নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰাবাটত ৬০টা গৰুসহ ৪ সৰবৰাহকাৰীক আটক 

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰী : ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা ৷ উজনি  অসমৰ বিভিন্ন প্ৰান্তৰ পৰা 37 নং ৰাষ্ট্ৰীয় পথেৰে কেইবাখনো জিলা অতিক্ৰম কৰি চুবুৰীয়া ৰাজ্য মেঘালয়লৈ গো-মাফিয়াই  দৈনিক চলাই গৈছে  চোৰাং গৰুৰ অবৈধ বেহা ৷  তেনে সময়তে আজি পুৱতি নিশা মহানগৰীৰ সমীপৰ যোৰাবাটত দুখনকৈ অবৈধ গৰুভৰ্তি গাড়ী জব্দ কৰে যোৰাবাট আৰক্ষীয়ে ৷ গৰুভৰ্তি ট্ৰাক দুখনৰ পৰা উদ্ধাৰ কৰে ৬০টাকৈ গৰু ৷ লগতে গো-ধন সৰবৰাহৰ সৈতে জড়িতৰ অভিযোগত  ৪ সৰবৰাহকাৰীক  আটক কৰে যোৰাবাট আৰক্ষীয়ে ৷ উল্লেখ্য যে AS-02 DC-1861 আৰু AS-01 QC-2861 নম্বৰৰ ট্ৰাক দুখনেৰে বোকাখাতৰ পৰা বৰ্ণিহাটলৈ মুঠ ৬০টাকৈ গৰু সৰবৰাহ কৰিছিল৷  কিন্তু যোৰাবাট আৰক্ষীয়ে দুয়োখন বাহন জব্দ কৰাৰ লগতে ৪ সৰবৰাহকাৰী নগাঁৱৰ শ্বা ইছলাম, ইশক আলী, ৰবিজুল ইছলাম আৰু গোলাঘাটৰ খিৰাজুল ইছলামক আটক কৰে  ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
প্ৰেৰক ৰমেশ দাস
You might also like