ত ৰাজ্যৰ মুখ্যমন্ত্রীৰ আসনত প্রফুল্ল কুমাৰ মহন্ত অধিষ্ঠিত হোৱাৰ পাছতেই অসমখন গভীৰ বিত্তীয় সংকটৰ সন্মুখীন হৈছিল ৷ ৰাজ্য চৰকাৰৰ অধিকাংশ উন্নয়নমূলক আঁচনিৰ কাম–কাজ স্তব্ধ হৈছিল ৷ আনকি ৰাজ্যৰ চৰকাৰী চাকৰিয়ালসকলে মাহেকৰ দৰমহা সময়মতে লাভ কৰা নাছিল৷ অভাৰ ড্রাফটৰ সমস্যাৰ বাবে ৰিজার্ভ বেংকে প্রতিমাহৰ অধিকাংশ দিন চৰকাৰী লেনদেনত নিষেধাজ্ঞা আৰোপ কৰিছিল ৷ এনে অৱস্থাত বিভিন্ন বিভাগত খালী হৈ থকা নিযুক্তি প্রক্রিয়াতো আৰোপ কৰা হৈছিল কঠোৰ বাধা–নিষেধ ৷ বিগত দুটা দশকৰ ভিতৰত ৰাজ্যখনৰ বিত্তীয় অৱস্থা বহু পৰিমাণে উন্নত হৈছে আৰু চৰকাৰী কর্মচাৰীসকলে সপ্তম দৰমহা আয়োগৰ প্রতিবেদন অনুসৰি দৰমহা আৰু অন্যান্য বানচ লাভ কৰিবলৈ সক্ষম হৈছে ৷ এয়া নিশ্চিতভাৱে ৰাজ্যখনৰ বাবে এক শুভ লক্ষণ ৷
সর্ববৃহৎ নিযুক্তি সমাৰোহত একেদিনাই ৪৪,৭০৩গৰাকী প্রার্থীক নিযুক্তি প্রক্রিয়াক লৈ এইবাৰ লক্ষণীয়ভাৱে শিক্ষিত নিবনুৱাসকলৰ মাজত এক ইতিবাচক পৰিৱেশ গঢ়ি উঠিছে ৷ চৰকাৰী নিযুক্তিৰ বাছনিত নুঠা প্রার্থীসকলৰ মাজত এতিয়ালৈ ক্ষোভ–অসন্তুষ্টি সৃষ্টি হোৱা পৰিলক্ষিত হোৱা নাই ৷ ইয়াৰ মূলতেই হ’ল চৰকাৰী নিযুক্তি প্রক্রিয়াত পূর্বৰ অশুভ পৰম্পৰাসমূহ কঠোৰ হাতেৰে প্রতিহত কৰি মুখ্যমন্ত্রী ড০ শর্মাই নিযুক্তিত সম্পূর্ণ স্বচ্ছ আৰু নিকা ব্যৱস্থা লৈছে ৷ বিভাগীয় সকলো নীতি–নিয়মৰ বাবে এক লাখ নিযুক্তিৰ ঈপ্সিত লক্ষ্য সম্পূর্ণ কৰিবলৈ আৰু ছমাহ প্রয়োজন হ’ব বুলি মুখ্যমন্ত্রীগৰাকীয়ে ঘোষণা কৰিছে ৷ চৰকাৰী নিযুক্তি প্রক্রিয়াত বিভাগীয় নীতি–নিয়ম আওকাণ কৰাৰ ফলতেই বছৰ বছৰ ধৰি বিভিন্ন বিভাগত খালী হৈ থকা পদসমূহৰ নিযুক্তিৰ ব্যৱস্থা হোৱা নাছিল ৷ কিয়নো এনে অন্যায়ৰ বিৰুদ্ধে বঞ্চিত প্রার্থীসকলে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৷ ন্যায়ালয়ত গোচৰ নিষ্পত্তি নোহোৱালৈকে নিযুক্তি প্রক্রিয়া বন্ধ কৰি ৰখা হৈছিল ৷ আনকি নিযুক্তি প্রক্রিয়াত চলা অৰাজকতাৰ বাবে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত একাংশ অযোগ্য লোকেও নিযুক্তি লাভ কৰাৰ অভিযোগ আছে ৷ অনুমোদিত নির্ধাৰিত পদতকৈ কেইবাগুণো অধিক নিযুক্তি দিয়াৰ ঘটনাও পূর্বৰ চৰকাৰসমূহৰ কার্যকালত সংঘটিত হৈছিল ৷ ৰাজ্যখনৰ শিক্ষিত আৰু মেধাৱী প্রার্থীসকলক স্বচ্ছ আৰু নিকা ব্যৱস্থাৰে নিযুক্তিৰ পথ মুকলি কৰা ব্যক্তিজনেই হ’ল মুখ্যমন্ত্রী ড০ শর্মা ৷ ড০ শর্মাই ১০ বছৰ পূর্বে ৰাজ্যৰ শিক্ষামন্ত্রীৰ দায়িত্বত থকাৰ সময়ত প্রায় ৭০ হাজাৰ মেধাৱী প্রার্থীক টেট শিক্ষকৰূপে নিযুক্তি প্রদান কৰিও এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল ৷ টেট শিক্ষকসকলে ৰাজ্যখনৰ মাতৃভাষাৰ বিদ্যালয়সমূহৰ শিক্ষাৰ পৰিৱেশ উন্নত কৰাই নহয়, চৰকাৰী শিক্ষা ব্যৱস্থাৰ প্রতি আস্থা আৰু বিশ্বাস ঘূৰাই আনিবলৈ বহু পৰিমাণে সক্ষম হৈছে ৷ আমাৰ প্রশাসন ব্যৱস্থাক স্বচ্ছ আৰু নিকা কৰাৰ বাবে যিমানবোৰ ব্যৱস্থা গ্রহণ কৰা হৈছে, তাৰ সুফল এতিয়াও সর্বসাধাৰণ ৰাইজে লাভ কৰা নাই ৷ বিভিন্ন বিভাগৰ গুৰুত্বপূর্ণ দায়িত্বত থকা বিষয়া–কর্মচাৰীৰ বৃহৎসংখ্যক এতিয়াও দুর্নীতিৰ ক’লা ধনৰ মোহ এৰিব পৰা নাই ৷ সেয়ে দুর্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰখনে আৰম্ভ কৰা শূন্য সহনশীল স্থিতি সত্ত্বেও চৰকাৰী কার্যালয়ত ঘোচ লৈ হাতে–লোটে ধৰা পৰি আছে বিষয়া–কর্মচাৰী ৷ এনে কাণ্ড–কাৰখানা দেখি দেখি প্রশাসন ব্যৱস্থাৰ প্রতি সর্বসাধাৰণ ৰাইজৰ আস্থা আৰু বিশ্বাস ঘূৰি অহা নাই ৷ বিগত দুটা বছৰত স্বচ্ছ আৰু নিকা ব্যৱস্থাৰে নিযুক্তিপ্রাপ্ত প্রায় এক লাখ যুৱক–যুৱতীয়ে ইচ্ছা কৰিলে ৰাজ্যৰ প্রশাসন ব্যৱস্থাক ন ৰূপত গঢ়াৰ ব্যৱস্থা কৰিব পাৰে ৷ প্রশাসন ব্যৱস্থাক জনসাধাৰণৰ ওচৰ চপাই নিয়াত সহায় কৰিব পাৰে ৷ চৰকাৰী বিভাগসমূহৰ কাম–কাজ স্বচ্ছতাৰে সম্পাদন কৰি সর্বসাধাৰণ ৰাইজৰ মাজত আস্থা আৰু বিশ্বাসৰ সেতু শক্তিশালী কৰিব পাৰে নৱনিযুক্ত যুৱক–যুৱতীসকলে ৷

You might also like