নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আয়ৰ অদ্ভুত উৎসঃ বায়ু বৰ্জনৰ জৰিয়তে উপাৰ্জন লক্ষাধিক টকা….

নিয়মীয়া বাৰ্তা ১ এপ্ৰিলঃ  আজৱ বিশ্ব আজৱ মানুহ। সাধাৰণতে কৰ্ম কৰি মানুহে টকা উপাৰ্জন কৰে। কিন্তু এনে কিছুমান কাম কৰি টকা উপাৰ্জন কৰিছে এগৰাকী মহিলাই শুনিলে চকু কপালত উঠিব আপোনাৰ। মহিলাগৰাকীয়ে বায়ু বৰ্জন কৰি (farting ) বছৰেত লক্ষাধিক টকা উপাৰ্জন কৰি আহিছে।

একাংশ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম মতে, এই মহিলাগৰাকীৰ নাম এম্মা মাৰ্টিন। তেওঁ ১৯৯৯ চনৰ পৰা জৰিয়তে বায়ু বৰ্জনেনৰে অভিলেখ সৃষ্টি কৰিছে। বৰ্তমান মহিলাগৰাকীয়ে এই কাৰ্যৰ বাবে ৪.৯৯ ডলাৰ (৩৬৬ টকা) চাৰ্জ কৰে।

উল্লেখ্য যে ৪৮ বছৰীয়া মহিলাগৰাকীয়ে নিজৰ ডায়েটৰ প্ৰতি খুব নজৰ ৰাখে। তেওঁ জানিবলৈ দিয়ে যে তেওঁ অধিক পৰিমাণে চালাড খায়। এভোকেডো আৰু মেক্সিকান খানাও নিজৰ ডায়েটৰ তালিকাত ৰাখে। এম্মা আমেৰিকাৰ ছাউথ কেৰোলিনাৰ বাসিন্দা।

দুই সন্তানৰ মাতৃ এম্মা। ঘৰত কোনো নথকাৰ সুযোগ লৈ এম্মাই ভিডিঅ’সমূহ ৰেকৰ্ড কৰে। এম্মাই জানিবলৈ দিয়ে যে পৰিয়ালৰ সকলোৱে এই কথা গম পায়। ক’ৰোনাৰ সময়ত এই ভিডিঅ’সমূহে অভিলেখ সৃষ্টি কৰিছিল।

You might also like