নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ মে’ : আজিৰ দিনটোৰ ৰাশিফল

আজি ১০ মে’, ব’হাগ মাহৰ ২৬ তাৰিখ, দেওবাৰ

মেষ : আজি কিছু চিন্তা থাকিব যদিও উপস্থিত বুদ্ধিৰে আঁতৰাব পাৰিব৷ সাহস আৰু দক্ষতাৰ বাবে উপকৃত হ’ব৷ কর্মস্থানত আনন্দ৷ প্রেমত আনন্দ৷ শুভ ৰং– হালধীয়া, শুভ সংখ্যা – ১৷

বৃষ : আজি বিদ্যাত মধ্যম৷ বিয়া বা উৎসৱত যোগদান কৰক৷ মাতৃৰ শৰীৰৰ বাবে কিছু চিন্তা৷ আর্থিক ব্যয় বৃদ্ধি পাব৷ ব্যৱসায়ত মধ্যম৷ শুভ ৰং–ৰঙা, শুভ সংখ্যা–৮।

মিথুন : আজি কর্মক্ষেত্রত ভালে যাব৷ আর্থিকত মধ্যম৷ দায়িত্বপূর্ণ কামত কৃতকার্য হোৱাৰ সম্ভাৱনা৷ বিদ্যাত শুভ৷ শৰীৰ মধ্যম৷ শুভ ৰং–বগা৷ শুভ সংখ্যা–৩।

কর্কট : আজি সহযোগীৰ সহায়-আনন্দ লাভ কৰিব৷ প্রতাৰকৰ বাবে দুশ্চিন্তা থাকিব৷ কর্মক্ষেত্রত আয় বৃদ্ধিৰ কাৰক৷ নতুন কোনো উদ্দেশ্যত সফল হ’ব৷ প্রেমত নিৰাশা৷ শুভ ৰং– ক্রীম, শুভ সংখ্যা–৫।

সিংহ : আজি উৎসাহজনক বার্তাৰ সম্ভেদ পাব৷ আর্থিকত কিছু কষ্ট৷ শৰীৰ সম্পর্কে উদাস নহ’ব৷ বিদ্যাত মধ্যম৷ ভ্রমণত সাৱধান৷ দাম্পত্যত শুভ৷ শুভ ৰং– বেঙুনীয়া, শুভ সংখ্যা– ৮।

কন্যা : আজি আপোনাৰ দিনটো মধ্যম৷ কর্মক্ষেত্রত সাৱধান৷ প্রেমত উদাস চিন্তাৰ কাৰক৷ বিদ্যাত মধ্যম৷ দাম্পত্য জীৱন পূর্বানুৰূপ৷ শুভ ৰং– নীলা, শুভ সংখ্যা–৩।

তুলা : আজি আপোনাৰ শৰীৰ পূর্বৰ তুলনাত আশাপ্রদ৷ আপোনাৰ ভাব আৰু কামত আনৰ সৈতে মতবিৰোধ হ’ব পাৰে৷ উচ্চ বিদ্যাত সাফল্য লাভ৷ আর্থিকত আয় বৃদ্ধি পাব৷ কোনো প্রিয় লোকৰ যোগাযোগত আনন্দ৷ শুভ ৰং–সেউজীয়া, শুভ সংখ্যা– ৫।

বৃশ্চিক : আজি আপোনাৰ ব্যৱসায়ত উচ্চ চিন্তা আৰু সাফল্য লাভ৷ কর্মক্ষেত্রত উন্নত আশা নকৰাই ভাল৷ পঢ়াত মনোনিৱেশ কৰিব৷ ভ্রমণত সাৱধান৷ শুভ ৰং–কমলা , শুভ সংখ্যা–২।

ধনু : আজি আপোনাৰ দিনটো কিছু বাধাৰ ক্ষেত্রত মনটো গধুৰ হৈ থাকিব৷ শৰীৰৰ যত্ন লওক৷ কর্মত সাফল্যৰ যোগ৷ পিতৃৰ পৰা সহানুভূতি লাভ৷ শুভ ৰং– আকাশী নীলা, শুভ সংখ্যা – ৩।

মকৰ : আজি আপোনাৰ কর্মত বাধা পাব পাৰে৷ নিজৰ সন্মানৰ ক্ষেত্রত সাৱধান হ’ব৷ বিদ্যাত ধৈর্য ধৰক৷ পাৰিবাৰিক ক্ষেত্রত সামান্য উৎকণ্ঠা৷ ভ্রমণত দ্রব্য লাভ৷ ব্যৱসায়ত আশানুসাৰে উন্নতি৷ শুভ ৰং–চিলভাৰ, শুভ সংখ্যা–১।

কুম্ভ : আজি আপোনাৰ নিজৰ উদ্দেশ্য সাধনত ব্রতী হ’ব পাৰে৷ কর্মত দক্ষতা থাকিব। ব্যৱসায়– বাণিজ্যত সফলতাৰ ইংগিত পাব পাৰে৷ বিদ্যাত শুভ৷ পিতৃ–মাতৃৰ বাবে চিন্তা হ’ব পাৰে৷ শুভ ৰং– সেউজীয়া, শুভ সংখ্যা– ৯।

মীন : আজি আপোনাৰ যত্নত বিদ্যাত সাফল্য লাভ৷ আর্থিকত ব্যয় বৃদ্ধি পাব৷ কোনো বার্তাত আনন্দ৷ বেংক কর্মচাৰীৰ শুভ৷ কোনো কাৰণত মন চঞ্চল থাকিব৷ প্রেমত শুভ৷ শুভ ৰং– গুলপীয়া, শুভ সংখ্যা–৭।

You might also like