নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰত ৪০ পাৰিষদৰ ভিতৰত ৩৭গৰাকীয়ে ল’লে শপত : ত্ৰিদীপ দৈমাৰী অধ্যক্ষ নিৰ্বাচিত

🔹 ভংগ হ’ল ভিচিডিচি, টিচিএলচিচি, ব’ৰ্ড, নিকায়-নিগম 

ষ্টাফ ৰিপৰ্টাৰ, কোকৰাঝাৰ,  ৯ অক্টোবৰ : বিটিচিৰ নৱনিৰ্বাচিত ৪০গৰাকী পাৰিষদৰ ভিতৰত আজি ৩৭গৰাকী পাৰিষদে আনুষ্ঠানিকভাৱে পাৰিষদ হিচাপে শপতগ্ৰহণ কৰে ৷ কোকৰাঝাৰৰ বডোফা নগৰৰ বিটিচি বিধান পৰিষদীয় ভৱনত বিটিচি বিধান পৰিষদৰ প্ৰটেম অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে নৱনিৰ্বাচিত পাৰিষদসকলক শপতবাক্য পাঠ কৰায়। উল্লেখ্য যে বিটিচিৰ নৱনিৰ্বাচিত পাৰিষদসকলৰ শপতগ্ৰহণ অনুষ্ঠানত ইউপিপিএলৰ সভাপতি তথা পাৰিষদ প্ৰমোদ বড়ো, ইউপিপিএলৰ আন এগৰাকী পাৰিষদ ৰাকেশ ব্ৰহ্ম আৰু বিজেপিৰ পাৰিষদ ৰেখাৰাণী দাস বড়ো উপস্থিত থকা দেখা নগ’ল । বিটিচিৰ প্ৰটেম অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে হাগ্ৰামা মহিলাৰী, ৰিহণ দৈমাৰী, ৰবিৰাম নাৰ্জাৰী, দাওবাইছা বড়ো, লৌমশ্ৰাও দৈমাৰী, ধীৰাজ বৰগয়াৰী, দিগন্ত বৰুৱাসহ বিপিএফ, ইউপিপিএল আৰু বিজেপিৰ ৩৭গৰাকী পাৰিষদক শপতবাক্য পাঠ কৰোৱায় । ইয়াৰে ১৫জনে বড়ো ভাষাত, ১৫জনে ইংৰাজী ভাষাত আৰু ৭জন পাৰিষদে অসমীয়া ভাষাত শপতবাক্য পাঠ কৰে।

ইপিনে, শপতগ্ৰহণ অনুষ্ঠানৰ পিছতে বিটিচি বিধান পৰিষদৰ অধ্যক্ষ হিচাপে ত্ৰিদীপ দৈমাৰীক সৰ্বসন্মতিক্ৰমে মনোনীত কৰা হয়৷ বিটিচিৰ হৰিশিঙা সমষ্টিৰ পৰা জয়লাভ কৰা ত্ৰিদীপ দৈমাৰীয়ে বিপিএফৰ বিগত কাৰ্যকালত ২০১৫ চনৰ পৰা ২০২০ চনলৈ  বিটিচি বিধান পৰিষদৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ আনহাতে, উপাধ্যক্ষ পৰৱৰ্তী পৰ্যায়ত বাছনি কৰা হ’ব বুলি জানিব পৰা গৈছে ।

ইপিনে, বিটিচিৰ প্ৰথম অধিৱেশনৰ পিছতে বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে উপ-মুখ্য কাৰ্যবাহী ৰিহণ দৈমাৰী আৰু বিপিএফৰ সকলো পাৰিষদক লৈ বিটিচিৰ মুখ্য সচিব আৰু বিষয়াসকলৰ সৈতে ৰুদ্বদ্বাৰ বৈঠকত বহে । উক্ত বৈঠকৰ পিছতে আয়োজিত হোৱা এখন সংবাদ মেলত হাগ্ৰামা মহিলাৰীৰ উদ্ধৃতি দি বিপিএফৰ পাৰিষদ দেৰহাছাৎ বসুমতাৰীয়ে কয় যে ইউপিপিএল চৰকাৰৰ দিনত গঠন হোৱা সকলো ব’ৰ্ড, নিকায়, নিগমসমূহ ভংগ কৰা হৈছে।  শীঘ্ৰেই ভিচিডিচি, টিচিএলচিচি, টাউন কমিটী, উন্নয়ন প্ৰাধিকৰণসমূহ নতুনকৈ গঠন কৰা হ’ব আৰু নতুনকৈ গঠন নোহোৱা পৰ্যন্ত কাৰ্যবাহী বিষয়াই দায়িত্বত থাকিব বুলি সদৰী কৰে । তদুপৰি কাইলৈৰ পৰা অৰ্থাৎ ১০ অক্টোবৰৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে  জৰীপ কৰা হ’ব বুলি সদৰী কৰিছে দেৰহাছাৎ বসুমতাৰীয়ে। ৰাজ্যৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা জৰীপৰ শেষ দিন হিচাপে ১৩ অক্টোবৰ ধাৰ্য  কৰা হৈছে যদিও জৰীপৰ শেষ দিনৰ পূৰ্বেই গোটেই বিটিচিত জৰীপ সম্পূৰ্ণ হোৱাৰ আশা ক্ষীণ বুলি মন্তব্য কৰিছে বিপিএফৰ পাৰিষদ দেৰহাছাৎ বসুমতাৰীয়ে । ইয়াৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক জৰীপৰ দিন বঢ়াই দিবলৈ বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে অনুৰোধ কৰিব  বুলি সদৰী কৰিছে দেৰহাছাৎ বসুমতাৰীয়ে।

আনহাতে, চৰকাৰী আঁচনিৰ হিতাধিকাৰী বাছনিৰ সময়ত ৰাজনীতিকৰণ কৰা নহ’ব বুলি বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীৰ হৈ সকীয়নি প্ৰদান কৰিলে বিপিএফৰ পাৰিষদ দেৰহাছাৎ বসুমতাৰীয়ে । সংবাদ মেলত তেওঁ কয় যে পূৰ্বৰ চৰকাৰে চৰকাৰী আঁচনিৰ হিতাধিকাৰী বাছনিৰ সময়ত যিদৰে ৰাজনৈতিক সন্ত্ৰাসবাদ, বৈষম্যবাদ গ্ৰহণ কৰিছিল সেয়া এইবাৰ সমূলি নহ’ব আৰু যিজন চৰকাৰী আঁচনিৰ হিতাধিকাৰী হোৱাৰ বাবে যোগ্য তেৱেঁ চৰকাৰী আঁচনি লাভ কৰিব বুলি সদৰী কৰিছে দেৰহাছাৎ বসুমতাৰীয়ে। আঁচনিৰ বাবে ৰাজনীতিকৰণ নহ’ব বুলি মন্তব্য কৰি অযোগ্য লোকে যাতে চৰকাৰী আঁচনি লাভ নকৰে তাৰ প্ৰতিও লক্ষ্য ৰখা হ’ব বুলি সদৰী কৰিছে দেৰহাছাৎ বসুমতাৰীয়ে। ভোটাৰে যি আশা লৈ ভোট দিছিল সেয়া বিপিএফ চৰকাৰে নিৰ্বাচনী ইস্তাহাৰ আৰু বিপিএফে দিয়া পাঁচটা গেৰাণ্টীৰ সৈতে পূৰণ কৰিব বুলি মন্তব্য কৰিছে দেৰহাছাৎ বসুমতাৰীয়ে । ইপিনে, বিটিচিৰ বিৰোধী দলপতি খাম্ফা বৰগয়াৰীয়ে ধনাত্মকভাৱে চৰকাৰী কাম-কাজত অংশগ্ৰহণ কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰদান কৰিছে।

You might also like