নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাষ্টট্রেক আদালতত হ’ব জুবিনৰ মৃত্যুৰ বিচাৰ, মুখ্যমন্ত্রী ড০ শর্মাৰ ঘোষণা

বিশেষ বাৰ্তা, ১৭ অক্টোবৰ : প্রাণৰ শিল্পী জুবিন গার্গৰ মৃত্যুৰ তদন্তৰ বাবে ফাষ্টট্রেক আদালত গঠনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দিব প্রস্তাৱ৷ ৰাজ্যিক কেবিনেটত এই সন্দর্ভত গ্রহণ কৰা সিদ্ধান্তৰ কথা সদৰী কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

লোকসেৱা ভৱনত এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়– জুবিন গার্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা এছআইটিয়ে জানিবলৈ দিছে যে নৱেম্বৰ মাহৰ শেষভাগত অথবা ডিচেম্বৰৰ প্রথম ভাগত যিকোনো মুহূর্ততে তেওঁলোকে চার্জশ্বীট দাখিল কৰিব পাৰিব৷ অর্থাৎ যদিও নিয়ম অনুসৰি ৯০ দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰিব লাগে, তথাপি এছআইটিয়ে নৱেম্বৰ মাহৰ ভিতৰত তদন্ত সামৰি আদালতত অভিযোগনামা দিয়াৰ পথত আগবাঢ়িব৷

আনহাতে, কেবিনেটে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক এটা অনুৰোধ কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে৷ যাতে উচ্চ ন্যায়ালয়ে জুবিন গার্গৰ মৃত্যুৰ ন্যায় প্রদানৰ প্রক্রিয়া সোনকালে হয় তাৰ বাবে এখন ফাষ্টট্রেক আদালত গঠনত অনুৰোধ কৰিব৷ ন্যায় যিহেতুকে আদালতে কৰে আৰু আদালতত এই প্রক্রিয়া দীঘলীয়া হয়, গতিকে ৰাইজে  দীঘলীয়া সময় দিব বিচৰা নাই৷ সেই কাৰণে কেবিনেটত সিদ্ধান্ত গ্রহণ কৰা হৈছে যে মুখ্যমন্ত্রীয়ে মুখ্য ন্যায়াধীশৰ লগত যোগাযোগ কৰি যি মুহূর্ততেই অভিযোগনামা দাখিল কৰা হ’ব, সেই মুহূর্তত যাতে এখন ফাষ্টট্রেক আদালত গঠন হয়৷ এই আদালতত প্রতিদিনেই শুনানি হ’ব পাৰে আৰু খুব সোনকালে এই অভিযোগনামাখনৰ ওপৰত বিচাৰ প্রক্রিয়া চলিব পাৰে৷

ৰাজ্য চৰকাৰে কালি কেবিনেটত এই সিদ্ধান্ত গ্রহণ কৰে যে ৰাজ্যৰ মহাধিবক্তাৰ লগত আলোচনা কৰি এজন চৰকাৰী অধিবক্তা নিয়োগ কৰিব৷ যিজন অধিবক্তাই আন সকলো গোচৰৰ পৰিৱর্তে একমাত্র জুবিন গার্গৰ মৃত্যুৰ তদন্তৰ অভিযোগনামা দাখিলৰ পিছত চলিব লগা গোচৰটোৰ আৰম্ভণিৰ পৰা ৰায়দান নোহোৱালৈকে তেওঁ জড়িত হৈ থাকিব৷ সেয়েহে কেবিনেটে ন্যায় প্রক্রিয়াক আগুৱাই নিয়াৰ বাবে এজন বিশেষ চৰকাৰী অধিবক্তা নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত গ্রহণ কৰে৷ মহাধিবক্তাৰ লগত আলোচনা কৰি চৰকাৰী অধিবক্তাজনৰ নাম প্রকাশ কৰা হ’ব৷

উল্লেখ্য যে জুবিন গার্গৰ মৃত্যুৰ ন্যায়িক তদন্তৰ বাবে ন্যায়াধীশ সৌমিত্র শইকীয়াৰ নেতৃত্বত গঠন হোৱা আয়োগত অস্থায়ীভাৱে চাৰি অধিবক্তাক নিযুক্ত কৰা হৈছে৷ কেবিনেটে ফাষ্টট্রেক আদালত গঠনৰ বাবে লোৱা সিদ্ধান্তৰ সমান্তৰালকৈ ন্যায়িক আয়োগত এতিয়াৰে পৰা কাম–কাজত জড়িত হৈ থাকিব চাৰিজন অধিবক্তা৷ এই অধিবক্তাকেইজন হ’ল– পল্লৱ কাকতি, সমুদ্রগুপ্ত দত্ত, অর্ণৱ বিশ্বাস আৰু ভাস্কৰ শর্মা৷ কালি ৰাজ্য চৰকাৰৰ ৰাজনৈতিক বিভাগে এই সন্দর্ভত প্রয়োজনীয় নির্দেশনা জাৰি কৰে৷

You might also like