সুধাকণ্ঠৰ জন্ম শতবর্ষ
অসংখ্য সৃষ্টিৰে বিশ্ব দৰবাৰত অসমীয়া জাতিক এটি উন্নত জাতিসত্তা হিচাপে প্রতিষ্ঠা কৰি থৈ গৈছে ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাই৷ তেওঁ কেৱল এগৰাকী শিল্পী, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, চলচ্চিত্র পৰিচালক আৰু ছবি নির্মাতাই নহয়, তেওঁ আছিল এগৰাকী মানৱতাবাদী শিল্পী৷ অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেওঁ গীত ৰচনা কৰি কণ্ঠদান কৰিছিল৷ তেওঁৰ গীতৰ মাজত সর্বসাধাৰণৰ জীৱনৰ বিভিন্ন বিষয় সন্নিৱিষ্ট হোৱা বাবে তেওঁ সকলোৰে হূদয় জয় কৰিবলৈ সক্ষম হৈছিল৷ সেইবাবেই তেওঁ গণশিল্পীৰূপে পৰিচিত৷ এগৰাকী মহান শিল্পীৰ জন্ম শতবর্ষ অসমৰ লগতে সমগ্র দেশৰ বিভিন্ন স্থানত উদযাপন কৰাৰ প্রস্তুতি চলোৱা হৈছে৷ ড০ হাজৰিকাৰ প্রতি শ্রদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে অসম চৰকাৰে অহা ১৩ ছেপ্টেম্বৰৰ পৰা আনুষ্ঠানিকভাৱে জন্ম শতবর্ষ উদযাপনৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰিছে৷ সেইদিনা গুৱাহাটীত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বছৰজোৰা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ কার্যসূচী উদ্বোধন কৰিব৷ ১৩ ছেপ্টেম্বৰত এই আটকধুনীয়া উদ্বোধনী অনুষ্ঠান গুৱাহাটীৰ খানাপাৰাত অৱস্থিত পশু চিকিৎসা বিজ্ঞান খেলপথাৰত অনুষ্ঠিত হ’ব৷ দেশৰ প্রধানমন্ত্রীগৰাকীৰ উপস্থিতিয়ে এই অনুষ্ঠান অধিক মহিমামণ্ডিত কৰি তুলিব৷ অসমৰ জনসাধাৰণৰ বাবে ড০ ভূপেন হাজৰিকাৰ বছৰজোৰা শতবর্ষ অনুষ্ঠান বিশেষভাৱে গুৰুত্বপূর্ণভাৱে সন্মানজনকৰূপে পৰিগণিত হৈছে৷ নিশ্চিতভাৱে গণশিল্পীগৰাকীৰ প্রতি এয়া হ’ব ৰাজ্যবাসীৰ সর্বোচ্চ শ্রদ্ধাঞ্জলি৷ কিয়নো ড০ হাজৰিকা কেৱল এগৰাকী শিল্পী নাছিল৷ তেওঁ আছিল অসমৰ চহা জীৱনৰ কণ্ঠস্বৰ আৰু তেওঁৰ সংগীত আছিল সর্বসাধাৰণৰ জীৱনৰ কবিতা৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ভাষাৰে– ড০ ভূপেন হাজৰিকাৰ গীতৰ কথা চিৰন্তন৷ প্রতিটো প্রজন্মই তেওঁৰ গানত নিজৰ প্রতিফলন বিচাৰি পায়৷ তেওঁ কেতিয়াও জনসাধাৰণৰ পৰা দূৰৈত নাছিল৷ ৫০ বছৰ আগৰ তেওঁৰ সংগীত আজিও সিমানেই সজীৱ আৰু বাস্তৱ৷ সুধাকণ্ঠৰ জন্ম শতবর্ষৰ উদ্বোধনী অনুষ্ঠানত অসমৰ চিৰ সেউজ সাংস্কৃতিক চেতনাৰ ৰেঙনি দেখিবলৈ পোৱা যাব৷ সমগ্র ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা সহস্রাধিক শিল্পীৰ এটা দলে ড০ হাজৰিকাৰ প্রতীকী গান পৰিৱেশন কৰিব৷ সেই গীতবোৰেৰে তেওঁলৈ গভীৰ শ্রদ্ধা নিবেদন কৰা হ’ব৷ এই অনুষ্ঠানতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সুধাকণ্ঠৰ এখন জীৱনী গ্রন্থ মুকলি কৰিব৷ এই গ্রন্থখন ভাৰতৰ বিভিন্ন ভাষালৈ অনূদিত হ’ব৷ সেইদিনাই ভাৰতৰ শিল্পজগত আৰু সাংস্কৃতিক ক্ষেত্রলৈ ড০ ভূপেন হাজৰিকাই আগবঢ়োৱা অৱদানৰ স্থায়ী প্রতীক হিচাপে তেওঁৰ নামত এটি স্মাৰক মুদ্রাও উন্মোচন কৰা হ’ব৷ অনুষ্ঠানত উপস্থিত থাকিব বিশিষ্ট শিল্পী, সাহিত্যিক, ক্রীড়া ব্যক্তিত্ব আৰু শিল্পীগৰাকীৰ অনুৰাগীসকল৷
অসম চৰকাৰে এটি প’র্টেলৰ যোগেদি এই অনুষ্ঠানত অংশগ্রহণৰ বাবে জনসাধাৰণক আমন্ত্রণ জনাইছে৷ অনুষ্ঠান প্রত্যক্ষ কৰাৰ বাবে জিলা পর্যায়ৰ বিভিন্ন স্থানত বৃহৎ স্ক্রীনৰ জৰিয়তে পোনপটীয়া প্রদর্শনৰো ব্যৱস্থা কৰা হৈছে৷ ড০ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসেও ৮ ছেপ্টেম্বৰৰ পৰা বছৰজোৰা কার্যসূচীৰে শিল্পীগৰাকীলৈ শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে৷ মুম্বাইতো ৮ ছেপ্টেম্বৰত আয়োজন কৰা হৈছে ড০ হাজৰিকাৰ জন্ম শতবর্ষ উপলক্ষে বৃহৎ সাংস্কৃতিক অনুষ্ঠানৰ৷ এই অনুষ্ঠানত দেশৰ বহু আগশাৰীৰ শিল্পীয়ে সংগীত পৰিৱেশন কৰি সুধাকণ্ঠলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব৷ ইতিমধ্যে অসম চৰকাৰে ২০২৬ চনৰ ৮ ছেপ্টেম্বৰপর্যন্ত সুধাকণ্ঠৰ জন্ম শতবর্ষ উদযাপনৰ বাবে বিভিন্ন কার্যসূচী গ্রহণ কৰিছে৷ মুখ্যমন্ত্রীৰ নেতৃত্বত ৫০গৰাকী সদস্যই এখন কমিটী গঠন কৰি জন্ম শতবর্ষ উদযাপনৰ পৰিকল্পনা চলাইছে৷ অৰুণাচল প্রদেশতো এই উপলক্ষে স্মাৰক অনুষ্ঠান অনুষ্ঠিত হ’ব৷ কিয়নো অৰুণাচল প্রদেশত এইগৰাকী শিল্পীয়ে শৈশৱ কালৰ বহু সময় অতিবাহিত কৰিছিল৷ তদুপৰি তেওঁৰ সৃষ্টিশীল জীৱনৰ বহু সময় অতিবাহিত কৰা কলকাতাতো অনুষ্ঠিত কৰা হ’ব শতবর্ষ উপলক্ষে বিভিন্ন কার্যসূচী৷ তেওঁৰ জীৱন শতবর্ষ জীৱনী গ্রন্থখন ৰাজ্যৰ দহ লক্ষ লোকক উপহাৰ হিচাপে প্রদান কৰা হ’ব৷ ইয়াৰ উদ্দেশ্য হৈছে এই গ্রন্থখন ৰাজ্যৰ যিকোনো গ্রন্থৰ সর্বোচ্চ মুদ্রিত সংস্কৰণত পৰিণত কৰা৷ কেৱল দেশৰ ভিতৰতে নহয়, বাহিৰৰ দেশতো ড০ ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিক সম্প্রসাৰণ কৰাৰ লক্ষ্যৰে বিভিন্ন ৰাজ্যত কার্যসূচী গ্রহণ কৰা হ’ব৷ অসম চৰকাৰৰ উদ্যোগত গ্রহণ কৰা এনে কার্যসূচী হিচাপে ইতিমধ্যে জাপানৰ ওছাকাত অনুষ্ঠিত কৰা হৈছে এক বর্ণাঢ্য অনুষ্ঠান৷ তাত অনুষ্ঠিত বিশ্ব বাণিজ্য মেলা ২০২৫ত ভাৰতৰ পেভিলিয়নত আয়োজিত অনুষ্ঠানৰ যোগেদি ভাৰতৰত্নগৰাকীৰ সৃষ্টিৰাজি আন্তর্জাতিক মঞ্চত উজলি উঠে৷ কিংবদন্তি গায়ক, গীতিকাৰ আৰু সুৰকাৰগৰাকীৰ বাবে নিবেদিত এই অনুষ্ঠানত সুধাকণ্ঠৰ শৈল্পিক সত্তা পুনৰবাৰ বিশ্ব মঞ্চত দাঙি ধৰা হয়৷ অসমৰ এটি সাংস্কৃতিক দলে গণশিল্পীগৰাকীৰ কিছুসংখ্যক হূদয়স্পর্শী গান এই অনুষ্ঠানত দাঙি ধৰে৷ ইয়াৰ ভিতৰত আছিল– মহাবাহু ব্রহ্মপুত্র, মই এটি যাযাবৰ আৰু মানুহে মানুহৰ দৰে আদিৰ নিচিনা চিৰস্মৰণীয় গীত৷ এই অনুষ্ঠানৰ যোগেদি ড০ হাজৰিকাৰ গানৰ গভীৰতা, তেওঁৰ স্বতন্ত্রশৈলী আৰু অসমৰ প্রাকৃতিক, সাংস্কৃতিক গুণাগুণ নিহিত থকা সার্বজনীন আৰু মানৱতাবাদী দৃষ্টিভংগী দাঙি ধৰা হয়৷ জাপানৰ লগতে অন্য দেশৰ দর্শকসকলেও এই প্রদর্শনী সুন্দৰভাৱে উপভোগ কৰি কালজয়ী শিল্পীজনাৰ এটি শক্তিশালী ৰূপ প্রত্যক্ষ কৰে৷ ড০ হাজৰিকাৰ সৃষ্টিৰাজিক চিৰযুগমীয়া কৰি ৰাখিবলৈ আৰু নতুন প্রজন্মৰ মাজত তেওঁ আগবঢ়াই যোৱা অৱদানসমূহ জীৱন্ত কৰি ৰখাৰ উদ্দেশ্যে অসম চৰকাৰে এই বছৰটো বিভিন্ন কার্যসূচীৰে সুধাকণ্ঠগৰাকীলৈ গভীৰ শ্রদ্ধা নিবেদন কৰিব৷