নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল
আজি  ১০ অক্টোবৰ, আহিন মাহৰ ২৩ তাৰিখ
শুকুৰবাৰ : তিথি–কৃষ্ণ চতুর্থী, নক্ষত্র : কৃত্তিকা, যাত্রা : নাই
মেষ : আজি আপুনি কোনো সিদ্ধান্ত লোৱাৰ আগতে ভালকৈ ল’ব৷ কাৰণ এই সিদ্ধান্তই আপোনাৰ বিপদ মাতিব পাৰে৷ আর্থিকভাৱে ভাল৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৩৷
বৃষ : আপোনাৰ আজি মানসিক শক্তি প্রবল হোৱাৰ সম্ভাৱনা আছে৷ আর্থিকভাৱে আপোনাৰ ভাল৷ কর্মক্ষেত্রত আজি ভাল দিন৷ আপোনাৰ আজি শুভ হ’ব৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷
মিথুন : মানসিকভাৱে চাপ অনুভৱ কৰিব৷ আপোনাৰ কাৰণে আজি অনুকূল৷ পঢ়াৰ ক্ষেত্রত আজি আপোনাৰ দিন ভাল৷ প্রেমত আজি ইমান ভাল নহয়৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৩৷
কর্কট : আজি আপোনাৰ কামৰ কাৰণে প্রশংসাও পাব পাৰে৷ মনত আজি কোনো কথাৰ বাবে খং বা আৱেগ অনুভৱ কৰিব পাৰে৷ প্রিয়জনৰ মাধ্যমেৰে আপোনাৰ আজি দিনটো ভাল৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৭৷
সিংহ : আপোনাৰ আজি অযথা ব্যয় হ’ব পাৰে৷ পঢ়াৰ ক্ষেত্রত আজি আপোনাৰ মনত ভয় সৃষ্টি হ’ব৷ আপোনাৰ মানসিকভাৱে আজি অলপ প্রভাৱ পৰিব পাৰে৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷
কন্যা : কোনো সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে৷ আর্থিক উন্নতি হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত ৷ আজি আপোনাৰ ঘনিষ্ঠ সম্পর্ক থকাসকলৰ লগত মতভেদ হ’ব পাৰে৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৫৷
তুলা : আপোনাৰ আজি চিন্তা হ’ব পাৰে৷ ব্যৱসায়িকভাৱে আজি আপোনাৰ লাভ হ’ব৷ মনোবল বৃদ্ধি হ’ব৷ শিক্ষার্থীসকলৰ বাবে আজি দিনটো শুভ৷ প্রেমৰ ক্ষেত্রত আপোনাৰ ভালে যাব৷ শুভ ৰং বগা, শুভ সংখ্যা ৭৷
বৃশ্চিক : আজি আপুনি কোনো সুযোগ লাভ কৰিব পাৰে আপোনাৰ প্রতিভা দেখুওৱাৰ কাৰণে৷ সতর্কতা অৱলম্বন কৰি আজি সিদ্ধান্ত গ্রহণ কৰিব৷ শুভ ৰং ৰঙা ৷ শুভ সংখ্যা ৯৷
ধনু : আপোনাৰ কোনো কামে আজি সকলোকে আনন্দ দিব পাৰে৷ আর্থিকভাৱে আজি উন্নতি হোৱাৰ সম্ভাৱনা আছে৷ প্রেমৰ ক্ষেত্রত আজি ভাল৷ শুভ ৰং নীলা, শুভ সংখ্যা ৭৷
মকৰ : কাম কৰাৰ পথত আজি আপোনাৰ আর্থিক সমস্যা আহিব পাৰে৷ পাৰিবাৰিকভাৱে আজি খৰচ বঢ়াৰ সম্ভাৱনা অধিক৷  বিয়াৰ প্রস্তাৱ আহিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৩৷
কুম্ভ : আত্মবিকাশত আজি জোৰ দিয়ক৷ আর্থিকভাৱে সমস্যা আহিব পাৰে৷ পাৰিবাৰিকভাৱে শুভ৷ স্বাস্থ্যৰ ক্ষেত্ৰত আজি অৱহেলা নকৰিব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪৷
মীন : আজি আপোনাৰ মানসিকভাৱে সমস্যা আহিব পাৰে৷ আপোনাৰ ভদ্র ব্যৱহাৰ আজি প্রশংসনীয় হ’ব৷ অতীতৰ বিনিয়োগ লাভদায়ক হ’ব৷ শুভ ৰং মটিয়া, শুভ সংখ্যা ১৷
You might also like