নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনতাৰ মূৰত আন এক মাধমাৰঃ টোল কৰ ৫-১০ শতাংশ বৃদ্ধিৰ হঠকাৰী সিদ্ধান্ত

নিয়মীয়া বাৰ্তা, ১১ মার্চ:  বজাৰৰ জুইত দগ্ধ সর্বসাধাৰণ জনতাৰ মূৰত আন এক মাধমাৰ৷ অহা পহিলা এপ্রিলৰ পৰা কার্যকৰী হোৱাকৈ টোল কৰ বৃদ্ধিৰ হঠকাৰী সিদ্ধান্ত গ্রহণ কৰিছে ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণ (এন এইচ এ আই)–এ৷ সমগ্র দেশতে ৫ৰ পৰা ১০ শতাংশপর্যন্ত বৃদ্ধি পাব টোল কৰ৷ এই সিদ্ধান্ত বলৱৎ হোৱাৰ লগে লগে নিশ্চিতভাৱে ৰাষ্ট্রীয় ঘাইপথসমূহেৰে জনসাধাৰণৰ আহ–যাহ আৰু সামগ্রী পৰিবহণ ব্যয়বহুল হৈ পৰিব৷ ইতিমধ্যে এন এইচ এ আইৰ প্রকল্প ৰূপায়ণ গোট চমুকৈ পি আই ইউ–এ সংশোধিত টোল কৰ সম্পর্কীয় চূড়ান্ত প্রস্তাৱ প্রস্তুত কৰি উলিয়াইছে৷ যিটো অহা ২৫ মার্চৰ ভিতৰত কেন্দ্রীয় পথ পৰিবহণ মন্ত্রালয়লৈ প্রেৰণ কৰিব৷ কেন্দ্রীয় পথ পৰিবহণ মন্ত্রালয়ে ইয়াত অনুমোদন জনোৱাৰ লগে লগে ১ এপ্রিলৰ পৰা দেশত বলৱৎ হ’ব টোল কৰৰ সংশোধিত নিৰিখ৷ এই সন্দর্ভত ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি কাৰ–ভেন–জীপকে ধৰি লঘু যান–বাহনৰ ক্ষেত্রত বর্তমানৰ প্রচলিত নিৰিখতকৈ ৫ শতাংশ অধিক টোল কৰ আদায় দিব লাগিব৷ সেইদৰে গধুৰ যান–বাহনৰ ক্ষেত্রত টোল কৰ বাঢ়িব ১০ শতাংশ৷

উল্লেখ্য যে ‘নেচনেল ৰোডছ ফী (ডিটাৰমিনেচন অৱ ৰেটছ এণ্ড কালেকচন) ৰুলছ–২০০৮’ৰ অধীনত এন এইচ আই কর্তৃপক্ষই প্রতি বছৰে টোল কৰৰ সংশোধনী ঘটায়৷ কিন্তু বিগত ২০২২ চনৰ ১ এপ্রিলৰ পৰা কার্যকৰী হোৱাকৈ এন এইচ আই–এ ১০ৰ পৰা ১৫ শতাংশ টোল কৰ বৃদ্ধি কৰিছিল৷ ইয়াৰ ঠিক এবছৰ পাছতে এইবাৰ পুনৰ ৫ৰ পৰা ১০ শতাংশপর্যন্ত টোল কৰ বৃদ্ধিৰ বাবে গ্রহণ কৰা সিদ্ধান্তক লৈ স্বাভাৱিকতে সমগ্র দেশতে প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ বিগত বর্ষত ১০ৰ পৰা ১২ শতাংশ টোল কৰ বৃদ্ধিৰ ফলত একোখন বাহনে ৰাষ্ট্রীয় ঘাইপথত ১০–৬০ টকা অধিক আদায় দিবলগীয়া হৈছিল৷ এইবাৰো টোল কৰৰ সংশোধিত নিৰিখ বলৱৎ হোৱাৰ লগে লগে ৰাষ্ট্রীয় ঘাইপথত চলাচল কৰা যান–বাহনসমূহে অধিক হাৰত ধন পৰিশোধ কৰিব লাগিব৷ টোল প্লাজাসমূহত মাহেকীয়া অনুমতি পত্রৰো ব্যৱস্থা আছে৷ নির্দিষ্ট টোল প্লাজাখনৰ ২০ কিলোমিটাৰ ব্যাসার্ধত বসবাস কৰা অবাণিজ্যিক বাহনৰ গৰাকীয়ে বর্তমানে ৩১৫ টকাতে মাহেকীয়া অনুমতি পত্র লাভ কৰি আহিছে৷ এই অনুমতি পত্রখনেৰে যিকোনো সময়তে অবাণিজ্যিক বাহনখনে সংশ্লিষ্ট টোল প্লাজাখনেৰে আহ–যাহ কৰিব পাৰে৷ কিন্তু অহা ১ এপ্রিলৰ পৰা মাহেকীয়া অনুমতি পত্রৰ ক্ষেত্রতো বাহনৰ গৰাকীয়ে ১০ শতাংশ অধিক টোল কৰ আদায় দিব লাগিব৷

লক্ষণীয়ভাৱে অসমৰ ৰাষ্ট্রীয় ঘাইপথতো ইতিমধ্যে কেইবাখনো টোল প্লাজা স্থাপন কৰা হৈছে৷ ইয়াৰ ভিতৰত অন্যতম হ’ল নাজিৰাখাটৰ লোমাটি গাঁৱত থকা সোণাপুৰ টোল প্লাজা৷ আজিৰ তাৰিখত সোণাপুৰ টোল প্লাজাত কাৰ–ভেন–জীপকে ধৰি লঘু যান–বাহনৰ ক্ষেত্রত নির্ধাৰিত মাচুল হৈছে ১৩০ টকা৷ সেইদৰে সামগ্রী পৰিবাহী লঘু বাহন, মিনি বাছ আদিৰ ক্ষেত্রত একোটা ভ্রমণত সংগ্রহ কৰা হয় ২০৫ টকা৷ তদুপৰি এটা ভ্রমণত ২ এক্সেলছ ট্রাক আৰু বাছে আদায় দিব লাগে ৪৩০ টকা৷ কামৰূপ (মহানগৰ) জিলাত পঞ্জীয়নভুক্ত বাণিজ্যিক কাৰ–জীপ–ভেনসহ লঘু যান–বাহনৰ ক্ষেত্রত টোল কৰ এটা ভ্রমণত ৬৫ টকা হোৱাৰ বিপৰীতে লঘু বাণিজ্যিক বাহন আৰু মিনি বাছৰ ক্ষেত্রত এই পৰিমাণ হৈছে ১০৫ টকা৷ ৩৭নং ৰাষ্ট্রীয় ঘাইপথত থকা ৰহা টোল প্লাজাত কাৰ–জীপ–ভেনকে ধৰি লঘু যান–বাহনৰ বিপৰীতে নির্ধাৰিত কৰ হৈছে ১১০ টকা৷ লঘু বাণিজ্যিক–সামগ্রী পৰিবাহী বাহনে টোল প্লাজাখনত ১৭৫ টকা আৰু ২ এক্সেলছ বাছ–ট্রাকে দিব লাগে ৩৭০ টকা৷ অনুৰূপ ধৰণে বাণিজ্যিক কামত ব্যৱহূত লঘু যান–বাহনৰ ক্ষেত্রত এটা ভ্রমণত টোল প্লাজাখনত ৭৫ টকা মাচুল নির্ধাৰিত হৈ থকাৰ বিপৰীতে লঘু বাণিজ্যিক–সামগ্রী পৰিবাহী বাহনে আদায় দিব লাগে ৯০ টকা৷

ৰাজ্যত বর্তমানে থকা আন এখন টোল প্লাজা আছে গুৱাহাটী–বাইহাটা চাৰিআলি পথৰ মদনপুৰত৷ এই টোল প্লাজাখনত কাৰ–জীপ–ভেনকে ধৰি লঘু যান–বাহনৰ ক্ষেত্রত বর্তমানে নির্ধাৰিত টোল কৰ হৈছে ১২৫ টকা৷ লঘু বাণিজ্যিক–সামগ্রী পৰিবাহী বাহনে ২০০ টকা আৰু ২ এক্সেলছ বাছ–ট্রাকে আদায় দিব লাগে ৪২০ টকা৷ নগাঁৱৰ ডবকা টোল প্লাজাত এটা ভ্রমণত লঘু যান–বাহনসমূহৰ বর্তমানৰ কৰৰ পৰিমাণ হৈছে ৯০ টকা৷ লঘু বাণিজ্যিক–সামগ্রী পৰিবাহী বাহনে ১৮৫ টকা আৰু ২ এক্সেলছ বাছ–ট্রাকে ৩০৫ টকা আদায় দিব লাগে৷ এতিয়া অহা ১ এপ্রিলৰ পৰা সংশোধিত নিৰিখ বলৱৎ হোৱাৰ লগে লগে উক্ত টোল প্লাজাকেইখনত নির্ধাৰিত এই নিৰিখৰ ওপৰত যান–বাহনসমূহে অতিৰিক্তকৈ ৫ৰ পৰা ১০ শতাংশ টোল কৰ পৰিশোধ কৰিব লাগিব৷ এই টোল প্লাজাকেইখন থকা ৰাষ্ট্রীয় ঘাইপথকেইটাৰে অসংখ্য ব্যক্তিগত, যাত্রীবাহী আৰু সামগ্রী কঢ়িওৱা যান–বাহনৰ চলাচল হয়৷ টোল কৰৰ নিৰিখ বৃদ্ধিৰ লগে লগে সামগ্রী পৰিবহণ ব্যয় আৰু যাত্রীৰ ভাৰা বঢ়াটো নিশ্চিত৷ বিশেষকৈ সংশোধিত টোল কৰৰ নিৰিখে বজাৰত প্রতিবিধ সামগ্রীৰে আকাশলংঘী দাম বৃদ্ধিত বহুলাংশে অৰিহণা যোগোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে বিগত ২০২২ বর্ষত দেশৰ ৰাষ্ট্রীয় ঘাইপথসমূহত সংগৃহীত টোল কৰৰ মুঠ পৰিমাণ আছিল ৩৩,৮৮১.২২ কোটি টকা৷ যিটো পূর্বৰ ২০২১ চনতকৈ ২১ শতাংশ হাৰত বৃদ্ধি হৈছিল৷ তদুপৰি ‘ফাছটেগ’ৰ জৰিয়তেও যোৱা বছৰ বৃহৎ পৰিমাণৰ পুঁজি সংগ্রহ কৰা হৈছে৷ কেন্দ্রীয় পথ পৰিবহণ মন্ত্রালয়ৰ তথ্য অনুসৰি ২০২২ চনত প্রতিদিনে গড়ে ১৩৯.৩২ কোটি টকাকৈ সংগৃহীত মুঠ ধনৰ পৰিমাণ আছিল ৫০,৮৫৫ কোটি টকা৷ কিন্তু ইয়াৰ পাছতো ৰাষ্ট্রীয় ঘাইপথসমূহৰ অৱস্থাৰ উন্নতি ঘটা নাই৷ বিভিন্ন স্থানত এতিয়াও শোচনীয় ৰাষ্ট্রীয় ঘাইপথৰ অৱস্থা৷

You might also like