নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৮ ছেপ্টেম্বৰ, ভাদ মাহৰ ২২ তাৰিখ
সোমবাৰ : তিথি–কৃষ্ণা প্রতিপদ, নক্ষত্র : পূর্বভাদ্রপদ, যাত্রা : শুভ

মেষ : কোনো কামৰ বাবে চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে বা নতুন কোনো প্ৰতিষ্ঠানৰ পৰা স্বীকৃতি লাভ কৰিব পাৰে। কিন্তু শাৰীৰিক স্বাস্থ্য ভালে ৰখাটো কঠিন হ’ব। পৰিয়ালত কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে। শুভ ৰং : ৰঙা। শুভ সংখ্যা : ১।

বৃষ : কৰ্মক্ষেত্ৰ আৰু পৰিয়ালৰ পৰিৱেশত উৎসাহৰ অভাৱ দেখা যাব। প্ৰত্যাশা অনুসৰি সকলো ক্ষেত্ৰত ভাল ফলাফল নাপাবও পাৰে। ভ্ৰমণৰ সময়ত মনোযোগী হ’ব। শুভ ৰং : নীলা। শুভ সংখ্যা : ৬।

মিথুন : আৰ্থিক অৱস্থাত সামান্য উন্নতিৰ সম্ভাৱনা। নতুন চাকৰিৰ বাবে দূৰলৈ যাত্ৰা কৰিব পাৰে। শিল্পীসকলে প্ৰাপ্য সন্মান লাভ কৰিব। আনন্দৰ মুহূৰ্তৰ সৃষ্টি হ’ব, কিন্তু পত্নীৰ সৈতে মতানৈক্য হ’ব পাৰে। শুভ ৰং : পাতল সেউজীয়া। শুভ সংখ্যা: ৩।

কৰ্কট : পৈতৃক সম্পত্তি লাভত বিলম্ব হ’ব পাৰে। অভিজ্ঞ লোকৰ পৰামৰ্শৰ দ্বাৰা সংকটৰ পৰা মুক্তি আৰু প্ৰয়োজনীয় আৰ্থিক লাভ হ’ব। গৱেষকসকলে সফলতা অৰ্জন কৰিব। ভ্ৰমণৰ সম্ভাৱনা আছে। শুভ ৰং: সোণালী। শুভ সংখ্যা: ৫।

সিংহ : পুৰণি আইনী বিবাদৰ সমাধান হ’ব পাৰে। বাধাৰ মাজতো কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। আয় বৃদ্ধিৰ বিকল্প প্ৰচেষ্টাত সফলতা। প্ৰেমত আৱেগিক মুহূৰ্ত। শুভ ৰং: ৰঙা। শুভ সংখ্যা: ৯।

কন্যা : উপাৰ্জন আৰু সঞ্চয় বৃদ্ধিৰ শুভ সম্ভাৱনা। স্বাস্থ্য ভাল বুলি ক’ব পাৰি। হেৰুওৱা সম্পত্তি পুনৰ লাভ কৰিব পাৰে। অবাধ্য সন্তানৰ প্ৰতি কঠোৰ হোৱাৰ সম্ভাৱনা। শুভ ৰং: বগা। শুভ সংখ্যা: ৩।

তুলা : আৰ্থিক লাভৰ সম্ভাৱনা। প্ৰযুক্তিবিদ আৰু কম্পিউটাৰ বিজ্ঞানীসকলৰ উল্লেখযোগ্য সফলতা। বন্ধুত্বৰ সম্পৰ্ক দুৰ্বল হ’ব পাৰে। পৰিয়ালত অশান্তিৰ আভাস। শুভ ৰং: সেউজীয়া। শুভ সংখ্যা: ৯।

বৃশ্চিক : ব্যৱসায়ত লাভৰ সম্ভাৱনা। সমাজসেৱীসকলৰ সন্মান বৃদ্ধি। উচ্চপদস্থ ব্যক্তিৰ সৈতে শুভ যোগাযোগ বজাই থাকিব। শুভ ৰং : হালধীয়া। শুভ সংখ্যা : ৮।

ধনু : চাকৰিয়ালসকলৰ বাবে অনুকূল দিন। নতুন পৰিকল্পনাৰ দ্বাৰা কৰ্মক্ষেত্ৰত লাভৱান হ’ব। নিবনুৱাসকলে চাকৰি পোৱাৰ সম্ভাৱনা। খৰচৰ পৰিমাণ বৃদ্ধি পাব। শুভ ৰং: ৰঙা। শুভ সংখ্যা: ৩।

মকৰ : কৰ্মক্ষেত্ৰত শান্তিপূৰ্ণভাৱে কাম কৰিব পাৰিব। আৰ্থিক দিশত ভাল ফল। আয়ৰ ক্ষেত্ৰত অনুকূল পৰিস্থিতি। শিক্ষাৰ ক্ষেত্ৰত মিশ্ৰিত ফলাফল। শুভ ৰং : ক’লা। শুভ সংখ্যা : ৪।

কুম্ভ : ৰাজহুৱা কামত নিয়োজিতসকলে সহানুভূতি লাভ কৰিব। স্বাস্থ্যৰ কিছু উন্নতি। কিছুমান কামত বাধাৰ সন্মুখীন হ’ব পাৰে। শুভ ৰং: নীলা। শুভ সংখ্যা: ৪।

মীন : কৰ্মক্ষেত্ৰত জটিলতাৰ সৃষ্টি হ’ব পাৰে। কোনো কাৰণত মন ভাৰাক্ৰান্ত হ’ব পাৰে। ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব। শুভ ৰং : নীলা। শুভ সংখ্যা : ৫।

You might also like