নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড : দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰী : সোণাৰিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত জুইত জাহ যায় বাসগৃহ। সোণাৰিৰ বৰাহী আলিস্থিত মমতা দাসৰ বাসগৃহত সংঘটিত এই ঘটনাত দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হয়। কেইবালক্ষ টকাৰ সা-সামগ্ৰী জাহ যায় জুইত। অগ্নিকাণ্ডৰ পিছতেই চৰাইদেউৰ অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহনে জুই নিৰ্বাপণৰ চেষ্টা চলায় যদিও ঘৰটো সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

প্ৰেৰক আব্দুল জাব্বাৰ

You might also like