দেশজুৰি চাঞ্চল্য সৃষ্টি কৰা মেঘালয়ৰ হানীমুন হত্যাকাণ্ডত পুনৰ এক নতুন মোৰ আহিছে। শ্বিলঙৰ এখন আদালতে ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ সৈতে জড়িত চাৰি মূল অভিযুক্তৰ জামিন আবেদন খাৰিজ কৰিছে।
অভিযুক্তসকল হৈছে ৰাজ কুশৱাহা, বিশাল সিং চৌহান, আকাশ ৰাজপুত আৰু আনন্দ কুৰ্মী। সহ-অভিযুক্ত সোনম ৰঘুবংশীক শেহতীয়াকৈ জামিন মঞ্জুৰ কৰাৰ পিছত এই চাৰিজনে আদালতৰ কাষ চাপিছিল।
অভিযুক্তসকলৰ আইনজীৱীয়ে আদালতত যুক্তি দাঙি ধৰে যে একে গোচৰত সোনম ৰঘুবংশীক ইতিমধ্যে জামিন দিয়া হৈছে, সেয়েহে সমান অধিকাৰৰ ভিত্তিত আন অভিযুক্তসকলকো জামিন দিয়া উচিত। কিন্তু আদালতে এই যুক্তি গ্ৰহণ নকৰি চাৰিওজনৰ জামিন আবেদন খাৰিজ কৰে।
উল্লেখ্য যে ৰাজা ৰঘুবংশীৰ পত্নী সোনম ৰঘুবংশীৰ বিৰুদ্ধেও হত্যাৰ অভিযোগ আছে। যদিও ভাৰতীয় সংবিধানৰ ২২(১) অনুচ্ছেদ অনুসৰি গ্ৰেপ্তাৰৰ কাৰণ সঠিকভাৱে জনোৱা নোহোৱাৰ বাবে আদালতে তেওঁক পূৰ্বে জামিন প্ৰদান কৰিছিল।
২০২৫ চনত সংঘটিত এই ঘটনাই সমগ্ৰ দেশক কঁপাই তুলিছিল। ২১ মে’ত ৰাজা ৰঘুবংশী আৰু সোনম মেঘালয়ৰ ছোহৰাত হানীমুনলৈ গৈ নিখোজ হৈছিল।
ইয়াৰ কেইদিনমান পিছত, ২ জুনত ৱেইছাৱডং জলপ্ৰপাতৰৰ সমীপৰ এক গভীৰ খাদৰ পৰা ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ হয়। ঘটনাটোৱে দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল আৰু নিখোজ হোৱাৰ আঁৰৰ ৰহস্যক লৈ বহু প্ৰশ্ন উত্থাপন হৈছিল।
মৃতদেহ উদ্ধাৰৰ পিছতে আৰক্ষীয়ে ব্যাপক তদন্ত আৰম্ভ কৰি সোনমসহ আন অভিযুক্তসকলক উত্তৰপ্ৰদেশ আৰু মধ্যপ্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।
ডিজিটেল ডেস্ক, ৯ মে’