নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৫ জুন, জেঠ মাহৰ ২১ তাৰিখ
সোমবাৰঃ তিথি–কৃষ্ণা প্রতিপাদ, নক্ষত্রঃ মূলা, যাত্রাঃ মধ্যম

মেষঃ উপার্জন আৰু সঞ্চয় বৃদ্ধিৰ যোগ ৷ দেহ ভাল বুলি ক’ব পাৰি ৷ হেৰুওৱা সম্পদ পুনঃপ্রাপ্তি ৷ অবাধ্য সন্তান-সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে ৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ২ ৷
বৃষঃ বৈষয়িক অৱস্থাৰ স্বল্পাধিক উন্নতি সম্ভৱ ৷ শিল্পীসকলৰ প্রাপ্য সন্মান লাভে আনন্দৰ কাৰকতা ৷ পত্নীৰ লগত মতবিৰোধ ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৪ ৷
মিথুনঃ অপ্রত্যাশিতভাৱে ধন লাভৰ যোগ আছে ৷ কর্মসূত্রত ভ্রমণ যোগ ৷ নতুন উৎসাহজনক খবৰে আনন্দিত কৰিব ৷ মনত হতাশা ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮ ৷
কর্কটঃ পৈতৃক সম্পত্তি লাভৰ ক্ষেত্রত বিলম্ব ৷ অভিজ্ঞ ব্যক্তিৰ পৰামর্শত সংকট মুক্তি আৰু প্রয়োজনীয় ধনাগম ৷ বিদ্যাত শুভ ৷ শুভ ৰং ক’লা ৷ শুভ সংখ্যা ৭ ৷
সিংহঃ কর্মক্ষেত্রত জটিলতাৰ উদয় হ’ব পাৰে ৷ কোনো কাৰণত মনটো গধুৰ হ’ব পাৰে ৷ শৰীৰ মধ্যম ৷ প্রেমত শুভ ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৫ ৷
কন্যাঃ ৰাজহুৱা কামত জড়িতসকলে সহানুভূতি লাভ কৰিব ৷ দুই–এটা কামত বাধাৰ কাৰকতা ৷ দাম্পত্যত মতানৈক্য ৷ বিদ্যাত জটিলতা ৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩ ৷
তুলাঃ কর্মক্ষেত্রত শান্তিৰে কাম কৰিব পাৰিব ৷ আর্থিকত ভালেই দেখা যায় ৷ বিদ্যাত শুভ ফল ৷ প্রেমত বুজাবুজি ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৬ ৷
বৃশ্চিকঃ জ্যেষ্ঠজনক অৱজ্ঞাৰ পৰা বিৰত থাকক ৷ আর্থিক অসুবিধা পাব পাৰে ৷ ফুৰা–চকাত সতর্ক হ’ব ৷ বিদ্যাত বিশৃংখলা ৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৯ ৷
ধনুঃ ব্যৱসায়ত লাভৰ কাৰকতা ৷ সমাজসেৱীসকলৰ সন্ধান বৃদ্ধিৰ কাৰক ৷ নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ ৷ দাম্পত্যত শুভ ফল ৷ শুভ ৰং গুলপীয়া শুভ সংখ্যা ৪ ৷
মকৰঃ চাকৰিয়ালসকলৰ বাবে দিনটো শুভ ৷ কর্মত নতুন পৰিকল্পনাত উপকৃত হ’ব ৷ নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ ৷ প্রেমত বাধা ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫ ৷
কুম্ভঃ পুৰণা মামলা–মোকর্দমা নিষ্পত্তি হ’ব পাৰে ৷ বাধা-বিঘিনিৰ মাজেদি কর্মত সাফল্য ৷ আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য ৷ প্রেমত শুভ ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ১ ৷
মীনঃ আর্থিক উন্নতি ৷ যোগাযোগ আদিত আশাপূর্ণ অগ্রগতি ৷ মানসিক অৱস্থা বিশেষ ভাল নাযাব পাৰে ৷ প্রেমত শুভ ফল ৷ শুভ ৰং বগা, শুভ সংখ্যা ২ ৷

You might also like