গাৰোমাৰীত দুই কুখ্যাত ড্ৰাগছ পেডলাৰ আটক আৰক্ষীৰ
সৰবৰাহকাৰী দুজন ক্ৰমে বৰপেটা জিলাৰ আলোপতি মাজৰচৰ অঞ্চলৰ ছফিকুল আৰু আৱালুৰ ৰহমান
গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষীৰ বৃহৎ সফলতা, দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক মাটিয়া আৰক্ষীৰ। মাটিয়া থানাৰ অন্তৰ্গত গাৰোমাৰীত মংগল বাৰৰ সন্ধিয়া ড্ৰাগছ সৰবৰাহকাৰী দুজনক মাটিয়া আৰক্ষীয়ে খাপ পিটি ধৰিবলৈ সক্ষম হয়।
ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা ৪৫টা কন্টেনাৰ ভৰ্তি ড্ৰাগছ দুটা মোবাইল জব্দ কৰে আৰক্ষীয়ে। সৰবৰাহকাৰী দুজন ক্ৰমে বৰপেটা জিলাৰ আলোপতি মাজৰচৰ অঞ্চলৰ ছফিকুল আৰু আৱালুৰ ৰহমান।
জানিব পৰা মতে এক গোপন সূত্ৰৰ পম খেদি মাটিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপুমনি চৌধুৰীৰ নেতৃত্বত চলিছিল আৰক্ষীৰ এই অভিযান। সন্ধিয়া জিলাখনৰ শিমলীতোলাৰ পৰা মাটিয়া অভিমুখে বাইকেৰে গৈ থকা অৱস্থাত গাৰোমাৰীত আৰক্ষীয়ে আটক কৰে উক্ত ড্ৰাগছ সৰবৰাহকাৰী দুজনক।
দুধনৈ সমজিলা ছি ডি এচপি নুপুৰ ৰঞ্জন নেওগ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি বুজ লয়।উল্লেখ্য যে মাটিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপুমনি চৌধুৰীয়ে ড্ৰাগছ মদ জুৱা আদি অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি এখন ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ ভুমিকা পালন কৰি আহিছে দীৰ্ঘদিনৰে পৰা।
ইয়াৰ পূৰ্বেও নবাগত শিমলীতোলা অঞ্চলৰ পৰা কেবাজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। আৰক্ষী বিষয়া গৰাকীৰ এনে ড্ৰাগছ মদ জুৱা আদিৰ বিৰুদ্ধে লোৱা পদক্ষেপক ৰাইজে শলাগিছে।
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২৯ অক্টোবৰ