নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৪ অক্টোবৰ, আহিন মাহৰ ১৭ তাৰিখ
শনিবাৰ : তিথি–শুক্লা দ্বাদশী, নক্ষত্র : ধনিষ্ঠা, যাত্রা : নাই

মেষ : পুৱা দহ বজালৈ কিছু সাৱধানে থকাটো ভাল৷ বিদ্যাত তেনে অসুবিধা নাই৷ কর্মব্যস্তসকলৰ কর্মকালত কিবা অশান্তি অনুভৱ৷ শৰীৰ সম্পর্কে সচেতন থাকক৷ আর্থিকত মজলীয়া৷

বৃষ : কর্মাদিত মজলীয়া। কোনো দায়িত্ব পালন কৰি সুখ পাব৷ বিদ্যাতো বেয়া নহ’ব৷ জ্ঞাতি–কুটুম্বৰ চিন্তা থাকিব৷ বর্তমান পৰিৱেশৰ কথা ভাবি ফুৰা–চকাত নিজে সতর্ক থাকক৷ বন্ধুৰ সংগত সুখ৷

মিথুন : পঢ়া–শুনাত মন বঢ়াওক৷ জ্ঞাতি–কুটুম্বৰ লগত সদ্ভাব মজলীয়া৷ বন্ধুবর্গৰ সংগ বা আগমন৷ ব্যৱসায়ত চিন্তা কম৷ আর্থিক ব্যয় হ’লেও প্রয়োজনীয় কাৰণ থাকিব৷ শৰীৰ মধ্যম৷

কর্কট : আর্থিকত খা–খৰচ বৃদ্ধি৷ বিভিন্ন পৰিৱেশৰ মাজেৰেও মনটো কোনো কাৰণে আনন্দিত হ’ব৷ কিবা পৰিৱর্তনৰ নতুনত্ব অনুভৱ৷ বিদ্যাত যত্ন ৰাখক৷ সু–সংবাদ লাভ৷

সিংহ : কর্তব্যত নিজৰ দায়িত্ব পালন কৰিব যদিও কিবা আহুকাল দেখা যায়৷ মনৰ অৱস্থা মধ্যম৷ কোনো কাৰণে মনত দুখ আহিব পাৰে৷ বিদ্যাত বেয়া দেখা নাযায়৷ প্রেমত দুর্ভাবনা থাকিব৷

কন্যা : বৰ উন্নত দিন নহ’ব৷ এটা নহয় এটা আহুকালৰ মুখামুখি হ’ব৷ অভাৱত কাৰো প্রতি খং কৰি লাভ নাই বুলি পিছত বুজিব৷ উদিগ্ণতাৰে কোনো সংবাদৰ অপেক্ষা কৰিব পাৰে৷

তুলা : যোগ্যজনে বিশেষ আশা কৰাটো দৰকাৰ হ’ব৷ কর্তব্যত নিজৰ দক্ষতা থাকিব৷ কিন্তু কোনো আকস্মিক ক্লেশে মনটো চঞ্চল কৰিব পাৰে৷ বিদ্যাত অনুকূল পৰিৱেশ৷

বৃশ্চিক : কোনোৱে আশাৰে কৰা অপেক্ষা কিছু সফল৷ কোনোৱে বিভিন্ন অসুবিধাৰে দিনটো পাৰ কৰিব লাগিব৷ বিদ্যাত সিমান বেয়া দেখা নাযায়৷ নতুন সংযোগৰ আশা৷ দাম্পত্যত মধ্যম৷

ধনু : কর্মব্যস্ততা বাঢ়িব৷ শৰীৰ মধ্যম৷ গুৰুতৰ কাম আদি হাতত ল’লেও ভবা–শুনা কৰি ল’ব৷ নতুন উদ্যম৷ আর্থিকত খৰচ বৃদ্ধি৷ প্রেম–প্রীতিত মধ্যম৷ পঢ়া–শুনাত খেলিমেলি থাকিব৷

মকৰ : আজি পূর্বৰ দিনতকৈ উন্নত৷ মনত দৃঢ়তাও থাকিব৷ যোগাযোগৰ পৰা উপকৃত হ’ব৷ মাতৃৰ স্বাস্থ্যৰ লগতে পিতৃৰ বাবেও চিন্তা কৰাটো দৰকাৰ৷ ভ্রমণৰ যোগ৷

কুম্ভ : আর্থিকত হাত ধৰি চলক৷ বন্ধু–বান্ধৱৰ লগত সদ্ভাব ৰাখিবলৈ সক্ষম হ’ব৷ বাহ্যিক কথাত কিছু ব্যস্ত থাকিব৷

মীন : আকস্মিক কোনো সুযোগ বা সহায়–সহযোগিতাৰ সম্ভাৱনা৷ মাতৃৰ শৰীৰ সম্পর্কে চিন্তা৷ বাকী পূজ্যজনৰ অৱশ্যে ভালেই দেখা যায়৷ বিদ্যাত বেয়া দেখা নাযায়৷

You might also like