দেৰগাঁৱৰ আঁহতগুৰিত অঘটন, ব্ৰহ্মপুত্ৰ-ত সন্ধানহীন যুৱক
- দেৰগাঁৱৰ সমীপৱৰ্তী আঁহতগুৰিৰ মাজৰ চাপৰিত এক অঘটন সংঘটিত হৈছে।
- আঁহতগুৰিত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হৈছে এজন যুৱক।
- ব্ৰহ্মপুত্ৰৰ সুঁতিত গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰে যুৱকজন।
- যুৱকজন মাজচাপৰি নিৱাসী ভোলা শইকীয়াৰ পুত্ৰ পুলক শইকীয়া বুলি জানিব পৰা গৈছে।
- লগ সমনীয়াৰ সৈতে গা ধুই ব্ৰহ্মপুত্ৰৰ সুঁতি সাতুৰি পাৰ হবলৈ ধৰোঁতেই সংঘটিত হয় এই অঘটনটো।
- অতি দুৰ্গম অঞ্চলটোত কিছু পলমকৈ হলেও এছ ডি আৰ এফ বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযানত নামি পৰে যদিও যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।
- দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিল পুলক।
- এই শোকৱহ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
নিয়মীয়া বাৰ্তা ডেস্ক, ১০ অক্টোবৰ