নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৰৰ সেন্দূৰখিনিৰ মাজেৰে জুবিন গাৰ্গক আজীৱন জীয়াই ৰখাৰ প্রতিজ্ঞা গৰিমাৰ

সকলোৱে ধৈর্যসহকাৰে অপেক্ষা কৰি আছে৷ আমি পৰিয়ালৰ লোকেও এতিয়ালৈকে ধৈর্য ধৰি সকলোকে বিশ্বাসত লৈ আগবাঢ়িছোঁ৷ আজি ২২ দিন পাৰ হ’ল৷ কিন্তু সত্য এতিয়াও পোহৰলৈ অহা নাই৷

কায়িকভাৱে আজি ২২ দিন পাৰ হ’ল তেওঁৰ অবিহনে৷ অগণিত অনুৰাগীয়ে এতিয়ালৈকে বিশ্বাস কৰিব পৰা নাই মৰমৰ জুবিন গার্গ যে এই পৃথিৱীত নাই৷ কিন্তু কপালত দগমগীয়াকৈ জিলিকি থকা সেন্দূৰখিনিৰ মাজেৰে জুবিন গার্গক আজীৱন জীয়াই ৰাখিব পত্নী গৰিমা শইকীয়া গার্গে৷

প্রিয় শিল্পীগৰাকীৰ মৃত্যুৰ পাছত শিল্পীপত্নী গৰিমাৰ শিৰৰ সেন্দূৰকণে বিভিন্নজনৰ মনত বহু প্রশ্ণৰ অৱতাৰণা কৰাৰ সময়তে আৱেগিকভাৱে গৰিমা শইকীয়া গার্গে শিৰত জিলিকি থকা সেন্দূৰকণৰ আঁৰৰ ৰহস্য অৱশেষত ভেদ কৰিলে৷

মৃত স্বামীৰ হাতখন অন্তিমবাৰলৈ শিৰত বুলাই চিৰজীৱন তেওঁৰ অৱস্থিতি সেন্দূৰখিনিৰ মাজেৰে প্রতিফলিত কৰাৰ প্রতিজ্ঞা ল’লে গৰিমাই৷ আৱেগিকভাৱে তেওঁ কয় যে তেওঁৰ হাতখন মই শিৰত লগাই কৈছোঁ যে যি দিলা তুমি এই জীৱনৰ কাৰণে সেইখিনি মই সদায় লগত ৰাখিম৷ মৃত্যুৰ আগমুহূর্তলৈকে সেইখিনি মোৰ শিৰত সজীৱ হৈ থাকিব৷

ইপিনে প্রিয় শিল্পীগৰাকীৰ মৃত্যুৰ ২২ দিন পাৰ হোৱাৰ পাছতো প্রকৃত সত্য এতিয়ালৈকে পোহৰলৈ নহাত পুনৰ প্রতিক্রিয়া প্রকাশ কৰিছে শিল্পীপত্নী গৰিমা শইকীয়া গার্গে৷ তেওঁ কয় যে সকলোৱে ধৈর্যসহকাৰে অপেক্ষা কৰি আছে৷ আমি পৰিয়ালৰ লোকেও এতিয়ালৈকে ধৈর্য ধৰি সকলোকে বিশ্বাসত লৈ আগবাঢ়িছোঁ৷ আজি ২২ দিন পাৰ হ’ল৷ কিন্তু সত্য এতিয়াও পোহৰলৈ অহা নাই৷

মই আকৌ এবাৰ কৈছোঁ– তেওঁ বেলেগ মানুহ নহয়, তেওঁ জুবিন গার্গ৷ আমি আমাৰ সম্পদক হেৰুৱাইছোঁ৷ ছিংগাপুৰৰ প্রবাসী অসমীয়াসকলক শীঘ্রেই অসমলৈ অহাৰ পুনৰ আহ্বান জনাই তেওঁ কয় যে তেওঁলোকে যিহেতু ঘটনাটোৰ সম্পূর্ণ সাক্ষী, গতিকে প্রথমে তেওঁলোকে আহি সকলোখিনি কথা ক’ব লাগিছিল৷

এতিয়াও মই তেওঁলোকক অনুৰোধ জনাইছোঁ যে শীঘ্রেই ইয়ালৈ আহক সকলোখিনি কথা কওক৷ অৱশ্যে ইয়াৰ মাজতো ছিংগাপুৰৰ প্রবাসী অসমীয়াকেইজনক সমালোচনা কৰি তেওঁ কয় যে মই নাজানো নূ্যনতম মানৱীয়তাখিনি আছে নে নাই৷ সকলো জনাৰ পাছতো এতিয়ালৈকে তেওঁলোক কিয় অহা নাই? আমাক আন একো নালাগে, কেৱল ১৯ ছেপ্টেম্বৰৰ দিনা জুবিনৰ সৈতে তাত কি ঘটিছিল সেয়া জানিব খুজিছোঁ৷ যদিহে কোনোবা প্রকৃততে অপৰাধী, তেন্তে আইনে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্রদান কৰিব লাগে৷ মই সেয়া চৰকাৰকো দাবী জনাইছোঁ৷

আনহাতে জুবিন গার্গৰ বিত্তীয় লেনদেনক লৈ বিভিন্নজনে কৰা প্রশ্ণৰ পাছত আজি গৰিমা শইকীয়া গার্গে পুনৰ কয় যে মই তেওঁৰ সকলো লেনদেন নাজানো৷ কিন্তু কিছু পইচা দেহৰক্ষী দুজনৰ হাতত তেওঁ থ’বলৈ দিয়ে৷ যিখিনি সামাজিক কাম কৰে, সেই পইচাখিনি তেওঁলোকৰ পৰা খৰচ কৰে বুলিহে মই জানো৷ বাকীখিনি লেনদেন তদন্তকাৰী বিষয়াই জানিব৷ লেনদেনৰ ডায়েৰী, বেংক ষ্টেটমেণ্ট আদি তদন্তকাৰী বিষয়াই সংগ্রহ কৰিছে বুলি মই শুনিবলৈ পাইছোঁ৷ গতিকে এই সন্দর্ভত আন একো তথ্য মই দিব নোৱাৰিম৷

নিয়মীয়া বাৰ্তা ডেস্ক, ১০ অক্টোবৰ

You might also like