বিলাসীপাৰাত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান সম্পন্ন
ৰাজ্যজুৰি চলি আছে উচ্ছেদ অভিযান। বেদখলী ভূমি মুকলি কৰাৰ বাবে চৰকাৰে সমগ্ৰ অসমতে চলাই আছে উচ্ছেদ অভিযান। যোৱা কেইবামাহো ধৰি চলি আছে এই অভিযান। চৰকাৰৰ শক্তিশালী স্থিতিয়ে খিলঞ্জীয়াৰ ভূমিত অচিনাকি মানুহে দখল কৰি ভোগ কৰা ভূমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। তাক লৈ বিভিন্ন ধৰণৰ বাকবিতণ্ডা চলি আছে যদিও সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে উচ্ছেদ অভিযান চলি আছে।
ইয়াৰ অংশ হিচাপে বিলাসীপাৰাৰ চৰুৱাবাখৰা, সন্তোষপুৰ আৰু চিৰাকুটাত সম্পন্ন হৈছে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান। উচ্ছেদৰ পিছতেই চিৰাকুটাৰ দুটাকৈ ইটা উদ্যোগৰ গৰাকীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। পৰ্যাপ্ত ক্ষতিপূৰণ লাভ নকৰাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ জনাইছে ইটা উদ্যোগৰ গৰাকীয়ে।
উল্লেখ্য যে উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ তাপবিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে বিলাসীপাৰাৰ চৰুৱাবাখৰা, সন্তোষপুৰ আৰু চিৰাকুটাত দুটা পৰ্যায়ত প্ৰশাসনে উচ্ছেদ অভিযান চলায় প্ৰায় ৫ হাজাৰ বিঘা ভূমিত। মঙলবাৰে পট্টাভুক্ত ভূমিত চলা দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানত প্ৰশাসনে ধ্বংস কৰে চিৰাকুটাৰ ভৱন আৰু ভাৰত ইটা উদ্যোগ। উচ্ছেদৰ পিছতেই শোকত ভাগি পৰে ভৱন আৰু ভাৰত ইটা উদ্যোগৰ গৰাকী।
উল্লেখ্য যে ২০২৫ বৰ্ষত চৰুৱাবাখৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উপস্থিতিত হৈ দুবাৰকৈ পৰ্যবেক্ষণ কৰিছিল প্ৰস্তাৱিত তাপবিদ্যুৎ প্ৰকল্পৰ ভূমি। মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ প্ৰশ্নোত্তৰত কৈছিল যে উচ্ছেদ হলে পট্টাভুক্ত ভূমিত থকা ইটা উদ্যোগ আদিয়ে লাভ কৰিব তিনি গুণকৈ ক্ষতিপূৰণ।
মুখ্যমন্ত্ৰীৰ উক্ত মন্তব্যক লৈ ইটা উদ্যোগৰ গৰাকীয়ে কয় যে আমাক তিনিগুণৰ পৰিৱৰ্তে আঢ়ৈগুণকৈহে ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হৈছে। ক্ষতিপূৰণৰ পৰিমাণ বৃদ্ধি কৰিবলৈ চৰকাৰক কাতৰ অনুৰোধ জনাইছে চিৰাকুটাৰ ভৱন আৰু ভাৰত ইটা উদ্যোগৰ গৰাকীয়ে।
উল্লেখ্য যে খিলঞ্জীয়াৰ ভূমিত অচিনাকি লোকৰ দখলৰ পৰা ভূমি উদ্ধাৰৰ এই ব্যৱস্থাক অসমবাসীয়ে আদৰণি জনাই আহিছে। তাৰ বাবে মুখ্যমন্ত্ৰীকো ধন্যবাদ জনাইছে জনসাধাৰণে।
ডিজিটেল ডেস্ক, ৮ জানুৱাৰী