নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ চিমনাবস্তিত ভয়ংকৰ ঘটনা, মাতৃ-পুত্ৰৰ কৰুণ মৃত্যু

চামগুৰিৰ ১নং চিমনাবস্তিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।

নিশা শুই থকা অৱস্থাত জীৱন্তে জুইত জাহ গ’ল মাতৃ আৰু ১২ বছৰীয়া পুত্ৰ।

একেলগে জ্বলি ছাৰখাৰ হৈ গ’ল মাতৃ-পুত্ৰৰ নিথৰ দেহ।

জুইত জাহ গৈ মৃত্যুক হোৱা মাতৃৰ নাম বীণা সিং আৰু পুত্ৰৰ নাম সাগৰ সিং।

ঘটনাস্থলীত চামগুৰিৰ শালনা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ঘটনাৰ প্ৰকৃত কাৰণ।

Niyomiya Barta Desk, 4 September

You might also like