চৰকাৰী ভূমি, সংৰক্ষিত বনাঞ্চলৰ লগতে জলাশয়সমূহ বেদখলমুক্ত কৰাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ অংশস্বৰূপে আজি নগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে জিলাখনৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত ৰৌমাৰী, মৈৰাধ্বজ, মাগুৰমাৰী বিলৰ বেদখলীকৃত ভূমি বেদখলমুক্ত কৰাৰ বাবে আজি পুৱা ৮ বজাৰ পৰা উচ্ছেদ অভিযান আৰম্ভ কৰে। আজিৰ এই উচ্ছেদ অভিযানত বৃহত্তৰ ৰৌমাৰী মৈৰাধ্বজ মাগুৰমাৰী বিলৰ চৰকাৰী ভূমি বেদখল কৰি অবৈধভাৱে খন্দা পুখুৰীসমূহৰ ভূমিখণ্ড বেদখলমুক্ত কৰা হয় ।
উক্ত বিলখনত বহু বছৰ ধৰি কিছুসংখ্যক লোকে পাৰ বান্ধি বৃহৎ বৃহৎ পুখুৰীৰ সৃষ্টি কৰি বেদখল কৰি মাছৰ ব্যৱসায় কৰি আছিল। যাৰ ফলত বিলখনৰ পাৰিপাৰ্শ্বিকতা বিপন্ন হোৱাৰ লগতে সমগ্র অঞ্চলটোত কৃত্ৰিম বানৰ সৃষ্টি হৈছিল আৰু স্থানীয় ৰাইজৰ কৃষিকৰ্মৰ বিস্তৰ ক্ষতি হৈছিল।
আজিৰ এই উচ্ছেদ অভিযানত পকলেন, এক্সকেভেটৰ লগাই পুখুৰীসমূহৰ পাৰৰ বান্ধসমূহ ভাঙি মাটি বেদখলমুক্ত কৰা হয়। এই উচ্ছেদ অভিযান সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে সমাপন হয় আৰু বিলখন সম্পূৰ্ণভাৱে বেদখলমুক্ত নোহোৱালৈকে এই উচ্ছেদ অভিযান চলি থাকিব। আজিৰ এই উচ্ছেদ অভিযানত জিলাখনৰ বহুসংখ্যক আৰক্ষীক নিয়োগ কৰা হৈছিল। তদুপৰি উচ্ছেদ অভিযানস্থলীত জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলকে প্ৰমুখ্য কৰি আৰক্ষী প্ৰশাসনৰ অন্যান্য বিষয়া আৰু ধিং ৰাজহ চক্ৰৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।
বিশেষ বাৰ্তা, নগাঁও, ২০ ডিচেম্বৰ :