নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুখুৰীত গা ধুবলৈ গৈ কৰুণ মৃত্যু পিতা-পুত্ৰৰ, ছিপাঝাৰ-ত সৰ্বত্ৰ শোক

ছিপাঝাৰ-ৰ সেনাপতিপাৰাত সংঘটিত হল এক অঘটন। পুখুৰীত গা ধুবলৈ গৈ কৰুণ মৃত্যুক আঁকোৱালি ললে পিতা-পুত্ৰই।

দেওবাৰে দুপৰীয়া পিতৃৰ সৈতে পুখুৰীত গা ধুবলৈ গৈছিল পাঁচ বছৰীয়া পুত্ৰ কৃষ্টিমান চহৰীয়া। কৃষ্টিমান চহৰীয়া নামৰ পাঁচ বছৰীয়া সন্তানটোৰ গা ধুই থকা অৱস্থাত ডুব গৈ সলিল সমাধি ঘটে।

পিতৃ ধীৰাজ চহৰীয়াও ডুব গৈছিল পুখুৰীত। সংকটজনক অৱস্থাত ৰাইজে উদ্ধাৰ কৰি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত আই. চি. ইউ.ত ভৰ্তি কৰায় পিতৃ ধীৰাজ চহৰীয়াক।

উল্লেখ্য যে পিতৃ ধীৰাজ চহৰীয়াৰ নিশা ১০ বজাত চিকিৎসালয়ত মৃত্যু হয়।

এই কৰুণ তথা হৃদয়বিদাৰক ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ ছিপাঝাৰত।

নিয়মীয়া বাৰ্তা,  ছিপাঝাৰ, ৮ ছেপ্টেম্বৰ

You might also like