নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭ মে’ : আজিৰ দিনটোৰ ৰাশিফল

আজি ৭ মে’, ব’হাগ মাহৰ ২৩ তাৰিখ
বৃহস্পতিবাৰ : তিথি–কৃষ্ণ পঞ্চমী, নক্ষত্র : জ্যেষ্ঠা, যাত্রা : নাই

মেষ : আজি স্বাস্থ্য অশান্তিৰ বাবে ব্যৱসায়ত অশান্তি হ’ব পাৰে৷ চাকৰিৰ স্থান সলনি হ’ব পাৰে৷ চকুৰ বিষে আমনি কৰিব৷ পঢ়া–শুনাৰ বাবে সুনাম বৃদ্ধি৷ প্রেমত শুভ৷ শুভ ৰং– মেৰুণ, শুভ সংখ্যা– ৪।

বৃষ : আজি ঘৰত খৰচ বৃদ্ধিৰ বাবে স্ত্রীৰ লগত বিবাদ হ’ব পাৰে৷ ব্যৱসায়ৰ দিশত লাভান্বিত হ’ব পাৰে৷ ভ্রমণৰ বাবে শুভ৷ বিদ্যাত মনোযোগৰ প্রয়োজন৷ প্রেমত অশান্তি৷ শুভ ৰং– ক’লা, শুভ সংখ্যা– ৯।

মিথুন : আজি সন্তানৰ বাবে চিন্তা বৃদ্ধি৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ কর্মস্থানত কাম বৃদ্ধি হ’ব পাৰে৷ প্রেমৰ বাবে ঘৰত অশান্তি হ’ব পাৰে৷ বিদ্যাত শুভ৷ শুভ ৰং– ৰঙা, শুভ সংখ্যা– ৭।

কর্কট : আজি সন্তানৰ ভুলৰ কাৰণে সমাজৰ আগত লজ্জিত হ’ব পাৰে৷ মানসিকভাৱে যন্ত্রণা হ’ব পাৰে৷ স্বামী-স্ত্রীৰ মাজত শুভ৷ ব্যৱসায়ত শুভ৷ প্রেমত সাৱধান৷ বিদ্যাত মধ্যম৷ শুভ ৰং– গুলপীয়া, শুভ সংখ্যা– ৬।

সিংহ : আজি চাকৰিৰ স্থানত উন্নতিৰ সুযোগ দেখা যায়৷ বন্ধুৰ বাবে কামত মনোযোগ বৃদ্ধি৷ জুইৰ পৰা সাৱধানে থাকক৷ প্রেমৰ দিশত শান্তি লাভ৷ শুভ ৰং– বগা, শুভ সংখ্যা– ২।

কন্যা : আজি আপোনাৰ কর্মৰ ফলত ব্যৱসায়ত উন্নতিৰ যোগ৷ যান–বাহন চলোৱা লোকসকলে সাৱধানে থাকক৷ পৰাপক্ষত ঘৰৰ মানুহৰ লগত সময় কটাওক৷ শুভ ৰং– কমলা, শুভ সংখ্যা– ৩।

তুলা : আজি প্রিয়জনৰ লগত বিবাদ হ’ব পাৰে৷ সন্তানৰ বাবে খৰচ বৃদ্ধি হ’ব৷ আর্থিক দিশত অশান্তি হোৱাৰ বাবে ঘৰত অশান্তি হ’ব পাৰে৷ বন্ধুৰ ব্যৱহাৰে মনত আঘাত দিব৷ শুভ ৰং– সেউজীয়া, শুভ সংখ্যা– ৮৷

বৃশ্চিক : আজি প্রিয়জনৰ ব্যৱহাৰে আপোনাক মনত আঘাত দিব পাৰে৷ বন্ধুৰ বেয়া খবৰ ঘৰলৈ আহিব পাৰে৷ তীর্থ ভ্রমণৰ যোগ৷ সমাজৰ কামত দায়িত্ব বাঢ়িব৷ প্রেমত সন্দেহ৷ শুভ ৰং– হালধীয়া, শুভ সংখ্যা– ৫৷

ধনু : আজি গোটেহ দিনটো ব্যস্ততাৰ মাজেৰে পাৰ হ’ব৷ উচ্চ শিক্ষাৰ শুভ৷ ভ্রমণত বাধা৷ ব্যৱসায়ৰ দিশত উন্নতি৷ দাম্পত্যত সুখ৷ প্রেমত শুভ৷ শুভ ৰং–সোণালী, শুভ সংখ্যা– ৫৷

মকৰ : আজি পৰাপক্ষত স্বাস্থ্যৰ প্রতি গুৰুত্ব দিয়ক৷ অতিৰিক্ত খঙৰ বাবে ব্যৱসায় দিশত সমস্যা হ’ব পাৰে৷ পেটৰ অসুখ হ’ব পাৰে৷ আর্থিকত অশান্তি৷ শুভ ৰং– নীলা. শুভ সংখ্যা– ২৷

কুম্ভ : আজি নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ সংগীতৰ লগত জড়িত লোকসকলৰ শুভ৷ শিক্ষাত শুভ ফল৷ যান–বাহন ক্রয় কৰাৰ যোগ৷ প্রেমত মধ্যম ফল৷ শুভ ৰং– ক্রীম, শুভ সংখ্যা– ৪৷

মীন : আজি ব্যৱসায় দিশত অশান্তি হ’ব পাৰে৷ ঘৰুৱা দিশত শান্তি বজাই থাকিব৷ শিক্ষার্থীসকলৰ বাবে অশুভ৷ প্রেমত বাধা৷ দাম্পত্যত মধ্যম ফল৷ শুভ ৰং– বেঙুনীয়া শুভ সংখ্যা– ৭৷

You might also like