নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত কবীন্দ্ৰ পুৰকায়স্থক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

বিজেপিৰ পিতামহ কবীন্দ্ৰ পুৰক্য়স্থৰ কালি দেহৱসান ঘটে। শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিসাধীন অৱস্থাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৯৪ বছৰ বয়সত।

উল্লেখ্য অসত বিজেপি, বিশেষকৈ বৰাকত বিজেপিৰ উত্থানৰ হোতা কবীন্দ্ৰ পুৰকায়স্থ।

কালি দেহাৱসানৰ পিছত আজি তেওঁৰ নশ্বৰদেহ কাছাৰ জিলা বিজেপিৰ কাৰ্যালয়লৈ নি জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনাই তেওঁ শেষ বিদায় জনায়।

শিলচৰ শ্মশানঘাটত তেওঁক আজি ৰাজ্যিক সন্মানেৰে অন্তিম সংস্কাৰ কৰা হব। উল্লেখ্য যে পুৰকায়স্থই ১৯৯১ চনত শিলচৰ সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

উল্লেখ্য যে অসম তথা উত্তৰ–পূর্বাঞ্চলত বিজেপিৰ অন্যতম পুৰোধা, প্রবীণ ৰাজনীতিবিদ তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী কবীন্দ্র পুৰকায়স্থ।

উল্লেখ্য যে ১৯৩১ চনৰ ১৫ ডিচেম্বৰত বর্তমানৰ বাংলাদেশৰ চিলেট জিলাৰ কমাৰখালত জন্মগ্রহণ কৰা পুৰকায়স্থই শিলচৰৰ জিচি কলেজৰ পৰা আইএছচি আৰু বিএ পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হৈ গুৱাহাটী বিশ্ববিদ্যালয়ত নামভর্তি কৰে৷ তেওঁ ১৯৬৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বিটি আৰু ১৯৭৪ চনত স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল৷ ৰাজনীতি জগতত প্রৱেশৰ পূর্বে তেওঁ কর্মজীৱন আৰম্ভ কৰিছিল শিক্ষকতা বৃত্তিৰে৷

তেওঁ ১৯৫১ চনৰ পৰা ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ সৈতে জড়িত হৈ থাকি ১৯৮০ চনত বিজেপিত প্রতিষ্ঠাপক সদস্য হিচাপে যোগ দিয়ে৷ অটল বিহাৰী বাজপেয়ী মন্ত্রী পৰিষদৰ তেওঁ সদস্য আছিল৷ শিলচৰ লোকসভা সমষ্টিক ১৯৯১ চনৰ পৰা তেওঁ সংসদত প্রতিনিধিত্ব কৰিছিল৷ ১৯৯১, ১৯৯৮ আৰু ২০০৯ চনৰ সংসদীয় নির্বাচনত তেওঁ জয়ী হৈছিল৷ ১৯৯৮ চনত পুৰকায়স্থই অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰত ৰাজ্যিক মন্ত্রী হিচাপে অন্তর্ভুক্ত হয়৷

২০০৯ চনৰ নির্বাচনত তেওঁ কংগ্রেছৰ সন্তোষ মোহন দেৱ আৰু এআইইউডিএফৰ বদৰুদ্দিন আজমলক পৰাজিত কৰি লোকসভালৈ নির্বাচিত হৈছিল৷ কিন্তু ২০১৪ চনৰ লোকসভা নির্বাচনত তেওঁ কংগ্রেছ প্রার্থী তথা সন্তোষ মোহন দেৱৰ কন্যা সুস্মিতা দেৱৰ হাতত পৰাজয়বৰণ কৰে৷

২০১৫ চনৰ জুন মাহত তেওঁৰ পুত্র কনাড পুৰকায়স্থ ৰাজ্যসভাৰ সদস্য হিচাপে নির্বাচিত হয়৷ দীর্ঘদিনীয়া ৰাজনৈতিক তথা সামাজিক জীৱনৰ স্বীকৃতিস্বৰূপে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত পুৰকায়স্থক অসম বিশ্ববিদ্যালয়ে প্রদান কৰে সন্মানীয় ডক্টৰেট ডিগ্রী৷ পুৰকায়স্থৰ বিয়োগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো গভীৰ শোক প্রকাশ কৰিছে৷

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালেও পুৰকায়স্থৰ বিয়োগত শোক প্রকাশ কৰিছে৷ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়ায়ো গভীৰ শোক প্রকাশ কৰিছে৷ মন্ত্রী ৰঞ্জিত দাসেও পুৰকায়স্থৰ বিয়োগত শোক প্রকাশ কৰিছে৷ মন্ত্রী কৌশিক ৰয়, কৃষ্ণেন্দু পাল, বিধায়ক দ্বিপায়ন চক্রৱর্তী, সাংসদ পৰিমল শুক্লবৈদ্য, প্রাক্তন সাংসদ মিছন ৰঞ্জন দাস, বিজেপিৰ কাছাৰ–হাইলাকান্দি–শ্ জিলা সমিতিকে ধৰি বিভিন্ন দল–সংগঠন, ব্যক্তিবিশেষে পুৰকায়স্থৰ বিয়োগত শোক প্রকাশ কৰিছে৷

ডিজিটেল ডেস্ক, ৮ জানুৱাৰী

You might also like