নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ ট্রিলিয়ন ডলাৰৰ অর্থনীতি গঢ়াৰ সংকল্প ভাৰতৰ

নিয়মীয়া বাৰ্তা, ২৩মাৰ্চ: এটা বছৰ পিছতেই ভাৰত হ’ব ৫ ট্রিলিয়ন ডলাৰৰ মার্কিন অর্থনীতি৷ ভাৰতে এই বছৰ জিডিপিৰ ১.৭ শতাংশ ব্যয় কৰিব পৰিবহণ আন্তঃগাঁথনি নির্মাণৰ নামত৷ আমেৰিকা আৰু ইউৰোপৰ দেশৰ তুলনাত পৰিবহণ আন্তঃগাঁথনিত ভাৰতে বিনিয়োগ কৰিবলগীয়া ধনৰ পৰিমাণ হ’ব প্রায় দুগুণ৷ ‘দ্য ইক’নমিষ্ট’ কাকতে ভাৰতৰ এই পৰিবহণ আন্তঃগাঁথনিৰ বিষয়টোক উন্নত অর্থনীতিৰ পৰিচয় বুলি অভিহিত কৰিছে৷ এই সাফল্যই দেশক ৫ ট্রিলিয়ন মার্কিন ডলাৰৰ অর্থনীতিৰ লক্ষ্যত আৰোহণ কৰাৰ ক্ষেত্রত এক শক্তিশালী ভেটি প্রস্তুত কৰি দিব বুলি বিশেষজ্ঞ মহলে ধাৰণা কৰিছে৷ বিশ্বৰ মন্দা অৱস্থাৰ মাজতে নিয়োগ সৃষ্টি আৰু আর্থিক কাম–কাজ বৃদ্ধিৰ বাবে চলিত বিত্তীয় বর্ষত আন্তঃগাঁথনিৰ মূলধনী ব্যয় ১২২ বিলিয়ন মার্কিন ডলাৰলৈ বৃদ্ধি কৰিব৷

You might also like