নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

আজি ৫ ডিচেম্বৰ, আঘোণ মাহৰ ১৮ তাৰিখ
শুকুৰবাৰ : তিথি–কৃষ্ণা প্রতিপদ, নক্ষত্র : ৰোহিণী, যাত্রা : নাই

মেষ : দুই ধৰণৰ চিন্তাই আপোনাৰ কর্মত আহুকালৰ সৃষ্টি কৰিব৷ শৰীৰৰ প্রতি নজৰ ৰাখক৷ প্রিয় লোকৰ কোনো কথাত সন্তুষ্ট নহ’ব৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ২৷

বৃষ : কর্মৰ ওপৰত বিশ্বাস থাকিব৷ কোনো কাৰণে বিৰক্ত ভাব আহিব পাৰে৷ আর্থিক আমদানিৰ লগতে খৰচৰ পথো মুক্ত থাকিব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৩৷

মিথুন : সাধাৰণ খং-ৰাগ থাকিব৷ কিন্তু উন্নত পৰিৱেশক সিয়ে ক্ষতি নকৰিব৷ প্রেম–প্রীতিত মধ্যম। আৱেগ বৃদ্ধি৷ সামাজিকভাৱে চিন্তাৰ পৰিৱেশ৷ শুভ ৰং আকাশী নীলা৷ শুভ সংখ্যা ৫৷

কর্কট : ক্ষিপ্ত পৰিৱেশ আৰম্ভণিৰ সম্ভাৱনা হ’লেও প্রকট নহ’ব৷ শৰীৰৰ প্রতি যত্ন লোৱাটো দৰকাৰ৷ বিদ্যার্থীৰ মধ্যম৷ বন্ধু–বান্ধৱৰ পৰা উৎসাহ৷ কিন্তু তেওঁলোকৰ ওপৰত নির্ভৰ নকৰাই ভাল৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷

সিংহ : ধৈর্যৰে প্রতিকূল বিষয় আদি নিয়ন্ত্রণৰ চেষ্টা কৰক৷ বিদ্যা লাভত বাধা কম৷ ভ্রমণ আদিত কষ্ট হ’লেও শুভ৷ পিতৃৰ কথাত নিৰুৎসাহ৷ শৰীৰ বৰ ভালেৰে যোৱা টান৷ নতুন সংবাদত আনন্দ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ২৷

কন্যা : আনৰ কথাত অসন্তুষ্টি প্রকাশ৷ শাৰীৰিকভাৱে বিশেষ দুর্ভাবনা নাই৷ আত্মীয়ৰ সংগ লাভ৷ বিদ্যাত বেয়া নহ’ব৷ সক্রিয় কর্মত উন্নতি৷ ব্যৱসায়ত খুব বেয়া নহ’ব৷ বন্ধু লাভ৷ ভ্রমণৰ যোগ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৮৷

তুলা : সদায় স্বাৱলম্বিতা আপুনি পছন্দ কৰিব৷ কিন্তু সময়ে তাক উৎসাহিত নকৰিব৷ বাধ্য হৈ আনৰ সহানুভূতিৰ কথা বিবেচনা কৰিব লাগিব৷ শুভ ৰং কমলা, শুভ সংখ্যা ৮৷

বৃশ্চিক : কেতু, মঙল, শুক্র, ৰবি যাৰ জীৱনত শুভ দিনটোত বেছি আহুকাল নাই৷ কিন্তু সামগ্রিক দৃষ্টিত আহুকাল সামান্য হ’লেও থাকিব৷ শুভ ৰং নীলা, সংখ্যা ৯৷

ধনু : দৰিদ্র নাৰায়ণৰ প্রতি চিন্তা থাকিলেও কিছু সন্দেহ মনত লাগি থাকিব৷ দাম্পত্য, সন্তান আদিৰ লগত মধ্যম প্রভাৱ৷ অর্থ লাভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ১৷

মকৰ : মধ্যম হ’লেও সাৱধানেৰে দিনটো পাৰ কৰক৷ খৰচ-পাতিৰ লগত কোনোৰ বাবে মনত দুখ বা অযথা কর্মত সময় অপব্যয় হ’ব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷

কুম্ভ : ইচ্ছাকৃত কথাত কিবা বাধা পাব। শৰীৰৰ অথন্তৰ দেখা যায়৷ ব্যৱসায়-বাণিজ্যত বেয়া দেখা নাযায়৷ প্রাপ্য কিছু পাব৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৪৷

মীন : খং–ৰাগ বৃদ্ধি পাব৷ শৰীৰৰ উত্তাপ হ’লেও ভয়ৰ বিশেষ কাৰণ নাই৷ অৱশ্যে প্রাপ্য ধন পোৱাৰ সম্ভাৱনা থাকিব৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৮৷

You might also like