প্লাষ্টিক আৱর্জনা
পৰিৱেশ সংকটৰ অন্যতম কাৰক প্লাষ্টিক আৱর্জনা৷ দৈনন্দিন জীৱনত আমি সকলোৱে ব্যৱহাৰ কৰা প্লাষ্টিক আৰু পলিথিনজাতীয় বস্তুৱে মূৰকত প্লাষ্টিক আৱর্জনাৰূপে পৰিৱেশ প্রদূষণ কৰে৷ ই আধুনিক যুগৰ অভিশাপৰূপে বিবেচিত হৈছে৷ বটলৰ পৰা পেকেজিঙৰ বাবে ব্যৱহাৰ কৰালৈকে সকলো প্লাষ্টিকজাতীয় বস্তু, মাইক্র’প্লাষ্টিক, ঔদ্যোগিক প্লাষ্টিক আদিৰ উপস্থিতি ভূমি, নদী, সাগৰ–মহাসাগৰকে ধৰি সর্বত্র বিৰাজমান৷ আটাইতকৈ আশংকাজনক কথাটো হ’ল- প্লাষ্টিক পৰিৱেশৰ সৈতে মিলি যাবলৈ শ শ বছৰৰ প্রয়োজন৷ গতিকে, ইয়াৰ ভয়াৱহতা সহজেই অনুমেয়৷ মাটি আৰু পানীৰ লগতে দাহ্য প্লাষ্টিক পুৰিলে ওলোৱা বিষাক্ত ধোঁৱাই বায়ুমণ্ডলকো প্রদূষিত কৰে৷ পৰিৱেশত মুক্তভাৱে থকা মাইক্র’প্লাষ্টিক কণাৰ উপস্থিতি মানৱ ৰক্তৰ লগতে মাতৃদুগ্ধতো পোৱাৰ দৰে ভয়াৱহ তথ্যই জনস্বাস্থ্যৰ প্রতি অশনি সংকেত কঢ়িয়াই আনিছে৷ এবাৰ মাথোঁ ব্যৱহাৰ কৰিব পৰা প্লাষ্টিকে নদীৰ জলস্রোত ৰুদ্ধ কৰাৰ লগতে সাগৰ-মহাসাগৰৰ জলজীৱন বাৰুকৈয়ে ক্ষতিগ্রস্ত কৰে৷ ভাৰতত বছৰি ৩.৫ নিযুত আৰু সমগ্র বিশ্বত ৪০০ নিযুত টন প্লাষ্টিক আৱর্জনা ওলায় যদিও ইয়াৰ মাথোঁ ২০ শতাংশ পুনৰ ব্যৱহাৰযোগ্য কৰি তোলা হয়৷ প্লাষ্টিক আৱর্জনা বছৰি প্রায় ৮০ লাখ টন মহাসাগৰত মিহলি হয়৷ এই হাৰ অব্যাহত থাকিলে ২০৫০ চনলৈ মাছতকৈ ইয়াৰ ওজন চেৰাই যাব৷
অৱশ্যে এই কথা অনস্বীকার্য যে মানৱ সভ্যতাৰ উল্লেখনীয় আৱিষ্কাৰসমূহৰ ভিতৰত প্লাষ্টিকৰ উদ্ভাৱনে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে৷ ই আমাৰ খাদ্যসমূহক বহুদিনলৈ খোৱাৰ উপযোগী কৰি ৰাখে৷ যান–বাহনসমূহ গধুৰ নহ’বলৈ প্লাষ্টিকৰ ব্যৱহাৰ অপৰিহার্য৷ ফলস্বৰূপে অভাৱনীয় হাৰত ইন্ধন ব্যয় হ্রাস পায়৷ জীৱনদায়িনী চিকিৎসা সামগ্রী নির্মাণ কৰোঁতেও প্লাষ্টিকৰ ব্যৱহাৰ অত্যাৱশকীয়৷ তদুপৰি, জনজীৱনত সর্বাধিক প্রভাৱ পেলাব পৰাকৈ দৰিদ্র তথা অর্থনৈতিকভাৱে দুর্বল শ্রেণীৰ লোকে সকাহ পাব পৰা সস্তীয়া আৰু বহুদিনলৈ ব্যৱহাৰ কৰিব পৰা সামগ্রী নির্মাণ আৰু প্রস্তুত কৰিবলৈ প্লাষ্টিক নহ’লেই নচলে৷ তৎসত্ত্বেও আমি ব্যৱহাৰ কৰা প্লাষ্টিকে প্রদূষণ নঘটাবলৈ কেতবোৰ পদক্ষেপ লোৱাটো সাম্প্রতিক পৰিস্থিতিত বাধ্যতামূলক হৈ পৰিছে৷ ইয়াৰ বাবে প্রাথমিক কথাটো হ’ল– এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিক বিপুল পৰিমাণে তৈয়াৰ কৰাটো যথাসম্ভৱ শীঘ্রেই বন্ধ কৰা বাঞ্ছনীয়৷ ইউৰোপ আৰু কানাডাত এই সন্দর্ভত আইন বলৱৎ কৰা হৈছে৷ এই আইন ইমানেই কঠোৰ যে কোম্পানীসমূহে পেকেজিঙৰ বাবে ব্যৱহাৰ কৰা প্লাষ্টিকৰ সামগ্রীৰ ফলত উৎপন্ন হোৱা আৱর্জনাৰ বাবে জৰিমনা বিহা হৈছে৷ কোকাকোলা আৰু নেছলেৰ দৰে আগশাৰীৰ বহুৰাষ্ট্রীয় কোম্পানীয়ে যেতিয়া আৱর্জনা নিষ্কাশনৰ বাবেও জৰিমনা ভৰিবলগীয়া হ’ল, তেতিয়া ৰিফিল বটল আৰু পেকেজিং নোহোৱাকৈ চলিব পৰা বিকল্পই পৰিৱেশ প্রদূষণ হ্রাস কৰাত অৰিহণা যোগালে৷ প্লাষ্টিকৰ পৰিৱর্তে প্রদূষণ হ্রাস কৰাত বৰঙণি যোগাব পৰা আন সামগ্রীৰ ব্যৱহাৰ সম্প্রতি সময়ৰ দাবীৰূপে পৰিগণিত হৈছে৷ তদুপৰি, ৰাসায়নিক পুনৰ ব্যৱহাৰযোগ্য প্রযুক্তিৰে নমনীয় ফিল্মজাতীয় আৰু মিশ্রিত প্লাষ্টিক সামগ্রীৰ প্রদূষণ হ্রাস কৰিবলৈ আমি যিমানদূৰ সম্ভৱ ব্যৱস্থা গ্রহণ কৰিব লাগে৷ আনহাতে, পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তোলাৰ আঁৰ লৈ উন্নত ৰাষ্ট্রসমূহে নিজৰ নিজৰ প্লাষ্টিক আৱর্জনা অনুন্নত ৰাষ্ট্রসমূহলৈ ৰপ্তানি কৰাটো অবিলম্বে বন্ধ নকৰিলে এই পৰিস্থিতি কেতিয়াও উন্নত নহ’ব৷ ইয়াক আমি পাৰিপার্শ্বিক সাম্রাজ্যবাদ বুলি অভিহিত কৰিব পাৰোঁ৷ ৰাষ্ট্রসংঘৰ পৰিৱেশ কার্যসূচী (ইউএনইপি)য়ে ২০২২ চনৰ পৰা প্লাষ্টিক আৱর্জনা ব্যৱস্থাপনাৰ বাবে অহোপুৰুষার্থ কৰি আহিছে যদিও এই সন্দর্ভত সদস্য ৰাষ্ট্রসমূহে এক মতত উপনীত হ’ব নোৱাৰাটো দুর্ভাগ্যজনক৷ অৱশ্যে সকলো ৰাষ্ট্রই এই কথাটো মানি লৈছে যে ব্যৱহাৰৰ বাবে অতি উপযোগী আৰু সস্তীয়া পলিথিন বেগসমূহে নাগৰিকসকলৰ বাবে সংকট কঢ়িয়াই আনিছে৷ প্লাষ্টিক হৈ পৰিছে আৱর্জনা ব্যৱস্থাপনাৰ বাবে বৃহৎ সমস্যা৷ এই আৱর্জনা সংগ্রহ কৰাৰ লগতে ৰি–চাইক্লিং অর্থাৎ পুনৰ ব্যৱহাৰযোগ্য কৰি তুলিবলৈ কোম্পানীসমূহে ব্যৱস্থা গ্রহণ কৰাটো অত্যন্ত প্রয়োজনীয়৷ কাগজ আৰু কাপোৰৰ মোনাৰ বিকল্পৰে প্লাষ্টিক আৱর্জনা হ্রাস কৰিবলৈ বিচৰা হৈছে যদিও বৃহৎ পৰিসৰত এয়া সম্ভৱ হৈ উঠা নাই৷ জনসচেতনতাৰ প্রয়োজন কিন্তু ঘাই কথাটো হ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক অথবা পলিথিনৰ উৎপাদন উৎসতে বন্ধ কৰিব লাগিব৷ ইয়াৰ বাবে নিঃসন্দেহে কঠোৰ আইন বলৱৎ কৰিব লাগিব৷ আফ্রিকা আৰু এছিয়াৰ উন্নয়নশীল দেশসমূহত প্লাষ্টিক প্রদূষণ অধিক দৃশ্যমান, যিসমূহত আৱর্জনা সংগ্রহ ব্যৱস্থা পর্যাপ্ত নহয়৷ পৰিৱেশৰ প্রতি ভাবুকি কঢ়িয়াই আনিব পৰা আৱর্জনা, ব্যৱস্থাপনাৰ বাবে কাৰিকৰী জ্ঞানৰ অভাৱ, ৰি–চাইক্লিঙৰ বাবে আন্তঃগাঁথনিৰ উন্নয়নহীনতা আৰু সর্বোপৰি নীতি–নিয়মৰ প্রতি সজাগ নোহোৱাটো প্লাষ্টিকৰ বৃহৎ বৃহৎ দ’মৰ বাবে দায়ী৷ মানৱ সভ্যতাৰ প্রতি ভাবুকি কঢ়িয়াই অনা প্লাষ্টিক প্রদূষণৰ প্রতি আমি আটায়ে মন–কাণ দিবৰ হ’ল৷ জনসজাগতা আৰু পুনৰ ব্যৱহাৰেই একমাত্র পথ৷ প্লাষ্টিকৰ দৰে বহুমুখী সামগ্রী নাই বুলিবও পাৰি৷ গতিকে, আমি ইয়াক এৰাই চলিব নোৱাৰিলেও প্রকৃত ব্যৱস্থাপনাৰে পৰিৱেশ প্রদূষণ বহু পৰিমাণে হ্রাস কৰিব পাৰোঁ৷ প্লাষ্টিকক নতুনকৈ কিদৰে ব্যৱহাৰ কৰিব পৰা যায় সেই সম্পর্কে ইতিমধ্যে চিন্তা–ভাবনা আৰম্ভ হৈছে৷ প্লাষ্টিক ব্যৱহাৰ কৰি পথ নির্মাণ, প্লাষ্টিকৰ পৰা ইন্ধন, বর্জনীয় প্লাষ্টিকেৰে আচবাব–খেলনা সামগ্রী, মোনা প্রস্তুত কৰা আদি পদক্ষেপৰ জৰিয়তে ইতিবাচক পদক্ষেপ আগবঢ়োৱা হৈছে৷ আমাৰ জীৱনশৈলীৰ প্রতিটো পর্যায়তে প্লাষ্টিকৰ ব্যৱহাৰ হ্রাস কৰিবলৈ চেষ্টা চলালেও পৰিৱেশৰ প্রতি অৱদান আগবঢ়োৱাটো সম্ভৱ৷